পুলিন ডেকা
ভাৰত ভূমি আধ্যাত্মিকতাৰ পীঠস্থান। পাঁচ হাজাৰ বছৰীয়া সভ্যতা-সংস্কৃতিক দেশখনৰ আধ্যাত্মিক শক্তিয়ে জীপাল কৰি আহিছে। পঞ্চদশ শতিকাত ভাৰতবৰ্ষত যি আধ্যাত্মিক জাগৰণৰ সূচনা হৈছিল সেয়া আছিল ভাৰতৰ ইতিহাসৰ গুৰুত্বপূৰ্ণ দিশ। যি কেইগৰাকী মহাপুৰুষে আধ্যাত্মিকতাৰ জোৱাৰ নমাই আনিছিল, সেইসকলৰ ভিতৰত গুৰু নানক আছিল অন্যতম।
মধ্যযুগত অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সনাতম সত্ত্বাক উজ্জীৱিত কৰিবলৈ সূচনা কৰা বিপ্লৱে সাংস্কৃতিক, আধ্যাত্মিক বৌদ্ধিক জগতখনত নৱ চিন্তাৰ উন্মেষ কৰে।
মহাপুৰুষগৰাকীৰ অৱদানৰ বাবে অসমীয়া জাতিৰ স্বকীয়তাই বিশেষ ৰূপত আত্মপ্রকাশ কৰে। কিন্তু এই দুয়োগৰাকী মহাপুৰুষৰ দৰ্শন, বৌদ্ধিক চেতনা, মানৱীয় কর্তব্য আদি ভিন্নমুখী ক্ষেত্রসমূহত এক ঐক্যসূত্র দেখিবলৈ পোৱা যায়। শিশু অৱস্থাৰ পৰা দুয়োগৰাকী মহাপুৰুষে স্বকীয়ভাৱে উদ্ভাষিত হৈ উঠিছিল। নিজৰ সৃষ্টিৰ মাজেৰে জ্ঞানোদীপ্ত পোহৰ বিলাই শিশু অৱস্থাতে বৌদ্ধিক পৰিচয় দাঙি ধৰা মহাপুৰুষ দুয়োগৰাকীৰ সকলোকে চমকিত কৰি তুলিছিল।
গুৰুদ্বাৰা শ্ৰী তেগ বাহাদুৰ চাহিব ধুবুৰীত
ক-ফলা শিকিয়েই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ' কৰতল কমল' নামৰ কবিতা লিখিছিল। ঠিক একেদৰে গুৰু নানকে বৰ্ণমালাৰ প্ৰতি বৰ্গ আদি আখৰেৰে কবিতা লিখি সকলোকে বিস্ময়াভূত কৰিছিল। সৰুৰে পৰাই দুয়োগৰাকী মহাপুৰুষে ধৰ্মৰ প্ৰতি আকৃষ্ট হৈছিল।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কিশোৰ কালতে টোলত শিক্ষা লাভেৰে মহান ভাৰতীয় আধ্যাত্মিক গ্ৰন্থৰ জ্ঞান আহৰণ কৰি সকলোকে চমৎকৃত কৰিছিল। গুৰু নানকে শিশু কালতে ধৰ্মৰ প্ৰতি আকৃষ্ট হৈছিল। মানৱ সমাজৰ কল্যাণ সাধনেই যে ধৰ্মৰ মূল তত্ত্ব, সেই কথা উপলব্ধি কৰি ধৰ্মৰ প্ৰকৃত তাৎপর্যৰ সন্ধান কৰে। সেইবাবেই যুৱ অৱস্থাতে স্বগৃহ ত্যাগ কৰি সত্যৰ অন্বেষণ কৰিছিল।
মহাপুৰুষগৰাকীয়ে ধৰ্মৰ সন্ধানত দেশ-বিদেশ ভ্ৰমিবলৈ আৰম্ভ কৰে। কিন্তু যি উদ্দেশ্যৰে গুৰু নানকে ভ্ৰমণ কৰিছিল, সেয়া যেন বিচাৰি নাপালে। অৱশেষত স্ব ভূমিত প্ৰকৃত সত্যৰ সন্ধান লাভ কৰে। দিব্য জ্ঞান লাভ কৰাৰ পিছত গুরু নানকে শিখ ধৰ্মৰ জৰিয়তে মানৱতাৰ যি পথ দেখুৱাই গ'ল, সেয়া আজি বিশ্ব মানৱৰ বাবে পৰম সম্পদ হিচাপে পৰিগণিত হৈছে।
