নতুন দিল্লী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অযোধ্যাত ৰামলাল্লাৰ অভিষেকৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষেআজি সকলো দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। আজিৰ এই পবিত্ৰ ক্ষণত প্ৰধানমন্ত্ৰী মোদীয়ে ইতিহাসপ্ৰসিদ্ধ এই মন্দিৰটোক “আমাৰ সংস্কৃতি আৰু আধ্যাত্মিকতাৰ মহান ঐতিহ্য” বুলি অভিহিত কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে, "অযোধ্যাত ৰাম লাল্লাৰ অভিষেকৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে সকলো দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। শতিকাজোৰা ত্যাগ, তপস্যা আৰু সংগ্ৰামৰ মাজেৰে নিৰ্মিত এই মন্দিৰটো আমাৰ সংস্কৃতি আৰু আধ্যাত্মিকতাৰ এক মহান ঐতিহ্য। মোৰ বিশ্বাস যে এই ঐশ্বৰিক আৰু ভব্য ৰাম মন্দিৰটোৱে উন্নত ভাৰতৰ সংকল্প সাধনৰ ক্ষেত্ৰত এক বৃহৎ প্ৰেৰণা হিচাপে পৰিগণিত হ'ব।"
अयोध्या में रामलला की प्राण-प्रतिष्ठा की प्रथम वर्षगांठ पर समस्त देशवासियों को बहुत-बहुत शुभकामनाएं। सदियों के त्याग, तपस्या और संघर्ष से बना यह मंदिर हमारी संस्कृति और अध्यात्म की महान धरोहर है। मुझे विश्वास है कि यह दिव्य-भव्य राम मंदिर विकसित भारत के संकल्प की सिद्धि में एक… pic.twitter.com/DfgQT1HorT
— Narendra Modi (@narendramodi) January 11, 2025
উল্লেখ্য যে, হিন্দু কেলেণ্ডাৰৰ তিথি অনুসৰি, আজিৰ পৰা আৰম্ভ হৈছে অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ এবছৰ পূৰ্তি উপলক্ষে তিনিদিনীয়া উদযাপন কাৰ্যসূচী আৰম্ভ হৈছে। যোৱা বছৰ এই পবিত্ৰ অনুষ্ঠানটো কুৰ্মা দ্বাদশীৰ দিনা হিন্দু পঞ্জিকাৰ পুহ মাহৰ শুক্ল পক্ষত পালন কৰা হৈছিল। এইবাৰ শুক্ল পক্ষ ১১ জানুৱাৰীত পৰে। শুক্ল যজুৰ্বেদৰ মন্ত্ৰ আৰু অগ্নিহোত্ৰৰে অযোধ্যাত শনিবাৰৰ দিনটো আৰম্ভ হয়। ইয়াৰ পিছতে ৬ লাখ শ্ৰী ৰাম মন্ত্ৰৰ জপ কৰাৰ লগতে ৰাম ৰক্ষা স্তোত্ৰ আৰু হনুমান চলিছা আবৃত্তি কৰা হয়।