পুলিন ডেকা
ভাৰত আধ্যাত্মিকতাৰ পীঠস্থান। অতি পৌৰাণিক কালৰে পৰা ভাৰতীয় জীৱনশৈলী, সাংস্কৃতিক পৰম্পৰা, আধ্যাত্মিক চেতনা স্রোতেৰে বিকশি উঠিছে। সেইবাবে ভাৰতীয় সভ্যতাই বিশ্ব পৰিক্ৰমাত সদায়ে এক সুকীয়া স্থান লাভ কৰি আহিছে। জ্ঞান আৰু জিজ্ঞাসা, জীৱনৰ কলাত্মক স্বৰূপ মানৱীয় মূল্যবোধেৰে জাতিষ্কাৰ কৰি জনসাধাৰণৰ মনত এক গভীৰ ঐক্যতানৰ সূচনাৰে মহাবীৰ জৈনে জৈন ধর্মৰ মাজেদি যি দর্শন প্রকাশ কৰি গৈছে সেয়া মানৱ সভ্যতাৰ এক অমূল্য সম্পদলৈ পৰিগণিত হৈছে।
মহাবীৰ জৈন জৈন ধৰ্মৰ শেষৰজন তীর্থকৰ। আত্মজ্ঞানেৰে জীৱনৰ অৰ্থক বিচাৰি ৩০ বছৰ বয়সতে পৰম জ্ঞানৰ সন্ধানত সংসাৰৰ মায়া-মোহ ত্যাগ কৰি প্ৰায় চাৰে বাৰ বছৰ পৰম জ্ঞানৰ সন্ধানত কঠোৰ তপ আৰু ব্ৰহ্মাচার্য পালন কৰি যি পৰম সত্য উদ্ভাৱন কৰিছিল তাৰ জৰিয়তে আজিও মানুহে মানৱীয় গুণৰাশি বিকশাই তুলি জীৱনৰ পথত আগুৱাই যাবলৈ সাহস আৰু প্ৰেৰণা লাভ কৰে।
প্ৰতিনিধিত্বমূলক ছবি
মহাবীৰৰ জীৱন আছিল এক সাধনাৰ জীৱন। জ্ঞান- তপস্যাই এইগৰাকী মহাপুৰুষৰ সত্যৰ এক অবিচল যাত্রাৰে আগুৱাই যোৱাৰ বাবে যি আত্মিক প্ৰেৰণা দিছিল তাৰ আলমত আহৰিত জ্ঞানে মানুহক সদায়ে সত্যৰ সন্ধানত জীৱনৰ মহত্তম কলাক উদ্ভাসিত কৰাৰ দিশত অনুপ্রাণিত কৰে। এগৰাকী ৰাজ পৰিয়ালৰ সন্তান হৈয়ো ৰাজকীয় বৈভৱ পৰিহাৰ কৰি সমাজমুখী, মানৱমুখী তথা ভৱিষ্যদ্রষ্টাৰ এক অদ্ভুত শক্তিৰে মানৱ সমাজত যি জনজাগৰণৰ সূচনা কৰি গ'ল, তাৰ জৰিয়তে মানুহে আজিও পৰম সত্যৰ সন্ধানত আগুৱাই যোৱাৰ বাবে সাহস লাভ কৰে।
মহাবীৰৰ জীৱন দৰ্শনৰ মাজত মনন আৰু চেতনৰ সংযোগ সাধনৰ পথ দেখিবলৈ পোৱা যায়। মানৱ জীৱন অতি মূল্যৱান আৰু এই জীৱনে মানুহক মহত্ব আৰোপ কৰিব পৰাকৈ ক্ষমতা প্রদান কৰিছে। তেনে দিশত মহাবীৰৰ দৰ্শনৰ তাত্ত্বিক দিশো অনুধাৱন কৰিব পৰা যায়। মহাবীৰে যি পৰম সত্য আৰু জ্ঞান