অনিকা মহেশ্বৰী/ নতুন দিল্লী
যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশ চৰকাৰে মহাকুম্ভৰ নিৰাপত্তা, ইয়াৰ সুচাৰুৰূপে কাম-কাজ সুনিশ্চিত কৰাৰ লগতে তীৰ্থযাত্ৰী গণনাৰ পৰা আৰম্ভ কৰি লেনদেন আৰু অন্যান্য তথ্য প্ৰদানৰ বাবে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰিছে। সেইবাবেই ইয়াক ‘ডিজিটেল কুম্ভ’ বুলিও কোৱা হৈছে। কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু AI সক্ষম কেমেৰাৰ উপৰিও ইয়াত এপ, উন্নত ড্ৰোন আৰু চাইবাৰ ছিকিউৰিটিও সন্নিবিষ্ট কৰা হৈছে।
মহাকুম্ভৰ কলাগ্ৰামত ভক্তই থ্ৰীডিত ‘সমুদ্ৰ মন্থন’ৰ পৌৰাণিক কাহিনী, ডিজিটেল প্ৰদৰ্শনী আৰু শিল্পীৰ লাইভ প্ৰদৰ্শন উপভোগ কৰিব পাৰিছে। মহাকুম্ভত প্ৰথমবাৰৰ বাবে ড্ৰ’ন শ্ব’ৰ আয়োজন কৰা হৈছে। ইয়াত ২০০০ ড্ৰ’নে নিশাৰ আকাশত ‘প্ৰয়াগ মহাত্ম্য’ আৰু ‘সমুদ্ৰ মন্থন’ৰ দৰে পৌৰাণিক কাহিনী প্ৰদৰ্শন কৰি ভক্তক আচৰিত কৰি তুলিছে।
ডিজিটেল কুম্ভত স্থাপন কৰা ভগৱান নীলকণ্ঠৰ প্ৰতিমূৰ্তিৰ সৈতে ভক্তসকলে চেলফি তুলিবলৈ পাহৰা নাই। পৰ্যটন বিভাগে স্থাপন কৰা ডিজিটেল কুম্ভৰ পৰিচালক সোৰণ টোমাৰে কয় যে এতিয়ালৈকে ৯০ হাজাৰৰো অধিক ভক্তই ডিজিটেল কুম্ভ উপভোগ কৰিছে। ভাৰ্চুৱেল ৰিয়েলিটি (ভি আৰ) ষ্টলসমূহে তীৰ্থযাত্ৰীসকলক পেশ্বৱাই শোভাযাত্ৰা, গংগা আৰতি আৰু শুভ স্নান দিৱসৰ দৰে বৃহৎ অনুষ্ঠানসমূহ ডিজিটেল ফৰ্মেটত অনুভৱ কৰাৰ সুযোগ প্ৰদান কৰিছে।
কেৱল এয়াই নহয়, সংগমত প্ৰদূষণ ৰোধৰ বাবে গংগাৰ পাৰত পানীৰ গুণাগুণ নিৰীক্ষণ ব্যৱস্থা স্থাপন কৰা হৈছে, যাতে তীৰ্থযাত্ৰীসকলে বিশুদ্ধ পানীত গা ধুব পাৰে। একে সময়তে ভক্তসকলে AI ৰ জৰিয়তে নাৰায়ণৰ সৈতে কথা পাতি তেওঁলোকৰ মংগলৰ বিষয়ে জানিব পাৰে। ভক্তসকলে কয় যে এইটো এটা ডিজিটেল কুম্ভ হোৱাৰ উপৰিও এয়া সনাতনৰ কুম্ভ।
নিশাৰ ভাগত কুম্ভমেলাৰ দৃশ্য
চাইবাৰ সুৰক্ষাৰ বাবে মেলা অঞ্চলত হেল্প ডেস্ক আৰু আৰক্ষী চকী স্থাপন কৰা হৈছে। তদুপৰি, চাইবাৰ জালিয়াতিৰ বিষয়ে ভক্তসকলক সতৰ্ক কৰি দিয়াৰ বাবে বিভিন্ন স্থানত প্ৰদৰ্শনী স্থাপন কৰা হৈছে। ইয়াৰ উপৰিও এআই, ফেচবুক, এক্স, গুগল আদিও ব্যাপকভাৱে ব্যৱহাৰ কৰা হৈছে।
কুম্ভ মেলা মোবাইল এপঃ
তীৰ্থযাত্ৰীসকলক সকলো তথ্য সঠিকভাৱে অৱগত কৰাৰ লগতে এক নিৰৱচ্ছিন্ন অভিজ্ঞতা নিশ্চিত কৰিবলৈ কুম্ভ মেলা মোবাইল এপ উপলব্ধ হৈছে, যিয়ে নেভিগেচনত সহায় কৰাৰ লগতে জৰুৰীকালীন যোগাযোগ আৰু অনুষ্ঠানৰ লাইভ আপডেট প্ৰদান কৰিছে। ‘হেৰুৱা আৰু পোৱা’ শিতানৰ উপৰিও ইয়াত থকাৰ ব্যৱস্থা বুকিং বা চিকিৎসা সাহায্যৰ দৰে সেৱাও উপলব্ধ। বিষয়াসকলে অনুমান কৰিছে যে ১৫ লাখতকৈ অধিক লোকে ইয়াক ব্যৱহাৰ কৰিব। এই এপটো হিন্দী, ইংৰাজী আৰু বাংলা আদি বহুভাষিক বিকল্পৰ সৈতে স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় উভয় তীৰ্থযাত্ৰীৰ বাবে সহায়ক হ’ব।
কুম্ভমেলা মোবাইল এপ
উল্লেখ্য যে, বিশ্বৰ সৰ্ববৃহৎ ধৰ্মীয় আৰু মানৱীয় অনুষ্ঠান মহা কুম্ভমেলাৰ দৃশ্য কেৱল পৃথিৱীৰ পৰাই নহয়, মহাকাশৰ পৰাও বন্দী কৰা হৈছে। দেওবাৰে নিশা মহাকাশৰ পৰা মহাকুম্ভৰ অতুলনীয় ছবি বন্দী কৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰই। এই ছবিবোৰত মহাকুম্ভ মেলাৰ এক আচৰিত দৃশ্য দেখা গৈছিল।
ভক্তৰ অভিজ্ঞতা বৃদ্ধিৰ বাবে AI-চালিত চেটবটঃ
মহা কুম্ভত যদি কোনোবাই হেৰাই যায় বা বাট নাজানে বা যিকোনো অখড়া, ঘাট বা মঠ-মন্দিৰলৈ যাব বিচাৰে, তেন্তে তেওঁ চেটবটৰ পৰা সহায় বিচাৰিব পাৰে। ভাৰত আৰু বহিঃৰাজ্যৰ পৰা মহা কুম্ভলৈ অহা তীৰ্থযাত্ৰীসকলৰ বাবে ইয়াক বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। ইয়াৰ প্ৰাৰম্ভিক সফলতা বিবেচনা কৰিলে প্ৰায় ১২ কোটি লোকে ইয়াত যোগদান কৰিব বুলি অনুমান কৰা হৈছে। এই চেটবটে ১১টা ভাষাত ৰাইজক খাদ্য, পথ, পাৰ্কিং, ৱাশ্বৰুম, চেঞ্জিং ৰুম আৰু মেলা এলেকাত থকা লকাৰকে ধৰি সকলো ধৰণৰ তথ্য প্ৰদান কৰি আছে।
তীৰ্থযাত্ৰীৰ গণনা কিদৰে কৰা হৈছেঃ
এআই কেমেৰা ব্যৱহাৰ কৰি কুম্ভলৈ অহা তীৰ্থযাত্ৰীৰ গণনা কৰা হৈছে। ইয়াৰ বাবে এটা সুকীয়া দল গঠন কৰা হৈছে, যাৰ নাম দিয়া হৈছে ‘ক্ৰাউড এচেছমেণ্ট টিম’। এই দলটোৱে ৰিয়েল টাইম ভিত্তিত মহা কুম্ভলৈ অহা ভক্তসকলৰ সংখ্যা গণনা কৰি আছে। আচলতে এ আই কেমেৰাই মানুহৰ মুখখন স্কেন কৰি তাত উপস্থিত থকা ভিৰৰ ওপৰত ভিত্তি কৰি প্ৰতিজন ব্যক্তিক গণনা কৰি কিমান ঘণ্টাত কিমান লাখ মানুহ আহিছে, তাৰ হিচাপে ৰাখিছে। মেলা এলেকাত ১৮০০টা উচ্চমানৰ কেমেৰা স্থাপন কৰা হৈছে।
পবিত্ৰ গংগা নদীত স্নানৰ বাবে ভক্তৰ ভিৰ
