দেৱাল-চিত্ৰ (মিউৰেল) পৰিৱৰ্তনশীল শক্তি, ঐক্য আৰু সাংস্কৃতিক সংলাপৰ প্ৰতীক

Story by  atv | Posted by  [email protected] • 1 Months ago
দিল্লীৰ ৰাজপথৰ দাঁতিত ছাজিদ ৱাজিদ শ্বেইখৰ মিউৰেল
দিল্লীৰ ৰাজপথৰ দাঁতিত ছাজিদ ৱাজিদ শ্বেইখৰ মিউৰেল
 
পল্লব ভট্টাচাৰ্য্য

দেৱাল-চিত্ৰই দীৰ্ঘদিন ধৰি নান্দনিক আবেদনৰ বাহিৰলৈ গৈ সামাজিক ধাৰাভাষ্য, সাংস্কৃতিক সংশ্লেষণ আৰু ঐতিহাসিক আখ্যানৰ ক্ষেত্ৰসমূহত গভীৰভাৱে সোমাই থকা শিল্পকৰ্ম হিচাপে থিয় দিছে। দেৱাল আৰু চিলিঙৰ দৰে স্থাপত্য বৈশিষ্ট্যৰ সৈতে পোনপটীয়াকৈ সংযুক্ত এই কলাত্মক সৃষ্টিসমূহত কেৱল স্থানেই নহয়, মন আৰু সম্প্ৰদায়কো ৰূপান্তৰিত কৰাৰ শক্তি বিদ্যমান। ঐতিহাসিক তাৎপৰ্য্য, বিশ্বব্যাপী থকা আবেদন  আৰু ঐক্য আৰু আন্তঃধৰ্মীয় আলোচনাক প্ৰসাৰিত কৰাত ইয়াৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। 

মিউৰেল পেইন্টিং হৈছে ডাঙৰ, স্থায়ী পৃষ্ঠ যেনে বেৰ বা চিলিঙৰ ওপৰত পোনপটীয়াকৈ অংকন কৰা বা প্ৰয়োগ কৰা শিল্পকৰ্ম। ফ্ৰেমযুক্ত চিত্ৰকলাৰ দৰে নহৈ, মিউৰেলে স্থাপত্যৰ উপাদানসমূহৰ সৈতে একত্ৰিত হয়, ই বিস্তৃত অঞ্চল সামৰি লয় আৰু দৃশ্যমান পৰিৱেশৰ এক উল্লেখযোগ্য অংশ হৈ পৰে।ইয়াৰ বিভিন্ন প্ৰকাৰক নিম্নোক্তভাবে বৰ্ণনা কৰিব পাৰিঃ
 
১/ ফ্ৰেস্কোঃ এই পদ্ধতিত তিতি থকা প্লাষ্টাৰত পানীত দ্ৰৱীভূত ৰঞ্জক পদাৰ্থৰে ৰং কৰা হয়, যাৰ ফলত ৰংবোৰ প্লাষ্টাৰৰ সৈতে মিলি যায়।

২/ Secco:এই ক্ষেত্ৰত শুকান প্লাষ্টাৰত ৰং কৰা হয়। প্ৰায়ে ৰংবোৰ আঠা লগাবলৈ বাইণ্ডাৰ ব্যৱহাৰ কৰা হয়।

৩/ Tempera (টেম্পেৰা): কণীৰ কুহুমক পানীত দ্ৰৱীভূত কৰি ৰঞ্জক পদাৰ্থৰ বাইণ্ডাৰ হিচাবে এই পদ্ধতিত ব্যৱহাৰ কৰা হয়। ইয়াৰ ফলত চিৰকলীয়া আৰু স্বচ্ছ শিল্পকলাৰ সৃষ্টি হয়।
 
