মনচুৰুদ্দিন ফাৰিদি / নতুন দিল্লী
আপুনি হয়তো ৰমজানৰ ছেহেৰী খোৱাৰ বাবে মাজনিশা গভীৰ নিদ্ৰাৰ পৰা সাৰ পাবলৈ ব্যক্তিগত এলাৰ্ম বজোৱা মোবাইল তথা তেনে কোনো প্ৰযুক্তিগত সামগ্ৰীৰ ব্যৱহাৰ কৰে। কিন্তু এই প্ৰযুক্তিৰ যুগতো ছেহেৰীখানৰ পৰম্পৰাটো ভাৰতবৰ্ষৰ কিছু মুছলমান অধ্যুষিত অঞ্চল আৰু বহু ইছলামিক দেশত অব্যহত আছে। ছেহেৰীখানৰ পৰম্পৰা হৈছে মাজনিশা আল্লাৰ প্ৰশংসাত গীত গায় মানুহক টোপনিৰ পৰা জগোৱা কাৰ্য। মানুহে ইয়াক ইছলামিক পৰম্পৰা, সংস্কৃতি সংৰক্ষণ আৰু ইতিহাসৰ স্মৃতিৰ অংশ হিচাপে প্ৰত্যক্ষ কৰে আৰু ভাল পায়।
ৰমজানৰ লগতে ছেহেৰীখানৰ আগমন ঘটে। যাক মধ্যপ্ৰাচ্য আৰু আৰৱ অঞ্চলত মাছাহাৰাতী বুলি কোৱা হয়। ৰমজান মাহত ছেহেৰীখানসকলে মুছলমান লোকসকলক ৰোজা ৰাখিবলৈ ছেহেৰী কৰা আৰু পুৱতি নিশা নামাজ পঢ়াৰ বাবে জগোৱাৰ দৰে কঠিন কৰ্তব্য পালন কৰিবলৈ ৰাজপথলৈ ওলাই আহে। মাছাহাৰাতীৰ আক্ষৰিক অৰ্থ হৈছে পবিত্ৰ ৰমজান মাহত ৰোজা ৰখা লোকসকলক গভীৰ নিদ্ৰাৰ পৰা জগোৱা দৰ্বেজসকল। ভাৰত আৰু দক্ষিণ এছিয়া অঞ্চলত, তেওঁলোকক ছেহেৰীখান বুলি কোৱা হয়।
ইজিপ্তৰ কায়ৰোত এজন ঢোলবাদকে মুছলমাকলোকসকলক টোপনিৰ পৰা জগাইছে
ৰমজানৰ সময়ত ছেহেৰীখানসকলে ৰোজা পালন কৰা লোকসকলক শোৱাপাটী এৰি আহিবলৈ আৰু ছেহেৰী প্ৰস্তুত কৰিবলৈ তেওঁলোকৰ ঢোলৰ তালে তালে স্থানীয় গীত গায়। পুৱতি নিশাৰ এই পৰম্পৰা সলনি কৰিব বিচৰা মোবাইল এলাৰ্মৰ ব্যৱস্থা থকা স্বত্বেও বহু পুৰণি সময়ৰ লোকে এতিয়া ছেহেৰীখানৰ শোৱাপাটী এৰাৰ আহ্বানলৈ অপেক্ষা কৰে। অৱশ্যে, ছেহেৰীখান বা মাছাহাৰাতীৰ পৰম্পৰা প্ৰযুক্তিৰ বাবে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা নাই বুলি কোৱাটো সঠিক নহ'ব।
অৱশ্যে, মধ্য প্ৰাচ্য, তুৰস্ক আৰু ইজিপ্তৰ দৰে দেশত এই পৰম্পৰাক যথেষ্ট গুৰুত্ব দিয়া হয়। ৰমজান মাহৰ সময়ত মাজনিশা জগোৱা আহ্বানৰ বাবে বিশেষ ব্যৱস্থা কৰা হয়। ইছলামিক দেশত মাজনিশা ৰোজা ৰখা লোকসকলক জগোৱা পৰম্পৰা বহু শতাব্দী ধৰি চলি আহিছে। ২ শতিকাত ৰোজা পালন কৰাটো বাধ্যতামূলক হোৱাৰ পিছত মদিনাৰ লোকসকলে ৰাতিপুৱা হোৱাৰ পূৰ্বে মানুহক কেনেদৰে জগাব লাগে সেই বিষয়ে জানিবলৈ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল।
ঐতিহাসিকভাৱে জনা যায় যে, ফজৰৰ নামাজৰ আজানৰ বাবে মানৱ জাতিক টোপনিৰ পৰা জগোৱা প্ৰথমগৰাকী ব্যক্তি আছিল হজৰত বিলাল হাবাচী। বিলাল ইছলামৰ প্ৰথমগৰাকী মুয়াজ্জিন (মজছিদৰ আজান দিয়া ব্যক্তিগৰাকী) আছিল। তেওঁক ৰাতিপুৱা নামাজৰ বাবে মুছলমানসকলক জগোৱাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। ৰোজাৰ বাধ্যবাধকতাৰ পিছত ৰাতিপুৱা মদিনাৰ ৰাজপথত আধ্যাত্মিকতাৰ কণ্ঠৰে গীত গোৱা তেওঁ প্ৰথমগৰাকী ব্যক্তি আছিল।
তুৰ্কীৰ ৰাজপথত সংগীত আৰু পোহৰেৰে মাজনিশা মানুহক টোপনিৰ পৰা জগাইছে
