গণেশ চতুৰ্থীৰ শুভ ক্ষণ কেতিয়াৰ পৰা আৰম্ভ হৈ কেতিয়া অন্ত পৰিব

Story by  atv | Posted by  [email protected] • 10 d ago
সুখ-কৰ্তা, দুখ-হৰ্তা ভগৱান গণেশ
সুখ-কৰ্তা, দুখ-হৰ্তা ভগৱান গণেশ
 
ৰাকেশ চৌৰাসিয়া

গণেশ চতুৰ্থী হিন্দু ধৰ্মৰ অন্যতম প্ৰধান উৎসৱ। এই উৎসৱ বিশেষভাৱে ভগৱান গণেশৰ জন্ম বাৰ্ষিকী হিচাপে পালন কৰা হয়। ভগৱান গণেশক বাধা আঁতৰোৱা আৰু মংগলৰ প্ৰতীক হিচাপে পূজা কৰা হয়। শনিবাৰে দেশজুৰি উদযাপিত হ'ব গণেশ চতুৰ্থী। এই উপলক্ষে আমি গণেশ চতুৰ্থীৰ শুভ সময় আৰু অন্যান্য বিষয়ৰ বিষয়ে বিতংভাৱে ব্যাখ্যা কৰিম।
 
গণেশ চতুৰ্থী কেৱল ধৰ্মীয় আৰু আধ্যাত্মিক দৃষ্টিকোণৰ পৰাই গুৰুত্বপূৰ্ণ নহয়, ই মানুহক সামাজিক আৰু সাংস্কৃতিক দিশতো একত্ৰিত কৰে। এই উৎসৱ মহাৰাষ্ট্ৰ, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু আদি দেশৰ বিভিন্ন প্ৰান্তত অতি আড়ম্বৰেৰে পালন কৰা হয়। এতিয়া ভাৰতৰ উত্তৰ ৰাজ্য, দিল্লী, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আৰু ৰাজস্থানতো ইয়াক উলহ-মালহেৰে উদযাপন কৰা হয়।

গণেশ চতুৰ্থীৰ শুভ ক্ষণঃ
 
২০২৪ চনত ৭ ছেপ্টেম্বৰত গণেশ চতুৰ্থী উদযাপন কৰা হ’ব। এই দিনটোত ভগৱান গণেশৰ পূজাৰ বিশেষ তাৎপৰ্য আছে আৰু শুভ সময়ত কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হয়। ভগৱান গণেশৰ আশীৰ্বাদ লাভ কৰি জীৱনৰ সকলো বিপদৰ পৰা সকাহ পাবলৈ পূজাৰ শুভ ক্ষণ জানি লোৱাটো অতি প্ৰয়োজন।
 
 
উল্লেখ্য যে, ২০২৪ চনৰ ৬ ছেপ্টেম্বৰৰ মাজনিশা ২.০৯ বজাৰ পৰা গণেশ চতুৰ্থীৰ তিথি আৰম্ভ হ’ব আৰু ৮ ছেপ্টেম্বৰ বিয়লি ৩.১৩ বজাত তিথি সমাপ্ত হ'ব। পূজাৰ শুভ ক্ষণ হ'ব ৭ ছেপ্টেম্বৰৰ পুৱা ১১.০১ বজাৰ পৰা দুপৰীয়া ১.২৮ বজালৈ। 
 
এই সময়ছোৱাত ভগৱান গণেশক পূজা কৰাটো অত্যন্ত লাভজনক। এই সময়খিনি ভক্তসকলৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ, কাৰণ এই সময়ত কৰা পূজাই সকলো বিপদ দূৰ কৰি ঘৰলৈ সুখ, সমৃদ্ধি আৰু শান্তি কঢ়িয়াই আনে।
 
