উচ্চ প্ৰযুক্তিসমৃদ্ধ ৰন্ধন সামগ্ৰীৰে দৈনিক এক লাখ ভক্তক খাদ্য যোগান ধৰিছে মানৱ ধৰ্ম শিবিৰে (প্ৰতিনিধিত্বমূলক ফটো)
আৱাজ দ্য ভইচ / প্ৰয়াগৰাজ (উত্তৰ প্ৰদেশ)
ভাৰতৰ সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্যৰ প্ৰতীক মহা কুম্ভমেলা বৰ্তমান প্ৰয়াগৰাজত চলি আছে। ভক্তৰ বিপুল জনসমাগম আৰু বিস্তৃত ধৰ্মীয় অনুষ্ঠানৰ মাজতে মানৱ ধৰ্ম শিবিৰে এক নতুন নিদৰ্শন দাঙি ধৰিছে। শিবিৰটোত উচ্চ প্ৰযুক্তিসমৃদ্ধ পাকঘৰ স্থাপন কৰা হৈছে, য’ত দৈনিক ১ লাখৰো অধিক ভক্তক খাদ্য যোগান ধৰা হৈছে।
এই মেগা ইভেণ্টত উন্নত মেচিন আৰু হাজাৰ হাজাৰ লোকৰ এটা দলে দিনে-নিশাই কাম কৰি ভক্তসকলক খাদ্য ৰান্ধি পৰিবেশন কৰি আছে। এই সন্দৰ্ভত মানৱ ধৰ্ম শিবিৰৰ এগৰাকী সদস্যই কয় যে মানৱ ধৰ্ম শিবিৰত প্ৰতিদিনে কমেও ১ লাখ ভক্তক খাদ্য যোগান ধৰা হৈছে। তেওঁ কয়, ‘আমাৰ খাদ্য প্ৰস্তুত কৰিবলৈ ৫০০ৰো অধিক লোক আছে। আনহাতে, ২-৩ হাজাৰতকৈ অধিক কৰ্মীয়ে খাদ্য আৰু অন্যান্য সেৱা আগবঢ়োৱাৰ বাবে কাম কৰি আছে। এই পাকঘৰৰ বাবে উন্নত প্ৰযুক্তি আৰু মেচিন ব্যৱহাৰ কৰা হৈছে। বিশেষ কথাটো হ'ল শিবিৰত স্থাপন কৰা মেচিনসমূহে খাদ্য প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়াটো ক্ষিপ্ৰ কৰাই নহয়, ইয়াক অত্যন্ত সংগঠিত আৰু কাৰ্যক্ষম কৰি তুলিছে।"
পাকঘৰৰ পৰিচালনাৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি শিবিৰৰ এজন সদস্যই কয়, “আমাৰ হাতত এটা মেচিন আছে যিয়ে এঘণ্টাত ২০০০ ৰুটি বনাব পাৰে। এই মেচিনে কেৱল ৰুটি বনোৱাই নহয়, পুৰীও প্ৰস্তুত কৰে। ইয়াৰ উপৰিও আমাৰ হাতত শাক-পাচলি কাটি চবজী বনাবলৈও মেচিন আছে। এই আধুনিক যন্ত্ৰবোৰ নাথাকিলে ইমান বৃহৎ পৰিসৰত ভক্তসকলক খাদ্য যোগান ধৰাটো সম্ভৱ নহ’লহেঁতেন।”
খাদ্যৰ সমান্তৰালকৈ দুহেজাৰ শৌচাগাৰ, তম্বু, পানী যোগান, আৰু অন্যান্য মৌলিক সা-সুবিধাও ভক্তসকলৰ বাবে শিবিৰত যোগান ধৰা হৈছে। ভক্তসকলৰ সুবিধাৰ্থে আৰু তেওঁলোকৰ আধ্যাত্মিক যাত্ৰা সৰল কৰাৰ বাবে এই ব্যৱস্থা কৰা হৈছে।
উল্লেখ্য যে, মহা কুম্ভমেলা ভাৰতৰ সনাতন ধৰ্মৰ সৰ্ববৃহৎ ধৰ্মীয় সমাৱেশ। প্ৰতি ১২ বছৰৰ মূৰে মূৰে মহা কুম্ভমেলা অনুষ্ঠিত হয়, আৰু এইবাৰ ২০২৫ চনৰ ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ প্ৰয়াগৰাজত এই সমাৱেশ অনুষ্ঠিত হৈছে। মহাকুম্ভৰ সময়ত পৰম্পৰাগতভাৱে তীৰ্থযাত্ৰীসকল গংগা, যমুনা আৰু সৰস্বতী নদীৰ সংগমস্থলত স্না কৰিবলৈ আহে। এই সংগম পবিত্ৰ বুলি গণ্য কৰা হয় আৰু ইয়াত স্নান কৰিলে সকলো পাপৰ পৰা মুক্ত হৈ মোক্ষ প্ৰাপ্তি হয় বুলি বিশ্বাস কৰা হয়।
কুম্ভমেলাত মানৱ ধৰ্ম শিবিৰত খাদ্য সামগ্ৰী বিতৰণৰ এক মুহূৰ্ত
মহাকুম্ভৰ প্ৰথম ১৪ দিনত ১১ কোটিৰো অধিক ভক্তই সংগমত স্নান কৰিছে। এইবাৰ প্ৰায় ৪৫ কোটি তীৰ্থযাত্ৰীয়ে এই মেলাত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে, যাৰ ফলত ই ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান হিচাপে পৰিগণিত হ’ব। কেৱল ধৰ্মীয় দিশৰ পৰাই নহয় সামাজিক আৰু সাংস্কৃতিক দৃষ্টিকোণৰ পৰাও মহা কুম্ভমেলাৰ অত্যন্ত গুৰুত্ব আছে।
এই অনুষ্ঠানটোৱে ভাৰতীয় পৰম্পৰা, একতা-সংহতি, সহনশীলতা আৰু সামূহিকতাবাদৰ এক আচৰিত নিদৰ্শন দাঙি ধৰিছে। প্ৰয়াগৰাজ মহাকুম্ভ ২০২৫ কেৱল ধৰ্মীয় অনুষ্ঠানে নহয়, ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্য, প্ৰযুক্তিগত বিকাশ আৰু সেৱাৰ মনোভাৱৰ এক অনন্য সংগম।
মানৱ ধৰ্ম শিৱিৰে স্থাপন কৰা হাই-টেক পাকঘৰটোৱে ভক্তসকলক খাদ্য যোগান ধৰাৰ প্ৰত্যাহ্বান হ্ৰাস কৰাই নহয়, আধুনিক প্ৰযুক্তিৰ সহায়ত ধৰ্মীয় অনুষ্ঠানসমূহক কেনেকৈ সফল কৰি তুলিব পাৰি, সেয়াও দেখুৱাইছে। এই মহাকুম্ভত ক্ৰমাৎ বৃদ্ধি পোৱা ভক্তৰ সংখ্যা আৰু তেওঁলোকৰ বিশ্বাসৰ এই উৎসৱে আগন্তুক সময়তো বিশ্ব পৰ্যায়ত ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাৰ পৰিচয় সুদৃঢ় কৰি ৰাখিব।