 
ভাৰতবৰ্ষ ইয়াৰ বৈচিত্ৰময় সাংস্কৃতিক ঐতিহ্য, বিভিন্ন জনগোষ্ঠী  আৰু ধৰ্মৰ মিশ্ৰণেৰে সৃষ্টি হোৱা ঐতিহাসিক গভীৰতাক প্ৰতিফলিত কৰা মিউৰেল চিত্ৰকলাৰ এক চহকী পৰম্পৰাৰে সমৃদ্ধ। এইক্ষেত্ৰত মুখ্য স্থানমূহ হʼলঃ

১/ অজন্ত গুহা, মহাৰাষ্ট্ৰ: খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাৰ পৰা প্ৰায় ৪৮০ খ্ৰীষ্টাব্দলৈকে বৌদ্ধ ধৰ্মৰ মিউৰেলসমূহৰ বাবে বিখ্যাত।

২) ইলোৰা গুহা, মহাৰাষ্ট্ৰ: ইয়াত ধৰ্মীয় বৈচিত্ৰ্য প্ৰদৰ্শন কৰা হিন্দু, জৈন, আৰু বৌদ্ধ মিউৰেলসমূহ আছে।

৩/ লেপাক্ষী মন্দিৰ, অন্ধ্ৰ প্ৰদেশ: পৌৰাণিক আখ্যানত চিত্ৰিত জটিল মিউৰেলৰ বাবে বিখ্যাত।

৪/ কেৰালাৰ মিউৰেল: মন্দিৰ আৰু গীৰ্জাত পোৱা এইবোৰে ভাৰতীয় মহাকাব্য আৰু স্থানীয় কিংবদন্তিৰ কাহিনী উজ্জ্বল ৰং ব্যৱহাৰ কৰি চিত্ৰিত কৰিছে।

৫/ সীত্তানবাসল, তামিলনাডু: দৈনন্দিন জীৱন আৰু প্ৰকৃতিৰ চিত্ৰ অংকন কৰা জৈন গুহা চিত্ৰৰ বৈশিষ্ট্য।

ভাৰতৰ মুম্বাই চহৰ দেৱাল চিত্ৰৰ এক উজ্বল নিদৰ্শন। মুম্বাইৰ এই প্ৰচেষ্টাক ঐক্যৰ দেৱাল লিখন বুলি অভিহিত কৰিব পাৰি। এটা ব্যস্ত চুবুৰীত বিভিন্ন ধৰ্মীয় পটভূমিৰ কিছু শিল্পীৰ  দলে একত্ৰিত হৈ ঐক্য আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ প্ৰতীক হিচাপে পৰিগণিত এক কীৰ্তিচিহ্নময় মিউৰেল তৈয়াৰ কৰে। এই সহযোগিতামূলক হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টানকে ধৰি শিল্পীসকলে মিউৰেলসমূহ সম্পূৰ্ণ কৰিবলৈ ঘণ্টাৰ পিছত ঘণ্টা সময় উচৰ্গা কৰে।
 

 
তেওঁলোকৰ স্বতঃস্ফূৰ্ত সহযোগিতাই বন্ধুত্বৰ গভীৰ বান্ধোন গঢ়ি তুলি এই অভিনৱ সৃষ্টিৰ পটভূমি গঢ়ি বিভিন্ন বিশ্বাসৰ সহাৱস্থানৰ সৌন্দৰ্য্য প্ৰদৰ্শন কৰি আহিছে। বিভিন্ন ধৰ্মীয় প্ৰতীক চিত্ৰিত কৰা এই মিউৰেলে শিল্পীসকলক ওচৰলৈ অনাই নহয়, সমাজত প্ৰচলিত বিবাদ সমাধানৰ গুৰুত্বপূৰ্ণ কথা-বতৰাৰ সুষ্ঠ পৰিবেশৰ সূচনা কৰে।
 
