ছট পূজা উপলক্ষে ৭,০০০ বিশেষ ৰেলৰ ব্যৱস্থা আগবঢ়োৱা হৈছেঃ ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ

Story by  atv | Posted by  [email protected] • 19 d ago
ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ
ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ
 
নতুন দিল্লী

বিহাৰ আৰু উত্তৰ প্ৰদেশৰ বিভিন্ন গন্তব্যস্থানলৈ ছট পূজাৰ বাবে যোৱা যাত্ৰীসকলৰ প্ৰচণ্ড হুলস্থুলৰ সৈতে মোকাবিলা কৰাৰ বাবে শুকুৰবাৰে নতুন দিল্লী ৰে’লৱে ষ্টেচনত আকস্মিক পৰিদৰ্শন কৰে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে।
 
ভ্ৰমণৰ সময়ত তীৰ্থযাত্ৰীসকলে সন্মুখীন হোৱা প্ৰস্তুতিৰ মূল্যায়ন আৰু অন্যান্য সমস্যাৰ বুজ লোৱাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিষয়াসকলৰ সৈতে বৰ্তমানৰ পৰিস্থিতি বুজিবলৈ চেষ্টা কৰে, লগতে কেইবাজনো যাত্ৰীৰ সৈতেও কথা-বতৰা পাতে। নতুন দিল্লী ৰে’ল ষ্টেচনত অশ্বিনী বৈষ্ণৱে বিষয়াসকলৰ লগতে যাত্ৰীসকলৰ পৰাও প্ৰত্যক্ষ তথ্য বিচাৰিছিল।
 
আইএনএছৰ সৈতে হোৱা কথা-বতৰাত অশ্বিনী বৈষ্ণৱে কয় যে এইবাৰ অতি সংগঠিতভাৱে প্ৰস্তুতি চলোৱা হৈছে। মুঠ ৭,০৩৫খন বিশেষ ৰে’ল চলাচল কৰা হৈছে, যোৱা বছৰ ৪৫০০খন আছিল। ইয়াৰ উপৰিও ষ্টেচনৰ বাহিৰত টিকটৰ ব্যৱস্থা কৰা হৈছে যাতে শৃংখলাবদ্ধভাৱে মানুহ আহি ৰৈ থাকিব পাৰে। যাত্ৰীসকলে যাতে প্লেটফৰ্মত উপনীত হোৱাত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতিও লক্ষ্য ৰখা হৈছে।
 
প্ৰস্তুতিৰ বিষয়ে অধিক বিশদভাৱে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ব্যাখ্যা কৰে যে পৰিস্থিতিৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰাখিবলৈ বিভিন্ন স্থানত ৰে’ল সুৰক্ষা বাহিনী (আৰ পি এফ) মোতায়েন কৰা হৈছে। লগতে মন্ত্ৰীগৰাকীয়ে সকলোলৈ ছট পূজা আৰু দীপাৱলীৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।
দৰাচলতে ৭ হাজাৰৰো অধিক বিশেষ ৰে’ল চলি আছে। দীপাৱলীৰ সময়ত এই ৰে’লসমূহ ব্যৱহাৰ কৰি বহু লোকে ঘৰলৈ যাত্ৰা কৰিছিল, আৰু ছট পূজাৰ বাবে যাত্ৰা কৰি পূজাৰ পিছত উভতি অহাৰ পৰিকল্পনা কৰাসকলেও এই সেৱাসমূহৰ সুবিধা ল’ব পাৰে।
 
ইফালে, ছট পূজা উদযাপনৰ বাবে ঘৰলৈ যোৱা যাত্ৰীসকলৰ বাবে নিৰাপদ আৰু সুবিধাজনক যাত্ৰা নিশ্চিত কৰাৰ বাবে ভাৰতীয় ৰে’লৱেৰ শক্তিশালী পৰিকল্পনা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক বিষয়াসকলে অৱগত কৰে। দিল্লী, মুম্বাই, আহমেদাবাদ, চেন্নাই, আৰু বেংগালুৰুৰ পৰা বিহাৰ আৰু উত্তৰ প্ৰদেশৰ দৰে উচ্চ চাহিদাৰ গন্তব্যস্থানলৈ যোৱা গুৰুত্বপূৰ্ণ পথসমূহৰ যতন লোৱা হৈছে।
 
ৰে’লত অতিৰিক্ত ডবা সংযোজন কৰা হৈছে, আনহাতে ষ্টেচনসমূহত চিচিটিভি সংযুক্ত কৰাকে ধৰি নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰিছে। নতুন দিল্লী, আনন্দ বিহাৰ, আহমেদাবাদ, চুৰাট, আৰু বান্দ্ৰাৰ দৰে মূল ষ্টেচনসমূহে যাত্ৰীসকলৰ বাবে এক মসৃণ অভিজ্ঞতা নিশ্চিত কৰাৰ বাবে বিশেষ ব্যৱস্থা আৰম্ভ কৰিছে। উল্লেখ্য যে, অহা ৫ নৱেম্বৰৰ পৰা দেশৰ ভিন্ন প্ৰান্তত ছট পূজা আৰম্ভ হ'ব।