ইয়াৰ ভিতৰত মহানগৰীৰ ভিতৰত ২৬৮টা স্থানত স্থাপন কৰা ১১০৭টা স্থায়ী কেমেৰাৰ বিপৰীতে মেলা অঞ্চলৰ ২০০টা স্থানত ৭৪৪টা অস্থায়ী এআই কেমেৰা স্থাপন কৰা হৈছে যিবোৰে ৩৬০ ডিগ্ৰীত চাব পাৰে। ইয়াৰ উপৰিও ১০০ৰো অধিক পাৰ্কিং স্থানত ৭২০টা কেমেৰাও স্থাপন কৰা হৈছে। ইয়াৰ উপৰিও ড্ৰ’ন কেমেৰাৰ সহায়ত তীৰ্থযাত্ৰীৰ গণনাও কৰা হৈছে। এই ড্ৰ’ন কেমেৰাবোৰে এটা নিৰ্দিষ্ট অঞ্চলত ভিৰৰ ঘনত্বৰ মূল্যায়ন কৰি মানুহৰ উপস্থিতিৰ সঠিক অনুমান কৰে। একেদৰে পাৰ্কিং, ঘাট আৰু সংগম বেংকলৈ যোৱা পথত মেলা এলেকাত ৩২৮টা এআই কেমেৰা স্থাপন কৰা হৈছে, যিয়ে জনসমাগম নিয়ন্ত্ৰণত সহায় কৰিছে।
এই এআই কেমেৰাবোৰে প্ৰতি মিটাৰত মানুহৰ মূৰ গণনা কৰে আৰু নিয়ন্ত্ৰণ কক্ষক অহৰহ সতৰ্ক কৰি দিয়ে। সেয়ে কোনো ঠাইত সামৰ্থ্যৰ বাহিৰত জনসমাগম হোৱাৰ লগে লগে নিৰাপত্তাৰক্ষীয়ে ভিৰ নিয়ন্ত্ৰণ কৰে। ইন্টিগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰ (আই চি চি) আৰু কণ্ট্ৰল ৰুমৰ উপৰিও অৰাইল আৰু ঝুছিত কেমেৰাৰ জৰিয়তে মানুহক নিৰীক্ষণ কৰিবলৈ নিৰীক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছে।
প্ৰথমবাৰৰ বাবে মেলা চৌহদত এণ্টি ড্ৰ’ন ব্যৱস্থাঃ
প্ৰথমবাৰৰ বাবে মেলা চৌহদত চাৰিটা উচ্চ প্ৰযুক্তিৰ এণ্টি ড্ৰ’ন ব্যৱস্থা স্থাপন কৰা হৈছে, যিবোৰে অবাঞ্চিত ড্ৰ’নক গুলীয়াই নিষ্ক্ৰিয় কৰিবলৈ সক্ষম। কেৱল এয়াই নহয়, ড্ৰ’নে পানীৰ তলতো তীৰ্থযাত্ৰীসকলক নিৰীক্ষণ কৰিব। এই অত্যাধুনিক পানীৰ তলৰ ড্ৰ’নে ১০০ মিটাৰ পৰ্যন্ত ডুব যাব পাৰে। এই ড্ৰ’নসমূহ সীমাহীন দূৰত্বলৈকে চলাব পাৰি। এইবোৰে পানীৰ তলত যিকোনো সন্দেহজনক কাৰ্যকলাপৰ সঠিক তথ্য লাভ কৰিব।
নিয়ন্ত্ৰণ কক্ষৰ পৰা আৰক্ষীয়ে কুম্ভমেলাৰ পৰিৱেশ পৰ্যবেক্ষণ কৰিছে
ইয়াৰ উপৰিও মেলা এলেকাৰ আকাশী নিৰাপত্তাৰ বাবেও টেদাৰ্ড ড্ৰোন (Tethered drones) মোতায়েন কৰা হৈছে। ইয়াক বিশেষজ্ঞ দলে নিয়ন্ত্ৰণ কৰিব আৰু এক ছেকেণ্ডৰ ভিতৰতে তেওঁলোক এলাৰ্ট মোডলৈ আহিব পাৰে। বিশেষ কথাটো হ’ল টেদাৰ্ড ড্ৰ’নে সুৰক্ষিত ডাটা ট্ৰেন্সমিছন নিশ্চিত কৰে। ই ওপৰৰ পৰা সৰু বা ক্ষুদ্ৰ প্ৰতিটো সবিশেষ তথ্য ধৰি ৰাখে। ২৪ ঘণ্টাই হাই এলাৰ্টত থকাৰ বাবে ই যিকোনো সন্দেহজনক ড্ৰ’নক নিষ্ক্ৰিয় কৰিব পাৰে।
মহাকুম্ভৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশ আৰক্ষীয়ে পানীত এখন ভাসমান আৰক্ষী চকীও স্থাপন কৰিছে। ভক্তসকলক সহায় কৰিবলৈ সোমবাৰে পৌশ পূৰ্ণিমা স্নান উৎসৱত আৰক্ষী চকীখন উদ্বোধন কৰা হয়। ভাসমান আৰক্ষী চকীখনে ৪৫ দিন কাম কৰিব।