গুৱাহাটী
উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত ১৩ জানুৱাৰীৰ পৰা চলি থকা "মহাকুম্ভ ২০২৫" ৰ যমুনা মঞ্চত অসমৰ লোক সম্পদ পুতলা নাচ মঞ্চস্থ কৰা হয়। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ চেণ্টাৰ ফৰ কালচাৰেল এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ সহযোগিতা প্ৰথমবাৰৰ বাবে সংগীত নাটক অকাডেমীৰ পৰা ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ প্ৰাপ্ত বিনীতা দেৱীৰ পৰিচালনাত "ৰাৱণ বধ" পুতলা নাটখন মঞ্চস্থ কৰা হয়।
অসমৰ পৰা হেৰাই যোৱা লোককলা পুতলা নাচক ভাৰতৰ এক আধ্যাত্মিক আৰু সাংস্কৃতিক দিশৰ সৰ্ববৃহৎ মেলা তথা উৎসৱ "মহাকুম্ভ ২০২৫"ত গুৰুত্ব প্ৰদান কৰাটো অসমৰ বাবে সৌভাগ্যৰ বিষয়। নাটখনৰ ৰচনা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ফেল'স্বিপ প্ৰাপ্ত সীমান্ত শৰ্মাৰ। পুতলা নাটখন লাঠী পুতলা, ছাঁ পুতলা আৰু সূতা পুতলাৰ জৰিয়তে হিন্দী ভাষাত পৰিবেশিত কৰা হয়।
"ৰাৱণ বধ" নাটৰ ৰাম, সীতা, লক্ষণ, ৰাৱণ, সুৰ্পনাখা আৰু জতায়ুৰ পুতলা সঞ্চালনে দৰ্শকক অভিভূত কৰি তুলিছিল। হনুমানে লঙ্কাত জুই লগাই দিয়া কৌশলৰ দৃশ্যই যথেষ্ট আমোদ দিছিল। হনুমানে লঙ্কা জ্বলাই দিয়াত হনুমানৰ লগতে আধ্যাত্মিক গুৰু-ভক্তসকলে থিয় হৈ প্ৰণাম জনায় "জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম" বুলি একেলগে উচ্চস্বৰে সেৱা জনাই স্মৰণ কৰিছে।
ৰাৱণ আৰু জটায়ুৰ যুদ্ধই দৰ্শকক অভিভূত কৰি তুলিছিল। সীতাক ৰাৱণৰ পৰা উদ্ধাৰ কৰাৰ বাবে জটায়ুৰ যি প্ৰচেষ্টা তাক সুন্দৰ কৈ প্ৰতিফলিত কৰিছে নাটখনত। সুৰ্পনাখাই ৰাম আৰু সীতাক মোহিত কৰিবলৈ ৰাক্ষসীৰ পৰা সুন্দৰী নাৰী লৈ ৰূপান্তৰ হোৱা কৌশল দেখি দৰ্শকসকল অভিভূত হৈছিল।
"ৰাৱণ বধ" নাটখনত সংগীত পৰিচালনা অভিজিৎ বৰ্মণৰ। নাটখনত পুতলাসমূহ সঞ্চালন কৰিছিল বিনীতা দেৱী, প্ৰণৱ জ্যোতি ৰাভা, হাৰ্দিক শৰ্মা, পলক কৈৰী, ৰাকিবুল আহমেদ, কৰিস্মিতা তালুকদাৰ আৰু সীমান্ত শৰ্মাই। নাটখনৰ আলোকসজ্জা কৰিছে স্বপন দাসে। সাজ সজ্জা তৃষ্ণা ৰাজবংশী, দীপা মহন্ত, হিমাংশু দাস, কৃতাৰ্থ শৰ্মা, অনিতা দেৱীৰ। "ৰাৱণ বধ" নাটখনৰ চৰিত্ৰসমূহত কণ্ঠস্বৰ স্বপন দাস, বিনীতা দেৱী, প্ৰদ্যুৎ বিকাশ দাস, নিৰ্মালি দেৱী, দেৱপ্ৰতিম গোস্বামী, প্ৰাণজিৎ প্ৰতীম কলিতা আৰু দক্ষিণা নাথৰ।
বিনীতা দেৱীৰ পৰিচালিত নাটিসমূহৰ এটা বিশেষত্ব হ'ল সমাজ ব্যৱস্থাৰ লগত জড়িত আৰু তাৰ লগতে তেখেতে আধ্যাত্মিক নাটকসমূহো পৰিৱেশন কৰি আহিছে। "ৰাৱণ বধ" নাটখন অসমীয়া আৰু হিন্দী ভাষাত ভাৰত চৰকাৰৰ অধীনৰ সাংস্কৃতিক মঞ্চত বহু ৰাজ্যত পৰিৱেশন কৰি সমাদৰ লাভ কৰিছে।
"ৰাৱণ বধ" পুতলা নাটখনত পৰিবেশন কৰা পুতলাসমূহৰ সঞ্চালনত কোনো জড়তা দেখা পোৱা নাছিল। প্ৰতিটো দৃশ্য সুন্দৰভাৱে উপস্থাপন কৰিছিল শিল্পীসকলে। নাটখনে উপস্থিত থকা দেশ-বিদেশৰ আধ্যাত্মিক গুৰু-ভক্ত, শিল্পী আৰু বিশিষ্ট অতিথিসকলৰ পৰা যথেষ্ট সমাদৰ লাভ কৰে।