ক'ত হেৰাল ভোগালী বিহুৰ সেই মাদকতা

Story by  Munni Begum | Posted by  Munni Begum • 11 Months ago
 কংক্ৰিটৰ মহানগৰীত মেজিৰ বিপণি
কংক্ৰিটৰ মহানগৰীত মেজিৰ বিপণি
 
মুন্নী বেগম 

অসমীয়া লোক সমাজৰ সাংস্কৃতিক পৰম্পৰাত 'ভোগালী বিহু' বা 'মাঘ বিহু' হৈছে ভোগ আৰু আনন্দৰ জাতীয় উৎসৱ। জাতীয় জীৱনত এই বিহু এক লোভনীয় নাম। কিয়নো 'মাঘ বিহু' বুলি ক'লেই মনলৈ আহে উৰুকাৰ নিশা চেমনীয়া লৰাবোৰে লগ হৈ খোৱা ভোজ-ভাতৰ কথা, লোকৰ বাৰীৰ পৰা শাক-পাচলি আৰু জেউৰা চুৰি কৰি অনাৰ কথা..., হাড় কপোঁৱা জাৰত পুৱাই উঠিয়ে গা-ধোৱা, পইতা ভাত খোৱা, চুবুৰীয়াৰ ঘৰলৈ গৈ দৈ চিৰা, পিঠা লাড়ু খোৱাৰ কথা। উফ... কি যে এক ভাল লগা অনুভৱ।
 
কিন্তু ভোগালীৰ এই মাদকতা সম্প্ৰতি দেখিবলৈ পোৱা নাযায়। কিয়নো আধুনিকতাই গ্রাস কৰি অহা কৃত্রিম ব্যস্ততাময় জনজীৱনত অভ্যস্ত হৈ পৰিছে আমাৰ অসমীয়া সমাজখন। মোবাইল-ইণ্টাৰনেটৰ মাজতে ভোগালীৰ এই মাদকতা আৱদ্ধ হৈ পৰিছে। পূৰ্বতে ইজনে আনজনৰ ঘৰলৈ গৈ বিহুৰ উলগ জনাইছিল। কিন্তু বৰ্তমান সেয়া মোবাইল ফোনৰ ছুইট্‌ছতে আৱদ্ধ হৈছে। 
 
প্ৰতিনিধিত্বমূলক ছবি
 
আজিও হৃদয়ৰ এটা কোণত সজীৱ হৈ আছে শৈশৱৰ সেই ভাল লগা মিঠা মিঠা অনুভৱবোৰ। আমি যেতিয়া খানাপাৰা ভেটেনেৰী ফাৰ্ম কেম্পাছৰ চৰকাৰী আৱাসগৃহত বাস কৰিছিলো। তেতিয়া কেম্পাছত উজনি-নামনিকে ধৰি বিভিন্ন জিলাৰ হিন্দু-মুছলমান উভয়ে সম্প্ৰদায়ৰ পাঁচশৰো অধিক লোকে ভৰি আছিল আৱাসগৃহবোৰ। য'ত নাছিল ধৰ্ম তথা জাত-পাতৰ কোনো ভেদা-ভেদ।
 
সৰুৰে পৰা দেখি আহিছো মাঘ বিহু বুলি ক'লেই ঘৰত ত'তে নপোৱা এক ব্যস্ততা।  এসপ্তাহ পূৰ্বৰ পৰাই বিহুৰ আয়োজনত ব্যস্ত হৈ পৰে মা আৰু দেউতা। বিহুৰ সময়ত  পিঠাগুৰি খুন্দিবলৈ ওচৰৰ কলিতা খুড়ী, কণিকা খুড়ি, হাচাৰবানু খুড়ি, ডালিমী বাহতঁ আমাৰ ঘৰলৈ আহে আৰু মায়েও তেওঁলোকৰ লগতে একেলগে উৰলত পিঠাগুড়ি খুন্দে। সেই সময়ছোৱা সকলোৱে পাহৰি যায় ধৰ্ম, জাত-পাতৰ কথা। মনত থাকে কেৱল মাত্ৰ বিহুৰ আনন্দ আৰু উল্লাস।   
 
