দীপোৎসৱ মনোমোহা কৰিবলৈ সৰ্বস্ব উজাৰি দিছে অযোধ্যাৰ বিলাল আনছাৰি আৰু গোলাম ছাৰৱাৰে

Story by  atv | Posted by  [email protected] • 22 d ago
বিলাল আনছাৰি আৰু গোলাম ছাৰৱাৰে প্ৰস্তুত কৰা মাটিৰ চাকিয়ে উজলাব ৰাম জনমভূমি
বিলাল আনছাৰি আৰু গোলাম ছাৰৱাৰে প্ৰস্তুত কৰা মাটিৰ চাকিয়ে উজলাব ৰাম জনমভূমি

মনজিৎ কলিতা

উপাসনাৰ পদ্ধতি সকলোৰে ভিন্ন হ’ব পাৰে, কিন্তু সংস্কৃতি অভিন্ন৷ ধৰ্মীয় আৰাধনাৰ পৃথক পন্থাই সাংস্কৃতিক ভিন্নতাৰ সূচনা কৰিব নোৱাৰে৷ ভাৰতীয়ত্বৰ সৰ্বজনমান্য সংস্কৃতিয়েই দেশৰ প্ৰাচীন পৰিচয়৷ অনৈক্যৰ মাজত ঐক্যৰ চিৰকালীন প্ৰথাই দেশৰ একমাত্ৰ সংস্কৃতি৷ পোহৰৰ উৎসৱ দেৱালীয়েও ঐক্যৰ বতৰাই বহন কৰিছে৷ আন্ধাৰ নাশি জগত পোহৰ কৰা উছৱৰ আগমনি গীত গাইছে সাংস্কৃতিক সম্প্ৰীতিয়ে৷

দীপাৱলীৰ শুভক্ষণত উছৱমুখৰ হৈ পৰিছে কাশ্মীৰ৷ প্ৰান্তীয় ৰাজ্যখনত কেইদিনমান পূৰ্বে হৈ গৈছে নিৰ্বাচন৷ তাৰ পিছতে আৰম্ভ হৈছে পোহৰৰ উৎসৱৰ প্ৰস্তুতি৷ অৱশ্যে এইবাৰেই নহয়, প্ৰতিবছৰেই দীপান্বিতা উলহ-মালহেৰে পালন কৰে কাশ্মিৰী মুছলমানে৷ গতিকে গতানুগতিকভাৱেই কাশ্মীৰত আম্ভ হৈছে দীপাৱলী উদযাপন৷

অৱশ্যে আন প্ৰান্তৰ তুলনাত কাশ্মিৰীৰ দীপান্বিতা উদযাপনৰ নিয়ম আৰু মান্য ধাৰণা ভিন্ন৷ উপত্যকাটোৰ আৱাসীৰ মতে দীপাৱলীৰ বন্তিৰ তাপে শৰীৰ ৰোগমুক্ত কৰিলে তোলে৷ পোহৰৰ উছৱত চাকি জ্বলালে নিৰোগী হয় সকলো৷  আনহাতে মিঠাই বিতৰণ হৈছে কাশ্মীৰৰ হিন্দু, শিখ আৰু মুছলমানৰ দীপাৱলী উদযাপনৰ বহুদিনীয়া পৰম্পৰা৷ কাশ্মীৰ উপত্যকাৰ লোকে দীপাৱলীৰ সন্ধ্যা প্ৰথমে অমিৰা কাড়লৰ সমীপৰ হনুমান মন্দিৰত বন্তি প্ৰজ্জ্বলন কৰে৷