ছেহেৰীৰ বাবে মানুহক জগাবলৈ হজৰত বিলাল হাবাচীয়ে চহৰ-নগৰত ঘূৰি ফুৰোতে হাতত জ্বলন্ত লাঠি অৰ্থাৎ বন্তি লৈ ফুৰিছিল। এই পদ্ধতিটো মদিনাত জনপ্ৰিয় হৈ পৰিছিল আৰু সময়ৰ লগে লগে আন বহু লোকেও এই পদ্ধতি গ্ৰহণ কৰিছিল। মদিনাৰ পিছত তেওঁলোকে আৰৱৰ আন চহৰবোৰটো মানুহক টোপনিৰ পৰা জগাইছিল। অধিক মানুহে এই পৰম্পৰা অনুসৰণ কৰিবলৈ আৰম্ভ কৰিছিল আৰু ই সমগ্ৰ ইছলামিক দেশত বিয়পি পৰিছিল। মক্কাত মাছাহাৰাতিক জামজামী বুলি কোৱা হয়। তেওঁলোকে এটা বন্তি হাতত তুলি চহৰখনৰ চাৰিওফালে ঘূৰি ফুৰিছিল। কিয়নো যদি কোনো ব্যক্তিয়ে তেওঁলোকৰ শব্দত সাৰ নাপায়, তেন্তে তেওঁলোকৰ বন্তিৰ পোহৰত সাৰ পাব।
মাছাহাৰাতিয়ে চুদান দেশৰ ৰাজপথত ঘূৰি ফুৰে। তেওঁৰ সৈতে এগৰাকী শিশুৱেও এই কামত সহযোগিতা আগবঢ়াই। শিশুগৰাকীৰ ওচৰত ৰাতিপুৱা নামাজৰ সময়ত মাতিব বিচৰা লোকসকলৰ এখন তালিকা থাকে। দুয়োগৰাকীয়ে প্ৰতিটো ঘৰৰ সন্মুখত থিয় হৈ তালিকাত থকা সকলৰ নাম মাতে; তাৰ পিছত তেওঁলোকে ৰাজপথৰ এটা কোণত থিয় হৈ ঢোলৰ তালে তালে আল্লাৰ প্ৰশংসাত গীত গায়। যদিও এই লোকসকলে নিয়মীয়া দৰমহা নাপায়, ৰামজান মাহৰ শেষত মানুহে তেওঁলোকক উপহাৰ প্ৰদান কৰে।
তুৰ্কীত ৰাতিপুৱা ঢোল বজাই ৰোজা পালন কৰা মুছলমানসকলক জগোৱাৰ পৰম্পৰা এতিয়াও অব্যহত আছে। ই তুৰ্কী সংস্কৃতিৰ অংশ হৈ পৰিছে। ৰামজান মাহৰ জোন দেখা পোৱাৰ লগে লগে ঢোল বজাই আনক জগোৱা স্বেচ্ছাসেৱকসকলে পৰম্পৰাগত পোছাক পিন্ধি মছজিদৰ চোতালত একত্ৰিত হয় আৰু পবিত্ৰ ৰমজান মাহৰ আগমন উদযাপন কৰিবলৈ ঢোল আৰু টেম্বুৰিন বজায়।
তুৰ্কীৰ ঢোলবাদক
ছেহেৰীত ঢোল বজোৱাৰ এই পৰম্পৰা অটোমান খিলাফত যুগত তুৰস্কলৈ আহিছিল। বৰ্তমানৰ আধুনিক তুৰ্কীত এই পৰম্পৰাবোৰক চৰকাৰী পৰ্যায়ত পৃষ্ঠপোষকতা কৰা হৈছে। ফলস্বৰূপে, প্ৰতি বছৰে ছেহেৰীৰ বাবে ঢোলবাদকৰ সংখ্যা বৃদ্ধি পাইছে। ৰমজানত আনক টোপনিৰ পৰা জগোৱা তুৰ্কী শিল্পীসকলে আনুষ্ঠানিক দৰমহা বা মজুৰি লাভ নকৰে। কিন্তু মানুহে পুৰস্কাৰ হিচাপে ধন দি সুখী হয় আৰু তেওঁলোকে ইয়াক 'ক্ষমা বিচৰা উপহাৰ' বুলি বিবেচনা কৰে। ৰমজান মাহৰ আৰম্ভণিতে, অটোমান যুগৰ পোছাক পৰিধান কৰা তুৰ্কী ঢোলবাদকসকলক ইস্তান্বুল চহৰৰ চাৰিওফালে ঘুৰি ফুৰা দেখা যায়। তুৰ্কীত ৰাতিপুৱা মুছলমানসকলক টোপনিৰ পৰা জগোৱাত ২,০০০ ৰো অধিক ঢোলবাদকৰ গোটে ভূমিকা পালন কৰে।
আপুনি জানি আচৰিত হ'ব যে, ইজিপ্তৰ এজন ৰজা আছিল, যিগৰাকীয়ে ৰাতিপুৱা তেওঁৰ প্ৰজাসকলক জগাবলৈ ৰাজপথলৈ ওলাই আহিছিল। এই শাসকজনক ইতিহাসত উতবাহ ইবনে ইছাক বুলি জনা যায়। উনবিংশ শতিকাত তেওঁ প্ৰথম ব্যক্তি আছিল যিগৰাকীয়ে কায়ৰোৰ ৰাজপথলৈ ওলাই আহিছিল আৰু লোকসকলক কাব্যিকভাৱে টোপনিৰ পৰা এনেদৰে জগাইছিল যে, "আপোনালোকৰ যিসকলে শুই আছে, উঠি আল্লাৰ উপাসনা কৰক।"
ভাৰত আৰু পাকিস্তানতো আল্লাৰ প্ৰশংসাৰ গান গাই ছেহেৰীৰ বাবে মানুহক টোপনিৰ পৰা জগোৱা লোক আছে। অৱশ্যে তেওঁলোকৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাইছে।