হজৰত নিজামুদ্দিন আউলিয়াৰ ৭২১ সংখ্যক বাৰ্ষিক উৰ্ছ আৰম্ভ; প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা জ্ঞাপন

Story by  atv | Posted by  [email protected] • 2 d ago
হজৰত নিজামুদ্দিন আউলিয়াৰ ৭২১ সংখ্যক বাৰ্ষিক উৰ্ছ আৰম্ভ
হজৰত নিজামুদ্দিন আউলিয়াৰ ৭২১ সংখ্যক বাৰ্ষিক উৰ্ছ আৰম্ভ
 
মহম্মদ আক্ৰাম / নতুন দিল্লী

হজৰত নিজামুদ্দিন আউলিয়াৰ ৭২১ সংখ্যক বাৰ্ষিক উৰ্ছ উদযাপন উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশজুৰি বিয়পি থকা তেওঁৰ অনুগামী আৰু ভক্তসকললৈ শুভেচ্ছা প্ৰেৰণ কৰে। এই গুৰুত্বপূৰ্ণ উপলক্ষে প্ৰেৰণ কৰা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে হজৰত নিজামুদ্দিন আউলিয়াৰ শিক্ষা আৰু জীৱনক আজিৰ সময়তো অত্যন্ত প্ৰাসংগিক বুলি অভিহিত কৰে।
 
প্ৰধানমন্ত্ৰীয়ে কয়, ‘হজৰত নিজামুদ্দিনৰ অনুগামীসকলক উৰ্ছ মুবাৰক জনাইছো। এয়া হৈছে তেওঁৰ জীৱন আৰু আদৰ্শৰ বিষয়ে চিন্তা কৰাৰ এক সোণালী সুযোগ। তেওঁৰ জীৱন আজিও প্ৰেৰণাৰ উৎস হৈয়েই আছে আৰু তেওঁৰ শিক্ষাই যুগ যুগ ধৰি সমাজক সঠিক দিশ দি আহিছে।"
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ বাৰ্তাত চুফী সন্তসকলে এৰি থৈ যোৱা উত্তৰাধিকাৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। হজৰত নিজামুদ্দিন আউলিয়াৰ অৱদানৰ প্ৰশংসা কৰি তেওঁ কয় যে তেওঁৰ শিক্ষাই সমাজত ঐক্য, শান্তি আৰু ভাতৃত্ববোধৰ প্ৰসাৰ ঘটায়। "গভীৰ আধ্যাত্মিক জ্ঞান আৰু প্ৰজ্ঞাৰে সমৃদ্ধ চুফী সন্তসকলৰ শিক্ষাই বিভিন্ন ধৰ্ম আৰু মতাদৰ্শৰ লোকৰ মাজত সেতু নিৰ্মাণৰ কাম কৰিছে।"-প্ৰধানমন্ত্ৰীয়ে কয়। 
 
বাৰ্ষিক উৰ্ছ উপলক্ষে দৰগাহত উখল-মাখল পৰিৱেশ
 
তেওঁৰ শিক্ষা আৰু তেওঁৰ কৰ্মই আমাক মানৱীয় মূল্যবোধক ৰক্ষা কৰিবলৈ আৰু সমন্বয়ৰ পথত আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰি থাকিব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে হজৰত নিজামুদ্দিন আউলিয়াই গোটেই জীৱন সামাজিক আৰু সাংস্কৃতিক সীমা অতিক্ৰম কৰি মানৱতাৰ সেৱা আগবঢ়াইছিল আৰু তেওঁৰ মহান কৰ্মই প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।
 