গুৰনানকৰ মতে ঈশ্বৰ এজনে। তেওঁক কৰা ভক্তিৰ মাজেৰে ভগৱৎ প্রাপ্তি ঘটে। মানৱ প্রেম আৰু মানৱ সেৱা শিখ ধৰ্মৰ মূলমন্ত্র। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰ সাধন কৰি দেখুৱাই গৈছে যে শ্ৰীকৃষ্ণই পৰম শক্তি। এক কৃষ্ণকে ভক্তি কৰাৰ পথ তথা মাৰ্গ দৰ্শন দেখুৱাই গৈছে। গুৰুনানকে কৈছিল যে ঈশ্বৰৰ নাম-কীৰ্ত্তনে মৃত্যু ভয় আঁতৰ কৰে, মৃত্যুৱে আমাক তেতিয়া স্পৰ্শ কৰিব নোৱাৰে।
শংকৰদেৱেও কৈছিল যে পাপীয়ে হৰিনামৰ শৰণ ল'লে মুক্তি লাভ কৰিব পাৰে। গুৰু নানকে কৈছিল যে ঈশ্বৰৰ নাম-কীৰ্ত্তন কৰিয়েই মানুহে যি পূৰ্ণ অৰ্জন কৰিব পাৰে, তীৰ্থ, তপ, দান-দক্ষিণা কৰি মানুহে সিমানখিনি পূৰ্ণ অৰ্জন কৰিব নোৱাৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে একমাত্র হৰিনাম স্মৰণ কৰিয়ে মানুহে ভগৱানৰ হৃদয়ত স্থান লাভ কৰিব পাৰে তাক দেখুৱাই গৈছে। তেৰাই ধৰ্মক জীৱ প্ৰেমৰ যে উৎকৃষ্ট পথ তাক হৃদয়ঙ্গম কৰাবলৈ সক্ষম হৈছিল।
কেন্দ্ৰীয় গুৰুদ্বাৰাৰ সন্মুখত বৰকোলাৰ অসমীয়া শিখসকলৰ এটা গোট
মহাপুৰুষগৰাকীয়ে প্ৰতিটো জাতি-জনগোষ্ঠীক একতাৰ ডোলেৰে বান্ধি সমন্বয়ৰ পৰিবেশ নিৰ্মাণ কৰিছিল। গুৰু নানকে সর্ব ধৰ্মৰ সমন্বয় সাধনৰ আহ্বান জনাই গৈছে। গুৰু নানকে শিখ ধৰ্ম প্ৰতিষ্ঠা কৰি বিশ্বজনীন প্রভাৱশীল গুৰুলৈ ৰূপান্তৰিত হৈছিল। মধ্যযুগীয়া চিন্তাত বিশ্বজনীন কোনো শৈলী নাছিল যদিও গুৰু নানকৰ চিন্তা, সুজন আৰু দৰ্শনে দেশৰ সীমা পৰিক্রমী বিশ্বৰ প্ৰান্তে প্রান্তে প্ৰসাৰিত হৈছিল। শিখ ধর্মই জীৱনৰ পবিত্রতা মানি চলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ঠিক একেদৰে জীৱনৰ শৃংখলা, কৰ্ম শক্তি আৰু তৎপৰতা, দৃঢ়তা, শৌর্য-বীর্যৰ বাবে উৎকর্ষিত মনোভাবেৰে আগুৱাই যোৱাৰ পথ দেখুৱাই গৈছে।
প্রাকৃতিক ঘটনাৱলী, সামাজিক মিলন, ব্যক্তিগত ভক্তিভাৱৰ পৰা নিঃসৃত সত্ত্বাটো হৈছে ধৰ্ম। ব্যক্তি জীৱনৰ নিৰাপত্তা, সুখ-দুখৰ অভিব্যক্তিৰ সৈতে, বিশেষকৈ সামাজিক শৃংখলাবোধৰ এক পৰিবেশ নির্মাণৰ বাবে মানুহে আধ্যাত্মিক জীৱন শৈলীৰে নিজকে আগুৱাই নিব বিচাৰে। ধৰ্মৰ বিষয়টো সাধাৰণতে মানুহে নিজৰ জীৱন আৰু মৃত্যুৰ পিছত তেওঁলোকৰ ভাগ্যৰ বিষয়ে চূড়ান্ত চিন্তাৰ সৈতে মোকাবিলা কৰা ধাৰণাৰ লগতো সম্পর্কিত কৰিব বিচাৰে।
