গণপতি বাপ্পাক 'মন্নত'লৈ আদৰণি জনাই আনন্দ-উল্লাসেৰে গণেশ চতুৰ্থী উদযাপন শ্বাহৰুখ খানৰ

Story by  atv | Posted by  [email protected] • 10 d ago
শ্বাহৰুখ খানৰ ঘৰত আনন্দ-উল্লাসেৰে গণেশ চতুৰ্থী উদযাপন
শ্বাহৰুখ খানৰ ঘৰত আনন্দ-উল্লাসেৰে গণেশ চতুৰ্থী উদযাপন
 
মুম্বাই

বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানে ভগৱান গণেশক নিজৰ ঘৰ 'মন্নত'লৈ আদৰণি জনাই আনন্দ-উল্লাসেৰে গণেশ চতুৰ্থী উদযাপন কৰে। অভিনেতাগৰাকীয়ে ছ’চিয়েল মিডিয়াত নিজৰ ঘৰত অনুষ্ঠিত গণেশ চতুৰ্থী উদযাপনৰ ছবি শ্বেয়াৰ কৰে আৰু অনুৰাগীসকললৈ শুভেচ্ছা জ্ঞাপন কৰে।
 
শনিবাৰে অভিনেতাগৰাকীয়ে ছ’চিয়েল মিডিয়াত এক হৃদয়স্পৰ্শী পোষ্ট শ্বেয়াৰ কৰে। পোষ্টটোৰ সৈতে তেওঁ এখন ছবি প্ৰকাশ কৰে, য'ত তেওঁৰ ঘৰত ধুনীয়াকৈ সজাই থোৱা গণপতি বাপ্পাৰ মূৰ্তি দেখিবলৈ পোৱা গৈছে। ছবিখনত তেওঁৰ পত্নী তথা উদ্যোগী গৌৰী খানৰ এটা অংশ ওলাই আছে। প্ৰতি বছৰে সম্পূৰ্ণ উৎসাহ-উদ্দীপনাৰে গণেশ চতুৰ্থী উৎসৱ উদযাপনৰ বাবে পৰিচিত অভিনেতাগৰাকীয়ে এক ইতিবাচক বাৰ্তাও শ্বেয়াৰ কৰিছে।
“গণেশ চতুৰ্থীৰ এই পবিত্ৰ ক্ষণ উপলক্ষে ভগৱান গণেশে আমাৰ সকলোকে আৰু আমাৰ পৰিয়ালক সু-স্বাস্থ্য, মৰম-ভালপোৱা আৰু আনন্দৰে পৰিপূৰ্ণ কৰি ৰাখক। পূজা উপলক্ষে স্বাভাৱিকতে বহুতো মোডক (সুস্বাদু মিঠাই)ৰো ব্যৱস্থা কৰা হৈছে।” ছবিখনৰ সৈতে শ্বাহৰুখ খানে এইদৰে লিখিছে। 
 
ইয়াৰ পূৰ্বে অনন্যা পাণ্ডেৰ পৰা আৰম্ভ কৰি কাৰ্তিক আৰয়নলৈকে বলীউদৰ কেইবাজনো চেলিব্ৰিটিয়ে নিজৰ ঘৰত গণেশ চতুৰ্থী উৎসৱ পালনৰ ছবি শ্বেয়াৰ কৰিছে।
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 

A post shared by Shah Rukh Khan (@iamsrk)

 

উল্লেখ্য যে, বৰ্তমান শ্বাহৰুখে তেওঁৰ একচন-ড্ৰামা Kingৰ বাবে প্ৰস্তুতি চলাই আছে। ইয়াত তেওঁ এজন গেংষ্টাৰৰ চৰিত্ৰত অভিনয় কৰিছে। শেহতীয়াকৈ এক সাক্ষাৎকাৰত শ্বাহৰুখে কয় যে সুজয় ঘোষৰ কিং এখন বৃহৎ আৰু আৱেগিক ছবি হ’বলৈ গৈ আছে।

ইয়াৰ উপৰিও তেওঁ চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰৰ সৈতে আন্তঃৰাষ্ট্ৰীয় ভাৰতীয় চলচ্চিত্ৰ একাডেমী বঁটা (আই আই এফ এ) ২০২৪তো উপস্থিত থাকিব। চলিত মাহৰ শেষৰ ফালে আবুধাবিত এই বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব। 
 
শ্বাহৰুখে ডিজনীৰ ফটোৰিয়েলিষ্টিক এনিমেটেড মিউজিকেল-ড্ৰামা দ্য লায়ন কিঙৰ হিন্দী সংস্কৰণৰ বাবেও ভইচ অভাৰ কৰিছে। অভিনেতাগৰাকীয়ে মুফাছাৰ ডাঙৰ সংস্কৰণৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে তেওঁৰ পুত্ৰ আৰিয়ান খান আৰু আব্ৰাম খানে ক্ৰমে চিম্বা আৰু কনিষ্ঠ মুফাছাৰ কণ্ঠদান কৰিছে। ছবিখন ২০ ডিচেম্বৰত মুক্তি পাব।