মাৰ্গৰ সন্ধান লাভ কৰিছিল, সেই জ্ঞান মার্গ মানৱ সভ্যতাৰ পাথেয় শক্তিলৈ ৰূপান্তৰিত হৈছিল। পৰম সত্য যে এই জীৱনজগততে বিৰাজমান, কেৱল সত্যৰ সন্ধানেই যে মানৱীয় জীৱন জাতিষ্কাৰ কৰি তুলিব পৰা যায় তেনে বহু দিশ এইগৰাকী মহাপুৰুষৰ জীৱন দৰ্শনৰ মাজত বিচাৰি পোৱা যায়।
প্ৰতিনিধিত্বমূলক ছবি
মহাবীৰৰ জীৱন দৰ্শনৰ দুটা গভীৰ স্বৰূপ হৈছে সত্যৰ অন্বেষণ আৰু সকলোৰে প্রতি অহিংসাৰ ভাৱ পোষণ কৰা। এইগৰাকী মহাপুৰুষে মায়া-মোহৰ দ্বাৰা জীৱনক এক আৱৰ্তৰ মাজতে সীমাৱদ্ধ কৰি নাৰাখি আত্মিক চেতনাৰে মনৰ সংশোধন আৰু মানৱতাৰ আর্হিৰে জীৱন যাপনৰ শিক্ষা প্রদান কৰিছিল। তেওঁ বহু নীতি বাস্তৱৰ প্ৰতিচ্ছবিৰে বিধৌত।
মহাপুৰুষগৰাকীয়ে তেওঁৰ শিষ্যসকলক যি শিকনি প্রদান কৰিছিল সেই শিকনিসমূহ তেওঁৰ প্রিয় শিষ্য গৌতম স্বামীয়ে সংৰক্ষিত কৰে আৰু ইয়াকে জৈৱ আগম বুলি অভিহিত কৰা হয়। পূর্বে এই বাণীসমূহে মানুহৰ মনত এনেদৰে ৰেখাপাত কৰিছিল যে সেইসমূহ জৈন সন্যাসীৰ মুখে মুখে প্রচলিত হৈ আছিল। পাৰস্পৰিক জৈন ধৰ্মৰ মতে মহাবীৰক দিগম্বৰ ৰূপত পূজা কৰা হয়।
মহাবীৰ জৈনৰ জন্মৰ সৈতে বহু আখ্যান জড়িত হৈ আছে। মহাবীৰ ইক্ষভাকু বংসত জন্মগ্রহণ কৰিছিল। তেওঁৰ পিতৃ কুণ্ডগ্রামৰ ৰজা সিদ্ধার্থ আৰু মাতৃ ত্রিশলা। গর্ভৱতী কালত ৰাণী ত্রিশলায়ে যি অলৌকিক সপোন দেখিছিল সেয়া আছিল কোনো মহান আত্মৰ জন্মত আগজাননী। জৈন ধৰ্মৰ দিগম্বৰ শাখাই সপোনৰ সংখ্যা ষোল্ল টা বুলি বিশ্বাস কৰাৰ বিপৰীতে শ্বেতাম্বৰ শাখাই ১৫ সপোনৰ সংখ্যা ব্যক্ত কৰিছে। মহাবীৰৰ জন্মৰ পিছত দেৱৰাজ ইন্দ্ৰই তেওঁৰ অভিষেক কৰিছিল বুলি প্রবাদ আছে।
প্ৰতিনিধিত্বমূলক ছবি
