নিকাহ মুতাহ; ইণ্ডোনেছিয়াত পৰ্যটকৰ মাজত ব্যাপকভাৱে জনপ্ৰিয় হৈছে 'অস্থায়ী বিবাহ'

Story by  atv | Posted by  [email protected] • 16 h ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
আৱাজ দ্য ভইচ ব্যুৰ'

ইণ্ডোনেছিয়াৰ কেইবাগৰাকীও মহিলাই শেহতীয়াকৈ ‘প্লেজাৰ মেৰেজ’ৰ বাবে চুক্তিবদ্ধ হৈছে। এই পৰম্পৰা অনুসৰি, যুৱতীসকলে ধনৰ বিনিময়ত মূলতঃ মধ্যপ্ৰাচ্যৰ পুৰুষ পৰ্যটকৰ সৈতে বিয়াত বহে। ইছলামত ‘নিকাহ মুতাহ’ বুলিও জনাজাত এই প্ৰথা। ইয়াৰ বাবে অনলাইনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰব উইকলিৰ মতে ছিয়া মুছলমানসকলৰ মাজত নিকাহ মুতাহ ধৰ্মীয়ভাৱে বৈধ বুলি গণ্য কৰা হয় আৰু ই আধা ঘণ্টাৰ পৰা কেইবাবছৰলৈকে যিকোনো ঠাইতে চলিব পাৰে।
 
চুক্তিৰ ম্যাদ শেষ হ’লেই বিবাহৰ অন্ত পৰে। ইয়াৰ বাবে কোনো সাক্ষী, বিষয়া বা পৰিয়ালৰ প্ৰয়োজন নাথাকে। বিয়াৰ চুক্তিও আনুষ্ঠানিকভাৱে পঞ্জীয়ন কৰা হোৱা নাই। পশ্চিম ইণ্ডোনেছিয়াত বিশেষকৈ পুনকাকত এই প্ৰথা ক্ৰমান্বয়ে জনপ্ৰিয় হৈ পৰিছে। খবৰ অনুসৰি কিছুমান এজেন্সীয়ে পাহাৰীয়া ৰিজ’ৰ্ট কোটা বুংগাত এই অস্থায়ী বিবাহৰ আয়োজন কৰে।
 
অনুষ্ঠানৰ পিছত পৰ্যটকে মহিলাগৰাকীক কইনাৰ মূল্য আদায় দিয়ে। তাৰ পিছত মহিলাগৰাকীয়ে পৰ্যটকৰ আশাৰ ওপৰত নিৰ্ভৰ কৰি যৌন বা ঘৰুৱা সেৱা আগবঢ়ায়। লছ এঞ্জেলছ টাইমছৰ এক প্ৰতিবেদন অনুসৰি এই প্ৰথা এক লাভজনক উদ্যোগলৈ পৰিণত হৈছে, যিয়ে পৰ্যটন আৰু স্থানীয় অৰ্থনীতি দুয়োটাকে উন্নীত কৰিছে।
 
কিছুমান মহিলাই একাধিকবাৰ এই অভিজ্ঞতা লাভ কৰিছে। কাহায়া (Cahaya) নামৰ ইণ্ডোনেছিয়াৰ এগৰাকী মহিলাই প্ৰকাশ কৰিছে যে তেওঁ মধ্যপ্ৰাচ্যৰ পৰ্যটকৰ সৈতে ১৫ বাৰৰ ওপৰত বিবাহপাশত আবদ্ধ হৈছে। 
 
৫০ বছৰীয়া ছৌদি পুৰুষ এজনৰ সৈতে তেওঁৰ প্ৰথম বিবাহৰ ফলত কইনাৰ মূল্য হিচাপে তেওঁ ৮৫০ ডলাৰ (৭১,৪১২ টকা) উপাৰ্জন কৰিছিল যদিও এজেণ্ট আৰু বিষয়াসকলে তেওঁলোকৰ অংশ লোৱাৰ পিছত তেওঁৰ হাতত মাত্ৰ আধা পইচাহে বাকী আছিল। পাঁচ দিনৰ পাছত ছৌদি আৰৱৰ ব্যক্তিজন ঘৰলৈ উভতি যায় আৰু তেওঁলোকৰ "বিবাহ বিচ্ছেদ" হয়। কাহায়াই প্ৰকাশ কৰে যে প্ৰতিটো বিবাহৰ বাবে তেওঁ প্ৰায় ৩০০ৰ পৰা ৫০০ ডলাৰ উপাৰ্জন কৰে। এই ধনেৰে তেওঁ ঘৰ ভাড়া আদায় দিয়াৰ লগতে অসুস্থ ককাক-আইতাকক পোহপাল দিয়ে।
 
ইফালে, কমেও ২০ বাৰ অস্থায়ী বিবাহপাঁশত আৱদ্ধ হোৱা নিছা নামৰ আন এগৰাকী মহিলাই এই চক্ৰৰ পৰা হাত সাৰিবলৈ সক্ষম হয়। পিছলৈ তেওঁ ইণ্ডোনেছিয়াৰ এজন ইমিগ্ৰেচন বিষয়াৰ সৈতে বিয়া হয় আৰু দুয়োৰে দুজন পুত্ৰ সন্তান জন্ম হয়। নিছাই প্ৰতিজ্ঞা কৰিলে যে কেতিয়াও নিজৰ অতীতলৈ ঘূৰি নাযায়।
 
বাতৰি অনুসৰি এই সকলোবোৰ বিবাহ যৌন সম্পৰ্কৰ ভিত্তিত নহয়। কিছুমান পৰ্যটকে দাসী হিচাপে কাম কৰিবলৈ পত্নী বিচাৰে, যিটো কাহায়াৰ প্ৰথম বিবাহৰ ক্ষেত্ৰত হৈছিল। ইণ্ডোনেছিয়াত চুক্তিবদ্ধ বিবাহো বেশ্যাবৃত্তিৰ দৰেই অবৈধ। কিন্তু আইনী নিয়মসমূহৰ সঠিক বলবৎকৰণৰ অভাৱে এই প্ৰথাটোক প্ৰসাৰিত হোৱাত আৰু ইয়াক এক উদ্যোগলৈ পৰিণত হোৱাত সুবিধা কৰি দিছে।