তেওঁৰ জীৱনৰ প্ৰতিটো দিশ যেনে, সংগীতে হওক, সাহিত্যই হওক বা দৰ্শনে হওক, আজিও নৱপ্ৰজন্মৰ বাবে পথ প্ৰদৰ্শক হৈয়েই আছে। চুফী সাধু হজৰত নিজামুদ্দিন আউলিয়াৰ জীৱনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজিৰ সময়তো তেওঁৰ শিক্ষা অত্যন্ত প্ৰাসংগিক। তেওঁ কয়, "তেওঁৰ জীৱন সমৰ্পণ আৰু সেৱাৰ প্ৰতীক। হজৰত নিজামুদ্দিন আউলিয়াই সকলো সীমা আৰু পাৰ্থক্য অতিক্ৰম কৰি মানৱতাক প্ৰেম, ঐক্য, শান্তিৰ পাঠ শিকাইছিল।"
 
তেওঁ জীয়াই থকা জীৱন আৰু তেওঁ আগবঢ়োৱা মূল্যবোধে ভৱিষ্যত প্ৰজন্মক এখন সৰ্বাংগীন আৰু ঐক্যবদ্ধ সমাজ গঢ়াৰ বাবে অনুপ্ৰাণিত কৰি থাকিব। হজৰত নিজামুদ্দিন আউলিয়াৰ জীৱন আৰু বাৰ্তাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ শিক্ষা কেৱল তেওঁৰ অনুগামীসকলৰ বাবেই গুৰুত্বপূৰ্ণ নহয়, সমগ্ৰ সমাজৰ বাবেও প্ৰেৰণাৰ উৎস।
 
তেওঁ কয়, ‘হজৰত নিজামুদ্দিন আউলিয়াই নিজৰ সময়ত ধৰ্মীয় সম্প্ৰীতি, প্ৰেম আৰু মমতাৰ নীতি মানি চলিছিল আৰু সেইবাবেই তেওঁৰ শিক্ষা আজিও আমাৰ সমাজত প্ৰাসংগিক হৈ আছে। তেওঁৰ জীৱনৰ এই মূল্যবোধসমূহে আমাক এখন সৰ্বাংগীন সমাজ আৰু জাতি গঢ়ি তোলাৰ দিশত অনুপ্ৰাণিত কৰি থাকিব।"
 
চুফী সন্তসকলৰ মৃত্যু বাৰ্ষিকীত উৰ্ছৰ আয়োজন কৰা হয়। এয়া তেওঁৰ অনুগামীসকলে তেওঁৰ শিক্ষাৰ ওপৰত চিন্তা-চৰ্চা কৰাৰ লগতে তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱাৰ এক সুযোগ। "উৰ্ছ" এটা আৰবী শব্দ যাৰ অৰ্থ "বিবাহ"। চুফী সম্প্ৰদায়ত চুফী সন্তসকলৰ মৃত্যুৱে তেওঁলোকৰ ঈশ্বৰৰ সৈতে মিলনৰ প্ৰতীক বুলি বিশ্বাস কৰা হয়। এই কাৰণেই উৰ্ছ উৎসৱৰ দৰে পালন কৰা হয়।
 
হজৰত নিজামুদ্দিন আউলিয়াৰ উৰ্ছ অনুষ্ঠানৰ সময়ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ অনুগামী আৰু ভক্তই তেওঁৰ দৰগাহত উপস্থিত হয়। এই উপলক্ষে ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰা হয়, য'ত হামদ, নাট আৰু কাৱালী উপস্থাপন কৰা হয়। এই উৰ্ছ প্ৰতি বছৰে হজৰত নিজামুদ্দিনৰ দৰগাহত অতি আড়ম্বৰেৰে পালন কৰা হয়, য’ত বিভিন্ন সম্প্ৰদায়ৰ লোকে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানটোক ধৰ্মীয় সম্প্ৰীতি আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।
 
উল্লেখ্য যে, হজৰত নিজামুদ্দিন আউলিয়াৰ জন্ম হৈছিল ১২৩৮ চনত উত্তৰ প্ৰদেশৰ বদৌনত। ধৰ্মীয় সম্প্ৰীতি, প্ৰেম আৰু মানৱতাৰ সেৱাৰ বাবে তেওঁ জীৱন উৎসৰ্গিত কৰিছিল। চিষ্টি সম্প্ৰদায়ৰ বিশিষ্ট চুফী সন্তগৰাকীয়ে দিল্লীত বসতি স্থাপন কৰি চিষ্টী পন্থাৰ প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
 
