কোনো ধৰ্মই বেয়া বা বিভাজনৰ শিক্ষা নিদিয়েঃ ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ অধ্যক্ষ চৰ্দাৰ ইকবাল সিং লালপুৰা

Story by  atv | Posted by  [email protected] • 5 d ago
ঈদ-ই-মিলাদ-উন-নবীৰ অনুষ্ঠানত  চৰ্দাৰ ইকবাল সিং লালপুৰা
ঈদ-ই-মিলাদ-উন-নবীৰ অনুষ্ঠানত চৰ্দাৰ ইকবাল সিং লালপুৰা
 
ৰায়েছ আলম / নতুন দিল্লী

হজৰত মহম্মদে যিধৰণে জীৱন যাপন কৰিছিল, আমিও সেই একে ধৰণে জীৱনটো যাপন কৰিব লাগিব। এক আদৰ্শ জীৱন-যাপনেৰে তেওঁ প্ৰমাণ কৰিছে যে দুখীয়া আৰু অসহায়ৰ সেৱাই প্ৰকৃত ধৰ্ম। কোনো ধৰ্মই বেয়া বা বিভাজনৰ শিক্ষা নিদিয়ে। আমাক বিভাজিত কৰাজন আমাৰ বন্ধু নহয়। এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ অধ্যক্ষ চৰ্দাৰ ইকবাল সিং লালপুৰাই।
 
ঈদ-ই-মিলাদ-উন-নবী উপলক্ষে দিল্লীৰ লোধী ৰোডৰ চি জি অ’ কমপ্লেক্সত ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ উদ্যোগত এক অনুষ্ঠানৰ আয়োজন কৰা হয়। ইয়াৰ সভাপতিত্ব কৰে ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ অধ্যক্ষ চৰ্দাৰ ইকবাল সিং লালপুৰাই। 
 
এই উপলক্ষে হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টান, ইহুদী, পাৰ্চী আৰু ৱাহাই সম্প্ৰদায়ৰ লোকসকল উপস্থিত থাকে। এই কাৰ্যসূচী আৰম্ভ কৰে ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ সদস্য চৈয়দ শ্বেহজাদীয়ে। এই উপলক্ষে তেওঁ কয় যে আমি সকলো ধৰ্মৰ মানুহক লগত লৈ আগবাঢ়ি যাব লাগিব। আজি সকলো ধৰ্মৰ লোকে ঈদ-ই-মিলাদ-উন-নবী উদযাপন কৰিবলৈ সমবেত হোৱাটো এক আনন্দকৰ মুহূৰ্ত। আমি একেলগে থাকিলেহে সমাজখন সঠিক দিশত আগবাঢ়ি যাব।
 
 
জৈন সম্প্ৰদায়ৰ ধন কুমাৰ গুণ্ডাইয়ে কয় যে ইছলামে আমাক অন্ধকাৰৰ পৰা পোহৰলৈ লৈ আহিছে। সকলো ধৰ্মই আমাক প্ৰেমৰ বাৰ্তা দিয়ে। সকলোৱে সত্য আৰু মানৱতাৰ পথ অনুসৰণ কৰিবলৈ শিকা উচিত।
 
ইফালে, শিখ সম্প্ৰদায়ৰ সুৰেন্দ্ৰ সিং লালীয়ে কয় যে হজৰত মহম্মদে আমাক শিকাইছিল যে বেয়াৰ উত্তৰো ভালৰ দ্বাৰা দিব লাগে। কাৰি আব্দুছ সমীদে কয় যে আজি সকলোৱে নিজৰ অধিকাৰ দাবী কৰিছে। আল্লাহে কৈছিল যে আপুনি অধিকাৰৰ দাবীদাৰ নহয়, অধিকাৰ প্ৰদানকাৰী হ’ব লাগে। ইয়াৰ দ্বাৰা সকলো সমস্যাৰ অন্ত পৰিব।
 
ইহুদী সম্প্ৰদায়ৰ ধৰ্মগুৰু ৰাব্বি মালেকাৰে কয় যে কোনো ধৰ্মই কাজিয়া বা মানুহক অপমান কৰাৰ শিক্ষা নিদিয়ে। আমি নবীৰ বাক্য অনুসৰণ কৰি সমাজখনক উন্নত কৰি তুলিব লাগে।
 
কাৰ্যসূচীৰ শেষত সকলোৱে একে কণ্ঠত কয় যে যিকোনো মূল্যৰ বিনিময়ত আমি দেশ আৰু বিশ্বৰ শান্তি-সম্প্ৰীতি পুনৰুদ্ধাৰ কৰিব লাগিব আৰু কেতিয়াও আমাৰ সমাজখন বিভাজিত হ'বলৈ দিব নোৱাৰি।