বহু পৰম্পৰাগত এই সম্পৰ্ক আৰু চিন্তাবোৰ দেৱতা বা আত্মাৰ সৈতে মানুহৰ সম্পৰ্ক বা মনোভাৱৰ ভিত্তিত প্ৰকাশ কৰা হয়। ধৰ্মৰ অধিক মানৱতাবাদী বা প্রকৃতিবাদী ৰূপত ইয়াক বহল মানৱ সম্প্রদায় বা প্রাকৃতিক জগতখনৰ সৈতে মানুহৰ সম্পৰ্ক বা মনোভাৱৰ ভিত্তিত প্রকাশ কৰা হয়। বহু ধৰ্মত আধ্যাত্মিক গ্রন্থসমূহক ধ্রুপদী মর্যাদা থকা বুলি গণ্য কৰা হয়।
মানুহক নৈতিকভাৱে আগুৱাই যোৱাৰ বাবে জ্ঞানৰ পৰিবেশ নির্মাণ কৰাৰো যুক্তি দিব বিচাৰে। ধর্ম বিশ্বাসী আৰু উপাসকসকলে প্রার্থনা, ধ্যান বা বিশেষ অনুষ্ঠানৰ দৰে ভক্তিমূলক বা চিন্তাশীল অনুশীলনত অংশ গ্ৰহণ কৰে। ধর্ম হৈছে এক সুগভীৰ বিশ্বাস। সেইবাবে ধৰ্ম কেতিয়াৰে পৰা উৎপত্তি হৈছে সেই বিষয়টো থিৰাং কৰাটো সম্ভৱ নহয় যদিও মানুহে সামাজিক জীৱন ধাৰাৰে আগুৱাই যোৱাৰ লগে লগে এই বিষয়টোৱে মুখ্য স্থান লাভ কৰাটো নিশ্চিতভাৱে ক'ব পৰা যায়।
অসমৰ ধনপুৰত গুৰুদ্বাৰা বৰছা চাহিব
সমাজখনত যেতিয়া বিশৃংখল পৰিৱেশৰ সূচনা হয়, নৈতিক মূল্যবোধৰ অৱক্ষয় হয়, হত্যা-হিংসা, স্বাৰ্থপৰতাৰ পৰিৱেশ নির্মাণ হয় আৰু মানৱীয় গুণৰাশিৰ পতন হয়, তেতিয়া একো একোগৰাকী মহাপুৰুষৰ আবির্ভাৱ হয়, যিয়ে সমাজখনত নতুন গতি প্ৰদান কৰে। যাক বহুল অৰ্থত ধৰ্মগুৰু হিচাপে আখ্যায়িত কৰা হয়। তেনে এগৰাকী ধৰ্ম প্ৰৱৰ্তক আছিল গুৰু নানক। গুৰু নানকৰ দৰ্শনসমূহে মানৱ জাতিক দিছে নতুন প্রতীতি, সমাজখনত আগুৱাই যোৱাৰ বাবে শক্তি।
শিখ ধৰ্মৰ সমাজ বাস্তৱতা অর্থাৎ মানৱ জীৱন পৰিচালিত কৰাৰ তত্ত্বসমুহে দিকদৰ্শীৰ ৰূপত মানুহক সদায়ে অনুপ্রাণিত কৰি আহিছে। গুৰু নানকে জীৱন শিক্ষা, সামাজিক শিক্ষা, নৈতিকতা, প্ৰমূল্যবোধৰ শিক্ষা প্ৰদান কৰি জ্ঞানৰে আলোকেৰে আগুৱাই যোৱাৰ বাবে পথ দেখুৱাই গৈছে। সেইবাবে একবিংশ শতিকাত ইয়াৰ প্ৰাসংগিকতা অধিক বৃদ্ধি পাইছে। গুৰু নানক এগৰাকী নৈতিক শিক্ষক আৰু সংস্কাৰক আছিল। ব্যৱহাৰিক উপযোগিতাহীন আধ্যাত্মিক দিশটোক কেতিয়াও সমৰ্থন কৰা নাছিল। নৈতিকভাৱে অসাৰ আৰু বৌদ্ধিকভাৱে অনিশ্চিত আধ্যাত্মিক প্ৰশ্নৰ আলোচনাৰ পৰিৱর্তে মানৱ জীৱনৰ বিষয়ৰ ওপৰত জ্ঞান দিবলৈ চেষ্টা কৰিছিল। গুৰু নানাকে প্রকৃত সত্যৰ সন্ধান কৰিবলৈ সক্ষম হৈছিল।
নানক জ্ঞানতত্ত্ব আছিল মানৱতাৰে পূৰ্ণ। মানুহক ভাল পাবলৈ শিকাটো তেওঁৰ কৰ্মৰাজীৰ মাজেৰে প্ৰকাশিত হৈছিল। আজিৰ পৃথিৱীত মানৱতাবাদৰ যি সংকট, সেই সংকট আঁতৰ কৰিবলৈ হ'লে গুৰু নানকে দি যোৱা আদৰ্শৰে আগুৱাই যাব লাগিব। হিংসা-দ্বেষপূর্ণ পৃথিৱীখনত শান্তিৰ প্ৰৱাহ বোঁৱাবলৈ হ'লেও তেওঁ দি যোৱা দৰ্শনেৰে পৰিচালিত হ'ব লাগিব।