উৰলত পিঠা গুৰি খুন্দাৰ এক দৃশ্য
 
একেদৰে, উৰুকাৰ নিশা চেমনীয়া ল'ৰাহঁতে কৰা ধেমালীও সম্প্ৰতি লোক কথাতহে পৰিনত হৈছে। আজিকালি বিভিন্ন আৰ্হিত আটকধুনীয়াকৈ বিশাল বিশাল আকাৰৰ ভেলাঘৰ সজাৰ প্ৰতিযোগীতা কৰাৰ লগতে উচ্চস্বৰৰ সংগীত বজাই নিশা ভোজ-ভাত খাই উৰুকা পালন কৰা দেখা যায়। কিন্তু আমি শৈশৱতে দেখি অহা মাঘ বিহুৰ উৰুকা আৰু আজিৰ দিনৰ উৰুকাৰ মাজত বহুত প্ৰাৰ্থক্য আছে। শৈশৱত আমাতকৈ জ্যেষ্ঠ দাদাহঁতে লগে-ভাগে ভোজ-ভাত খাবলৈ উৰুকা নিশা মুকলি ঠাইত শুকান কলপাত, খেৰ আৰু বাহেৰে ভেলাঘৰ সাজিছিল। ভেলাঘৰৰ কাষতে কিছু ওখ এটা মেজিও সাজিছিল। শুনিবলৈ পাইছিলো অসমীয়া বিহু আৰু আধুনিক গীত।  
 
তেতিয়া উৰুকা বুলি ক'লেই আনৰ বাৰীৰ শাক-পাচলি, জেউৰা চুৰি কৰাৰ এক যেন পৰম্পৰা আছিল। উৰুকাৰ ৰাতি চেমনীয়া ল'ৰাবোৰে  মানুহৰ বাৰীৰ পৰা খৰি, শাক-পাচলি আদি চুৰি কৰি আনে। কাৰোবাৰ ঘৰত দুজনমান ল'ৰাই পিঠা খোৱাৰ চলেৰে সোমায় আৰু বাকী দুজনমানে বাৰীৰ পৰা কুকুৰা-পাৰ, জেওৰা-জপনা, আলু-কবি আদি চুৰি কৰি লৈ যায় আৰু ভেলাঘৰৰ একোণত থকা জুইত পুৰি নিমখৰ সৈতে জুতি লয়।
 
দৈ-চিৰা
 
উৰুকাৰ নিশা যিয়ে নিশা উজাগৰে থাকে তেওঁৰ বাৰী ঠিকে থাকে আৰু যিয়ে শোৱাপাটী লয় তেওঁৰ বাৰী আৰু নঙলা উদং হয়। সেয়েহে উৰুকাৰ নিশা কেম্পাছত প্ৰতিঘৰৰ মানুহে ওৰে নিশা ঘৰৰ পদুলিয়ে পদুলিয়ে জুই পুৱাই আড্ডা দি পাৰ কৰিছিল। যাতে চেমনীয়াই বাৰী আৰু পদুলি উদং কৰিব নোৱাৰে। ইয়াৰ অন্য এটা দিশো আছিল যে, গোটে বছৰ কামত ব্যস্ত থকা লোকসকলে বিহুৰ সময়ত ইজনে সিজৰ সৈতে সময় কটাই ভাতৃত্বৰ এনাজৰীডাল গাঢ় হৈ পৰে।   
 
আইনুল দাইটি, অনিল দাইটিহঁতে কোৱা শুনিছিলো যে, তেওঁলোকে এবাৰ উৰুকাৰ নিশা ফূৰ্তি কৰাৰ মানসেৰে ফুৰি থাকোতে ওচৰৰে খুড়া এজনৰ বাৰী পালেহি, তেওঁলোকৰ চকু পৰিল ঘৰৰ পিছফালে থকা কুকুৰাৰ বাহটোলৈ। এফালে উৰুকাৰ নিশা আনফালে কুকুৰাৰ বাহ।  উৰুকাৰ নিশাৰ সেই সুযোগ এৰি দিব নোৱাৰি বুলি তেওঁলোকে কুকুৰা চোৰ কৰিবলৈ এটা বুধি পাঙিলে। এজনে কুকুৰাৰ বাহটোলৈ আগবাঢ়িল আন কেইজনে পহৰা দিলে। কুকুৰাৰ বাহটোত হাত সুমুৱাই দিয়াৰ লগে লগে কুকুৰাৰ হুলুস্থুলত গৰাকীয়ে হুৰমুৰাই সাৰ পাই উঠে আৰু পিছফালে দৌৰি যায়। দাইটিহঁতো এৰি দিয়া ভকত নাছিল, তেওঁলোকে বাহৰ পৰা সাতকৈ কুকুৰা লৈ উধাও হয়। সেই সময়ত নিমখৰ বস্তাবোৰ দোকানবোৰৰ সন্মুখতে থৈ দিছিল, কিয়নো চোৰে নিমখ চোৰ নকৰে। কিন্তু দাইটিহঁত আছিল নাচুৰবান্ধা, সেই নিমখৰ বস্তাৰ পৰাই তেওঁলোকে নিমখ চুৰি কৰি ভেলাঘৰত কুকুৰাৰ পোৰা মাংসৰ জুতি লৈছিল। 
 