গণেশ চতুৰ্থীৰ ধৰ্মীয় আৰু সাংস্কৃতিক গুৰুত্বঃ
 
গণেশ চতুৰ্থী কেৱল ধৰ্মীয় উৎসৱ নহয়, ইয়াৰ সাংস্কৃতিক তাৎপৰ্যও অতি গভীৰ। ইয়াক একতা, ভাতৃত্ববোধ আৰু সাংস্কৃতিক সমৃদ্ধিৰ প্ৰতীক হিচাপেও গণ্য কৰা হয়। মহাৰাষ্ট্ৰত এই উৎসৱ ছত্ৰপতি শিৱাজী মহাৰাজৰ দিনতে আৰম্ভ হোৱা বুলি ধাৰণা কৰা হয়। আনহাতে আধুনিক যুগত লোকমান্য তিলকে ইয়াক সামাজিক সচেতনতা আৰু স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত কৰি উদযাপন কৰিছিল।
 
ভগৱান গণেশৰ বৈশিষ্ট্য আৰু তেওঁৰ মূৰ্তিৰ প্ৰতীকী অৰ্থঃ
 
ভগৱান গণেশক জ্ঞান, বুদ্ধি আৰু সমৃদ্ধিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। গণেশৰ মূৰ্তিৰ প্ৰতিটো অংশৰ বিশেষ গুৰুত্ব আছে। ইয়াৰ ডাঙৰ কাণবোৰে শ্ৰৱণ ক্ষমতা আৰু সচেতনা বৃদ্ধিৰ প্ৰতীক। আনহাতে দীঘল সুৰডালে গণেশৰ চোকা বুদ্ধিমত্তা আৰু কাৰ্যক্ষমতাৰ চিন। তেওঁৰ হাতত থকা নিগনিটোৱে প্ৰতীকী অৰ্থত নম্ৰতা আৰু দৃঢ়তাৰ ইংগিত বহন কৰে।
 

গণেশ বিসৰ্জনৰ গুৰুত্বঃ
 
গণেশ চতুৰ্থীৰ ১০ দিনৰ পিছত গণেশ বিসৰ্জন কৰা হয়। এয়া গণপতি বাপ্পাৰ বিদায়ৰ দিন। ভক্তসকলে গণপতিৰ মূৰ্তি জলাশয়ত বিসৰ্জন দিয়ে। তেওঁলোকে বিশ্বাস কৰে যে ভগৱান গণেশে আমাৰ বিপদ দূৰ কৰি সাময়িকভাৱে আমাৰ কাষৰ পৰা আঁতৰি গৈছে যদিও তেওঁ অহা বছৰ পুনৰ আমাৰ মাজলৈ সুখ-সমৃদ্ধি লৈ ঘূৰি আহিব। 
 
বিসৰ্জনৰ পূৰ্বে ভগৱান গণেশক পূজা কৰা হয় আৰু তেওঁৰ পৰা আশীৰ্বাদ লোৱা হয়। বিসৰ্জনৰ সময়ত ‘গণপতি বাপ্পা মৰিয়া, অহা বছৰ পুনৰ গুৰি আহিব, আমাক আশীৰ্বাদ কৰিব’ বুলি ধ্বনি দিয়া হয়। এই পৰম্পৰাই ভগৱান গণেশৰ প্ৰতি থকা ভক্তসকলৰ অপৰিসীম শ্ৰদ্ধা আৰু বিশ্বাসক প্ৰকট কৰে।
 
গণেশ চতুৰ্থী আৰু পৰিৱেশঃ
 
প্ৰতি বছৰে গণেশ চতুৰ্থীৰ দিনা গণেশৰ মূৰ্তি বিসৰ্জন দিয়াৰ ফলত জল প্ৰদূষণৰ সমস্যাটো চৰ্চালৈ আহে। ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ মানুহক সজাগ কৰা হৈছে যে তেওঁলোকে মাটিৰ মূৰ্তি ব্যৱহাৰ কৰা উচিত আৰু পৰিৱেশ সুৰক্ষিত কৰাত অৰিহণা যোগাব লাগে। সেয়েহে, বহু লোকে এতিয়া ঘৰত পূজাৰ বাবে সৰু সৰু মাটিৰ মূৰ্তি ব্যৱহাৰ কৰি বিসৰ্জনৰ বাবে বিশেষ জলাশয় নিৰ্মাণ কৰে।