জৈন ধৰ্মৰ আধ্যাত্মিক স্বৰূপ বিৱর্তিত হৈছে ২৪ জন তীর্থংকৰৰ আদৰ্শ আৰু নীতিৰ মাধ্যমেৰে। জৈন ধর্ম বিশ্বাসে এক চিৰন্তন ধৰ্মৰ চেতনাকে প্রতিফলিত কৰি মানৱ সমাজক পথ প্রদর্শন কৰি আহিছে। অহিংসা, বহুত্ববাদ, অনাশক্তি, ইন্দ্রিয় সংযম এই পাঁচটি প্রধান দিশে এই ধৰ্মৰ অন্তর্নিহিত শক্তিকে প্রতীয়মান কৰে। জৈন সংস্কৃতিক এই নীতিসমূহে ব্যাপক ৰূপত প্রভাৱিত কৰি আহিছে। প্রাচুর্যপূর্ণ আৰু চিৰপৰিৱৰ্তনশীল আত্মাৰ যি অস্তিত্ব সেয়া এক সত্য।
চৈতন্য, পৰম সুখ আৰু স্পন্দনশীল শক্তিৰ বিশ্বাসৰ আধাৰত বিকশি উঠা দর্শনত মানৱ সমাজৰ তথা ব্যক্তিসত্ত্বাৰ স্বচিন্তিত শক্তিৰ উন্মেষ কৰিবলৈ অনুপ্রাণিত কৰে। জৈন ধৰ্মৰ গ্ৰন্থসমূহত কোৱা হৈছে যে আত্মা পাৰ্থিৱ শৰীৰৰ দ্বাৰা আবৃত্ত হৈ অস্তিত্বমান হৈ থাকে আৰু একেদৰে আত্মাও সম্পূর্ণভাৱে শৰীৰক পৰিপূৰ্ণ কৰি ৰাখে। জৈন ধর্মই কৰ্মক বিশ্বাস কৰে। কৰ্মক বিধানৰ বিশ্বজনীন কাৰণ আৰু কাৰ্য বুলিও বিবেচনা কৰে। এই ধৰ্মত কর্মক এক সুক্ষ্ম পদার্থ হিচাপে গণ্য কৰে যিয়ে আত্মাক আত্মাৰ সৈতে সংযুক্ত হৈ সুখ আৰু দুখক প্রভাৱিত কৰে।
প্ৰতিনিধিত্বমূলক ছবি
কৰ্মক আত্মাৰ সহজাত প্রকৃতি হিচাপেও বিবেচনা কৰে। জৈন ধর্মই এই কথা বিশ্বাস কৰে যে অক্ষম আত্মাই কেতিয়াও মোক্ষ লাভ কৰিব নোৱাৰে। ইচ্ছাকৃত অথবা অশুভ কৰ্মৰ পিছত আত্মা অক্ষম অৱস্থালৈ গতি কৰে। জৈন ধর্মই আত্মা শুদ্ধ আৰু অশুদ্ধ এই দৃষ্টিভংগীৰে বিশ্লেষণ কৰিবলৈ প্ৰেৰণা যোগায়। এটি মোক্ষপ্রাপ্ত আত্মা সংসাৰৰ উদ্ধলৈ গতি কৰে আৰু তেৱে সিদ্ধশীল হৈ চিৰকাল তাত বাস কৰে।
জৈন ধর্মই এই আত্মাৰ পৰিশুদ্ধিকৰণ আৰু মোক্ষ লাভ কৰা যে সম্ভৱ সেই পথ দেখুৱাইছে। সঠিক দৃষ্টিকোণ অর্থাৎ জীৱ বা আত্মাৰ সত্য, বিশ্বাস আৰু তাক গ্রহণ কৰা সঠিক জ্ঞান প্রাপ্তি, সঠিক আচৰণ আদি কাৰকে মোক্ষ লাভত সহায়ক হৈ উঠে। মহাবীৰ জৈনৰ মানৱমুখী চেতনাই চিৰকাল মানুহক সৎ পথৰ সন্ধান দি যাব।
(লেখক এজন তথ্য আৰু জনসম্পৰ্ক, অসম, বিভাগৰ উপ সঞ্চালক তথা মুখ্যমন্ত্ৰীৰ জনসম্পৰক্ষী কোষৰ সৈতে সংসংলগ্ন।)