মজি
 
উৰুকাৰ দিনা দোকমোকালিত সকলোৱে নিজ নিজ বাৰীৰ লাগনি (নাৰিকল, তামোল, বেল, শিলিখা ইত্যাদি) গছবোৰ নৰা বা ধান খেৰেৰে বন্ধাটো এক প্ৰকাৰৰ নিয়ম। কিন্তু মহানগৰীত খেৰ আৰু নৰাৰ অভাৱৰ বাবে কলগছৰ শুকান পাতেৰে গছবোৰ বন্ধা হৈছিল। লোক বিশ্বাস অনুসৰি এনেদৰে গছবোৰ নাবান্ধিলে হেনো গছৰ ফল নধৰে। গছ বন্ধা শেষ হোৱাৰ পিছত 'মাঘ ঐ মাঘ, ডাল ভৰি ভৰি লাগ' আৰু মাটিৰ চপৰা কেইটামান গছবোৰলৈ দলিয়াই। মায়ে কোৱা শুনিছিলো যে, এনেদৰে ক’লে গছত ফল ধৰাটো নিশ্চিত। জন বিশ্বাস আছে যে, ঘৰৰ খুঁটা, ভঁৰাল ঘৰ, বাক আদি সামগ্ৰীবোৰ খেৰৰ জৰীৰে বান্ধিলে ঘৰৰ পৰা লক্ষ্মী ওলাই নাযায়।   
 
পিছদিনা অৰ্থাৎ দোমাহীৰ দিনা পুৱাই কেম্পাছৰ ডেকাসকলে মিলি প্ৰতিঘৰৰ পদুলি-পদুলিয়ে গৈ গৰু গাখীৰ আৰু খাটি মহৰ দৈ আৰু ক্ৰীম আদি বিক্ৰী কৰিছিল। যাতে বিহুৰ দিনা সকলোৱে তৃপ্তি আৰু আনন্দৰে বিহু উদযাপন কৰিব পাৰে। বিহুৰ দিনা পইতাভাত, কাঠ আলু, সুকুটা তিতা, আদি খোৱাটো এক প্ৰকাৰৰ নিয়ম আৰু এই নিয়ম আজিও আমাৰ ঘৰত প্ৰচলিত হৈ আছে।  মাঘ বিহুত এইয়া খোৱাৰ এক বিজ্ঞান সন্মত দিশো আছে। পইতাভাতে শৰীৰত শক্তি যোগোৱা, শুকুটা তিতাই পেতৰ পেলু নাইকীয়া কৰে বুলি সৰুৰে পৰা শুনি আহিছো। আনহাতে, বিহুৰ দিনা সন্ধিয়া মাহ কৰাই খোৱাটো এটা নিয়ম। ডাকৰ বচনত উল্লেখ আছে- 'পুহত পিঠা, মাঘত কৰাই'৷ গাঁৱৰ কণ কণ ল’ৰা-ছোৱালীহঁতে নতুন নতুন কাপোৰ পৰিধান কৰি 'মাহকৰাই' খাই খাই আনন্দতে দৌৰি এনেদৰে গীত গায়... 
 
"মাহ কৰাই খাওঁ বাটে বাটে যাওঁ,
আমাৰ লগত যি যায় তাকো এগাল দিওঁ।"  
 
মাহকৰাই
 
সেই দিনবোৰ সময়ৰ গৰ্ভত বৰ্তমান সমাধিস্থ হোৱা বুলি কলেও ভুল নহ'ব। কিয়নো বৰ্তমান সেই পৰিবেশ দেখিবলৈ পোৱা নাযায়। দেখা নাযায় বিহু উদযাপনৰ সেই ব্যস্ততা। আজিকালি বজাৰত উপলব্ধ পিঠা-পনা আদিৰে উদযাপন কৰা হয় হেঁপাহৰ বিহুটি। অতি দুখৰ কথা যে, উঠি অহা প্রজন্মই অসমীয়া জাতিৰ বাপতিসাহোন বিহুটিৰ পূৰ্বৰ পৰম্পৰা, ৰীতি-নীতিসমূহৰ বিষয়ে জানিবলৈ হয়তু অসমীয়া জাতিৰ শিপাৰ সুগন্ধ বিচাৰিব লাগিব। 
 
কিয়নো বৰ্তমান ভোগালী মানে ভোজ-ভাত খাই হুলস্থুলীয়া সংগীতৰ তালে তালে নৃত্য কৰাকহে বুজাই। কিন্তু ভোগালী মানে জানো অকল ভোজ-ভাতকেই বুজায়...? তেওঁলোকে পিঠা-পনাৰ সোৱাদ পাইছে, কিন্তু বজাৰত উপলব্ধ পেকেটৰহে। ভোগালী বিহুৰ আয়োজনক বৰ্তমানৰ ব্যস্ততাময় জীৱনে লাহে লাহে ধূসৰ কৰি তুলিছে।