হজৰত নিজামুদ্দিন আউলিয়াই সদায় প্ৰচাৰ কৰিছিল যে সকলো ধৰ্ম আৰু সম্প্ৰদায়ৰ লোকে মৰম আৰু পাৰস্পৰিক সন্মানেৰে জীৱন যাপন কৰিব লাগে। সমাজত প্ৰচলিত ধৰ্মীয় আৰু সাংস্কৃতিক বৈষম্যৰ অন্ত পেলাবলৈ তেওঁ ৰাইজক প্ৰেম আৰু ঐক্যৰ বাৰ্তা প্ৰদান কৰে। তেওঁৰ আটাইতকৈ বিখ্যাত শিষ্য আছিল আমিৰ খুছৰো, যিয়ে সংগীত, কবিতা আৰু সাহিত্যৰ ক্ষেত্ৰত অমূল্য অৱদান আগবঢ়াইছিল। 
 
আমিৰ খুছৰোৰ উপৰিও হজৰত নাছিৰুদ্দিন মাহমুদ চিৰাগ দেহলৱীকে ধৰি আন বহু লোকো তেওঁৰ অনুগামী হৈ পৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ বাৰ্তাত বিশেষভাৱে হজৰত নিজামুদ্দিন আউলিয়াৰ জীৱন আৰু অৱদানৰ প্ৰশংসা কৰে। তেওঁ কয় যে নিজামুদ্দিন আউলিয়াৰ জীৱন আৰু শিক্ষাই সমাজত গভীৰ প্ৰভাৱ পেলাইছিল আৰু সমাজক ঐক্য আৰু ভাতৃত্ববোধৰ পথ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল।
 
উৰ্ছত দোৱা কৰাৰ সময়ত ইছলাম ধৰ্মাৱলম্বী লোক
 
প্ৰধানমন্ত্ৰীয়ে কয়, "হজৰত নিজামুদ্দিন আউলিয়াই মানৱতাৰ সেৱাত নিজৰ জীৱন উৎসৰ্গা কৰিছিল। নিজৰ ৰচনাৰ জৰিয়তে তেওঁ বিভিন্ন ধৰ্ম, জাতি আৰু সম্প্ৰদায়ৰ মাজত ঐক্য আৰু সদিচ্ছাৰ বাৰ্তা বিয়পাইছিল। তেওঁৰ শিক্ষাই এতিয়াও সমাজখনক একত্ৰিত কৰি যুৱক-যুৱতীসকলক অনুপ্ৰাণিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে।"
 
হজৰত নিজামুদ্দিন আউলিয়াৰ জীৱন আৰু শিক্ষা আজিও সমাজৰ বাবে অত্যন্ত প্ৰাসংগিক। তেওঁৰ শিক্ষাই সেই সময়ত ধৰ্মীয় আৰু সামাজিক বৈষম্য দূৰ কৰাত সহায় কৰাই নহয়, আজিও তেওঁৰ চিন্তা আৰু নীতিয়ে সমাজত শান্তি, সম্প্ৰীতি আৰু প্ৰেমৰ বাৰ্তা প্ৰদান কৰে।
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ জীৱনৰ এই দিশটোৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি কয় যে তেওঁৰ শিক্ষাই ভৱিষ্যতেও সমাজখনক এক উন্নত দিশ প্ৰদান কৰি যাব। এইদৰে হজৰত নিজামুদ্দিন আউলিয়াৰ ৭২১সংখ্যক উৰ্ছ কেৱল তেওঁৰ অনুগামীসকলৰ বাবেই নহয়, সমাজৰ প্ৰতিজন ব্যক্তিৰ বাবেও তেওঁৰ জীৱন আৰু বাৰ্তাৰ ওপৰত চিন্তা-চৰ্চা কৰাৰ এক গুৰুত্বপূৰ্ণ অনুষ্ঠান।


শেহতীয়া খবৰ