জগন্নাথ ৰথ যাত্ৰা আৰম্ভ; প্ৰধানমন্ত্ৰী মোদী-ৰাষ্ট্ৰপতি মুৰ্মূৰ শুভেচ্ছা

Story by  atv | Posted by  [email protected] • 2 Months ago
জগন্নাথ ৰথ যাত্ৰাৰ এক দৃশ্য
জগন্নাথ ৰথ যাত্ৰাৰ এক দৃশ্য
 
নতুন দিল্লী/পুৰী

ভাৰতৰ অন্যতম শ্ৰদ্ধাৰ আৰু হেঁপাহৰ উৎসৱ হিচাপে পৰিগণিত হোৱা জগন্নাথ ৰথ যাত্ৰা দেওবাৰৰ পৰা ওড়িশাৰ পুৰী জিলাত আৰম্ভ হয়। এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। 
 
ৰথ যাত্ৰা উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়াত ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰি কয়, "পবিত্ৰ ৰথ যাত্ৰাৰ আৰম্ভণিতে আটাইলৈ শুভেচ্ছা থাকিল। আমি মহাপ্ৰভু জগন্নাথৰ ওচৰত প্ৰণাম জনাইছো আৰু তেওঁৰ আশীৰ্বাদ অহৰহ আমাৰ ওপৰত থাকিবলৈ প্ৰাৰ্থনা কৰিছো।'

ইফালে, লাখ লাভ ভক্তৰ সমাগত ঘটা এই আধ্যাত্মিক অনুষ্ঠানৰ সাক্ষী হয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। ৰাষ্ট্ৰপতি মুৰ্মূৰ উপস্থিতিৰ বাবে পুৰী চহৰত কটকটীয়া নিৰাপত্তা বেহু গঢ়ি তোলা হৈছে। আৰক্ষী অধীক্ষক পিনক মিশ্ৰই ভিৰ নিয়ন্ত্ৰণ, যান-বাহন ব্যৱস্থাপনা, উপকূলক্ষী, উপকূলীয় নিৰাপত্তা, আৰু ৰেলৱে নিৰাপত্তাৰ সৈতে সমন্বয়কে ধৰি বিস্তৃত নিৰাপত্তা ব্যৱস্থাৰ ৰূপৰেখা দাঙি ধৰে।

উল্লেখ্য যে, ৰথ মহোৎসৱ নামেৰেও পৰিচিত জগন্নাথ ৰথ যাত্ৰা পুৰীত অতি ধুমধামেৰে উদযাপন কৰা হয়। এই উৎসৱত জগন্নাথ মন্দিৰৰ পৰা গুণ্ডিচা মন্দিৰলৈ নৱ নিৰ্মিত কাঠৰ ৰথেৰে ভগৱান জগন্নাথ, তেওঁৰ ভাতৃ বলভদ্ৰ, আৰু তেওঁৰ ভগ্নী সুভদ্ৰক লৈ যোৱা হয়।
 
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে তেওঁৰ পত্নী সোণালৰ সৈতে আহমেদাবাদৰ জগন্নাথ মন্দিৰত ‘মংগলা আৰতি’ পৰিৱেশন কৰে৷ শ্বাহে সকলোৰে মংগলৰ বাবে প্ৰাৰ্থনা কৰে আৰু শুভ অনুষ্ঠানটোত অংশগ্ৰহণ কৰি আনন্দ আৰু শান্তি প্ৰকাশ কৰে।
 
অসমতো ব্যাপক উৎসাহ-উদ্দীপনা আৰু আধ্যাত্মিকতাৰে আজি পবিত্ৰ ৰথ যাত্ৰা উলিওৱা হয়। দুপৰীয়া ২ বজাৰ পৰা জগন্নাথ ৰথা যাত্ৰা আৰম্ভ হয়।