মিউৰেলত চিত্ৰিত শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তাৰ বিষয়ে সকলো শ্ৰেণীৰ লোকৰ মাজত সুষ্ঠ আলোচনা আৰম্ভ হৈ এক সুন্দৰ পৰিবেশৰ সৃষ্টি কৰে। ফলত এই শিল্পকৰ্ম এক বিশিষ্ট ল্যাণ্ডমাৰ্কত পৰিণত হয় আৰু চহৰৰ বিভিন্ন প্ৰান্তৰ পৰা দৰ্শনাৰ্থীক আকৰ্ষিত কৰে। বাস্তৱ জীৱনৰ এই কাহিনীয়ে আন্তঃধৰ্মীয় আলোচনা আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ভাৰতৰ দৰে বৈচিত্ৰময় সমাজত সৃষ্টিশীলতাৰ এই সৰল কাৰ্য্যই কেনেকৈ বিভাজনৰ সেতুবন্ধন কৰিব পাৰে আৰু পাৰস্পৰিক বুজাবুজিক উৎসাহিত কৰিব পাৰে তাকেই প্ৰদৰ্শন কৰিছে।

ভাৰতীয় মিউৰেল চিত্ৰত প্ৰায়ে বিভিন্ন ধৰ্মৰ বিষয়বস্তু আৰু উপাদান চিত্ৰিত কৰা হয়, যিয়ে সাংস্কৃতিক সেতু হিচাপে কাম কৰে আৰু ঐক্যৰ প্ৰসাৰ ঘটায়। উদাহৰণস্বৰূপে, মোগল ৰাজপ্ৰসাদত ফ্ৰেস্কোত প্ৰায়ে হিন্দু, পাৰ্চী আৰু ইছলামিক কলাত্মক পৰম্পৰাক একত্ৰিত কৰা হৈছিল, যিয়ে ভাৰতৰ সমন্বয়মুখী সংস্কৃতিৰ প্ৰতীক আছিল।
 
 
সাংস্কৃতিক আৰু আন্তঃধৰ্মীয় ঐক্যক প্ৰসাৰিত কৰা মিউৰেল চিত্ৰকলাৰ পৰম্পৰা ভাৰতৰ বাহিৰতো বিস্তৃত, ইয়াৰ উল্লেখযোগ্য উদাহৰণ হʼলঃ
 
১. মেক্সিকোঃ মেক্সিকোৰ বিশ্ববিখ্যাত চিত্ৰকৰ ডিয়েগো ৰিভেৰাৰ দ্বাৰা সৃষ্ট Muralসমুহে মেক্সিকান সংস্কৃতি আৰু ইতিহাসক চিত্রিত কৰে। লগতে তেওঁৰ দ্বাৰা অংকিত মিউৰেলসমূহে দেশখনৰ খিলঞ্জীয়া আৰু ইউৰোপীয় উপাদান একত্রিত হোৱা ভাবাবেগসমূহ চিত্ৰিত কৰে।

২. ইটালীঃ নবজাগৰণৰ ফ্ৰেস্কো: নবজাগৰণৰ সময়ৰ Sistine Chapel মতাদৰ্শী গীর্জাত Michelangeloৰ দ্বাৰা সৃষ্ট frescoes চিত্ৰকলা  গ্রেকো-ৰোমান আৰু খ্রিস্টান ধৰ্মৰ আদৰ্শেৰে প্ৰজ্বলিত।

৩/ মধ্যপ্ৰাচ্যঃ ইছলামিক শিল্প: মছজিদ আৰু প্ৰাসাদসমূহত জ্যামিতিক আৰু ফুলৰ ডিজাইনেৰে সমৃদ্ধ মিউৰেল বৈশিষ্ট্যযুক্ত, ইছলামিক সভ্যতাৰ বহুসংস্কৃতিৰ প্ৰভাৱ প্ৰতিফলিত হোৱা পৰিলক্ষিত হয়।

৪/ স্পেইনঃ Mudéjar কলা: মধ্যযুগৰ সময়ৰ ইছলামিক আৰু খৃষ্টান শিল্পকলাৰ উপাদান স্পেইনৰ Mudéjar কলাৰ স্থাপত্য তথা মিউৰেলৰ জৰিয়তে প্ৰকাশ পায়। ই দুই আব্ৰাহামিক ধৰ্মৰ সেইসময়ৰ সহাৱস্থানৰ এক জ্বলন্ত প্রতীক।

