স্বাধীনতা সংগ্ৰামী বগা মৌলবীৰ সমাধি এতিয়া হৈ পৰিছে সমন্বয়ৰ পৰিচয় বহন কৰা এটা মাঝাৰ

Story by  Ariful Islam | Posted by  [email protected] • 13 d ago
বগা বাবাৰ মাঝাৰ
বগা বাবাৰ মাঝাৰ
 
আৰিফুল ইছলাম / গুৱাহাটী
 
শংকৰ-আজানৰ পৱিত্ৰ ভূমি অসমৰ সমন্বয় আৰু ভাতৃত্ববোধৰ বহু উদাহৰণ আছে। তাহানিৰে পৰা অসমত হিন্দু-মুছলমানে মিলাপ্ৰীতিৰে বসবাস কৰি আহিছে। কিন্তু সময় বাগৰাৰ লগে লগে আমাৰ সমাজত যেন কিছু অপশক্তিৰ নজৰ লাগিল। মানুহৰ মাজত ভাতৃত্ববোধ আৰু সমন্বয় আছে যদিও পূৰ্বৰ তুলনাত যথেষ্ট কমিছে। কিন্তু বৰ্তমানো দৰং জিলাৰ মাৰৈ গাঁৱত হিন্দু-মুছলমানৰ বাবে আটাইতকৈ উৰ্ধত একতা-সম্প্ৰীতি। উল্লেখযোগ্য যে, গাঁওখনৰ এটা মাজাৰে সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ পৰিচয় বহন কৰিছে। মাৰৈ গাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে লাগি আছে বগা বাবাৰ মাঝাৰ।
 
বগা বাবাৰ মাঝাৰটোত বিভিন্ন ধৰ্মাৱলম্বী লোকৰ সমাগম ঘটে। বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে লাগি থকাৰ বাবে মাঝাৰটোৰ জনপ্ৰিয়তা কেৱল স্থানীয় অঞ্চল বা অসমতে সীমাবদ্ধ হৈ থকা নাই। সমগ্ৰ ভাৰতবৰ্ষতে এই মাঝাৰটোৰ জনপ্রিয়তা আছে। দূৰ-দূৰণিৰ পৰা অহা ট্ৰাক-বাছসমূহ ইয়াত ৰাখে আৰু দান-বৰঙণি আগবঢ়াই দোৱা-প্ৰাৰ্থনা কৰে। তাৰোপৰি, মাজাৰটোত বাটৰুৱাই পানী খাব পৰাকৈ বিনামূলীয়া বিশুদ্ধ পানীৰো ব্যৱস্থা আছে।

বগা বাবা বা বগা মৌলবীৰ প্ৰকৃত নাম আছিল আউলিয়া আব্দুল খালেক। ১৯১৬ চনত তেওঁ সেইসময়ৰ ছিলেট জিলাৰ পৰা অসমলৈ আহিছিল। প্ৰথমতে তেওঁ গোগ, সাতসলী, বদলগুৰি আদি ঠাইত থাকিছিল। তাৰপিছত ১৯১৯ চনত তেওঁ ছিপাঝাৰৰ মাৰৈ গাঁৱলৈ আহিছিল। সেই সময়ৰ পৰাই তেওঁ বৃহত্তৰ দৰং জিলাত ইছলাম ধৰ্মৰ প্ৰচাৰ কৰিছিল। বগা মৌলৱীয়ে স্বাধীনতা সংগ্ৰামতো আগভাগ লৈছিল, যাৰ ফলত তেওঁ জেললৈও যাবলগীয়া হৈছিল। অঞ্চলটোৰ লোকসকলে তেওঁক যথেষ্ট ভাল পাইছিল। ১৯৩৩ চনত বগা মৌলৱীৰ মৃত্যু হয়। তাৰ পিছতে স্থানীয় লোকসকলে তেওঁৰ কবৰত এটা মাঝাৰ স্থাপন কৰি ৰাইজৰ মাজত যেন তেওঁক জীয়াই ৰাখিছে।
 
মাঝাৰ চৌহদত বিনামূলীয়া বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা
 
আৱাজ-দ্য ভইচৰ সৈতে হোৱা এক বাৰ্তালাপত বগা বাবাৰ মাঝাৰৰ সম্পাদক হাফিজ আলীয়ে কয়; "বগা মৌলৱীয়ে আমাৰ ইয়াতে ইছলামৰ বন্তিগছি জ্বলাইছিল। ধৰ্ম প্ৰচাৰৰ লগতে তেওঁ শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বাৰ্তাও বিলাইছিল। তাৰপিছত মৌলানা দিদাৰুদ্দিন চাহেবক মৌলানা পঢ়ুৱাই আনিছিল। সকলোৱে তেওঁক আল্লাহৰ অলি (কিছু ঐশ্বৰিক শক্তিৰ গৰাকী) বুলি মানে। আমিও যিকোনো কামৰ বাবে তেওঁৰ মাজাৰত আহি জিয়াৰত কৰোঁ। হিন্দু-মুছলমান সকলোৱে ইয়ালৈ আহে আৰু দোৱা-প্ৰাৰ্থনা কৰে।"
 
"বৰ্তমান এই ঘাইপথেৰে অহা যোৱা কৰা সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ লোকসকলে এই মাঝাৰটোত দান-বৰঙণি আগবঢ়ায়। বগা মৌলৱীৰ ধৰ্ম প্ৰচাৰৰ বাবেই এতিয়া মাৰৈ গাঁওখনত প্ৰায় ৯টা মছজিদ আছে। এই বগা মৌলৱীৰ বাবেই এই অঞ্চলটো জনপ্ৰিয় হৈছে। বিভিন্ন লোক তথা তীৰ্থযাত্ৰীৰ সমাগম বাঢ়িছে। ইয়াত হিন্দু-মুছলমানৰ সমানে অৰিহণা আছে। মাঝাৰটোৰ নিৰ্মাণৰ কাম কৰিছিল প্ৰাক্তন সভাপতি জীৱন বৰুৱাই। বৰ্তমান পৰিচালনা কমিটিখনত বহু কেইজন অ-মুছলমান ব্যক্তি আছে। যেনে, ভূমিধৰ চহৰীয়া, হেমচন্দ্ৰ কলিতা, হিমাংশু কলিতা, নিৰোদ কলিতা আদি", হাফিজ আলীয়ে কয়।
 
মাঝাৰ চৌহদ
 
উল্লেখযোগ্য যে, সপ্তাহৰ প্ৰতি বৃহস্পতিবাৰে মাঝাৰটোত মিলাদ-শ্বৰীফ আয়োজন কৰা হয়। তাৰোপৰি, প্ৰতি বছৰৰ ১২ মাঘ অৰ্থাৎ বগা মৌলৱীৰ মৃত্যু তিথিত ইয়াত উৰুছ অনুষ্ঠিত হয়। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ লোকে উৰুছত অংশগ্ৰহণ কৰে। বগা বাবাৰ মাঝাৰটো যদিও ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ পিনে অৱস্থিত, ৰাস্তাটোৰ দক্ষিণ পিনেও মাঝাৰটোৰ চৌহদ আছে। মন কৰিবলগীয়া যে, বৃহত্তৰ মাৰৈ বিজুলিবাৰী অঞ্চলটোৰ উপৰিও সমগ্ৰ দৰং জিলাত হিন্দু-মুছলমানৰ একতা-সম্প্ৰীতি বৰ্তাই ৰখাৰ ক্ষেত্ৰত বগা বাবাৰ মাঝাৰটোৰ যথেষ্ট ভূমিকা আছে।