ভৱিষ্যৎ কলাত্মক প্ৰকাশ হিচাপে মিউৰেল চিত্ৰই সমাজৰ সাংস্কৃতিক আৰু ঐতিহাসিক আখ্যানত অপৰিহাৰ্য ভূমিকা পালন কৰে। ভাৰতত আৰু সমগ্ৰ বিশ্বতে এই চিত্ৰসমূহে বিভিন্ন পৰম্পৰাৰ আন্তঃমিশ্ৰণ প্ৰতিফলিত কৰে আৰু বিভিন্ন সম্প্ৰদায়ৰ মাজত ঐক্য আৰু বুজাবুজিৰ প্ৰসাৰ ঘটায়।
 
মুম্বাইৰ ইউনিটি মিউৰেলৰ কাহিনীয়ে কলাত্মক প্ৰকাশ আৰু ক্ষুদ্ৰ উদ্যোগীকৰণৰ অন্যান্য আখ্যানৰ সমান্তৰালভাৱে শিল্পই কেনেকৈ বিভাজনৰ সেতুবন্ধন কৰিব পাৰে আৰু সাম্প্ৰদায়িক সমন্বয়ক লালন-পালন কৰিব পাৰে তাক দেখুৱাইছে। এই মিউৰেল আৰু সংপৃক্ত কাহিনীসমূহ অধ্যয়ন কৰি মানৱতাৰ ভাগ-বতৰা কৰা মূল্যবোধ আৰু সামূহিক ঐতিহ্যৰ বিষয়ে অন্তৰ্দৃষ্টি লাভ কৰা হয়।লগতে মিউৰেল চিত্ৰ প্ৰকল্পৰ সংপৃক্ত কাহিনীসমূহে আন্তঃধৰ্মীয় আলোচনা আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ প্ৰসাৰৰ ক্ষেত্ৰত শিল্পৰ পৰিৱৰ্তনশীল শক্তিক মূৰ্ত কৰি তোলে।
 

 
অসমতো বিশেষকৈ গুৱাহাটীত এই পৰম্পৰাৰ আৰম্ভনি দৃষ্টিগোচৰ হৈছে। মুম্বাইৰ দৰে বিভিন্ন বেচৰকাৰী গোট লগ হৈ এই পৰম্পৰাক আগুৱাই নিয়া সময়ৰ আহ্বান।চৰকাৰৰ এই প্ৰচেষ্টাক উৎসাহিত কৰি জনসাধাৰণৰ মাজত শান্তি-সম্প্ৰীতি অটূট ৰখাতো  এক পবিত্ৰ দায়িত্ব হৈ পৰিছে।

C215 নামেৰে বিশ্ববিখ্যাত ফৰাচী ষ্ট্ৰীট আৰ্টিষ্ট খ্ৰীষ্টিয়ান গুয়েমিৰ এইষাৰ উক্তি দেৱাল লিখনৰ সাৰমৰ্ম বুলিব পাৰি- “ষ্ট্ৰীট আৰ্ট আন জনসাধাৰণৰ চকুত পৰা এক নগৰীয়া কবিতা মাত্ৰ। ৰাজপথৰ শিল্পী হোৱাটো একপ্ৰকাৰ অসম্ভৱ কিয়নো চহৰখনেই যেন এজন শিল্পী। ষ্ট্ৰীট আৰ্ট এটা সামূহিক সম্ভাৰ, ই অংশগ্ৰহণমূলক আৰু পৰস্পৰৰ ওপৰত ক্ৰিয়াশীল (ইন্টাৰেক্টিভ), ৱেব ২.০ সংস্কৃতিৰ সৈতে অন্তৰংগভাবে সংযুক্ত।”