বজৰংবলীৰ মন্দিৰৰ পৰাই আৰম্ভ হয় কাশ্মিৰীৰ দীপাৱলী উদযাপনৰ পৰ্ব৷ চৌদিশ সুশোভিত কৰি তোলা আলাকসজ্জ্বাৰ মাজতে তেওঁলোকে পোহৰৰ উছৱ এইবাৰো আয়োজন কৰিছে৷ স্থানীয় লোকৰ মাজত দীপাৱলীৰ বিষয়ে প্ৰচলিত আছে এটা বিশেষ বিশ্বাস৷ তেওঁলোকৰ ধাৰণা অনুসৰি পোহৰৰ উৎসৱ আয়োজন নকৰিলে কাশ্মীৰত অসূয়া-অপ্ৰীতিৰ সৃষ্টি হয়৷ বিশেষ অসুবিধাজনিত কাৰণত কোনোবা বৰ্ষত দীপাৱলী আয়োজন কৰিব নোৱাৰিলে অপদেৱতাৰ কু-দৃষ্টি কাশ্মীৰত পৰে বুলিও তেওঁলোকে বিশ্বাস কৰে৷
 
কাশ্মীৰৰ মুছলমান মহিলাই দিৱালী উদযাপনৰ দৃশ্য
 
এইবাৰো দীপাৱলীৰ আগতীয়া প্ৰস্তুতি চলাই কাশ্মিৰী জনতাই সজাইছে নিজৰ ঘৰ৷ একেদৰে আমিৰা কাড়লৰ হনুমান মন্দিৰতো স্থানীয় জনতাই পাল পাতি বন্তি প্ৰজ্জ্বলন কৰিছে৷ সংকট মোচক হনুমানৰ মন্দিৰত বন্তি জ্বলাইছে স্থানীয় মুছলমানসকলেও৷ সৰ্বোপৰি শিখসকল হৈছে দীপাৱলী উদযাপনৰ অভিন্ন অংগ৷ তেওঁলোকে কাশ্মীৰৰ আন্ধাৰ নাশি উদযাপন কৰিছে পোহৰৰ উছৱ৷

স্থানীয় পৰম্পৰা বাহাল ৰাখি কাশ্মিৰী নাৰীকুল প্ৰতিসন্ধ্যা হনুমান মন্দিৰত সমৱেত হৈছে৷ তেওঁলোকে আলোকসজ্জ্বাৰে পূজা কৰিছে বজৰংবলীক৷ ভিন্ন ধৰ্ম, অভিন্ন সংস্কৃতিৰ চিৰকালীন পৰম্পৰাক মানি কাশ্মীৰৰ মুছলমানেও দায়িত্ব পালন কৰিছে৷ তেওঁলোকে ভিন্ন স্থানত বন্তি প্ৰজ্জ্বলনৰ বাবে যোগান ধৰিছে চাকি আৰু তেল৷ বৰ্তমান ঈদৰ প্ৰাকক্ষণৰ দৰেই কাশ্মীৰৰ বজাৰ হৈ পৰিছে উৎসৱমুখৰ৷ বোপাককাৰ পৰম্পৰা অনুযায়ীয়েই উছৱৰ আনন্দত মতলীয়া হৈ পৰিছে কাশ্মিৰী৷

ভাৰতীয়ত্বৰ ধাৰণা অনুসৰিয়েই দীপাৱলীৰ আয়োজনত আকৌ মূল ভূমিকা পালন কৰিছে অযোধ্যাৰ বিলাল আনছাৰিয়ে৷ প্ৰতিবছৰৰ দৰেই এইবাৰো মন্দিৰ নগৰীত চৰকাৰে আয়োজন কৰিছে দীপোৎসৱ৷ শ্ৰীৰামচন্দ্ৰৰ গৃহ আগমনৰ সময়ত অযোধ্যা হৈ পৰিছে উন্মনা৷ পিছে এতিয়া উৎসৱ উদযাপনৰ আঁৰৰ নায়ক হৈছে বিলাল আনছাৰি৷ সৰযু নদীৰ পাৰত ২২ লাখ গচি চাকি জ্বলাবলৈ চৰকাৰক সহায় কৰিছে বিলালে৷ অৱশ্যে তেওঁৰ সৈতে আছে গোলাম ছাৰৱাৰ নামৰ লোকজন৷
 

অযোধ্যাত দীপোৎসৱৰ ৰাজকীয় আয়োজন, ইনছেটত বিলাল আৰু গোলাম
 
অযোধ্যাত দীপোৎসৱৰ ৰাজকীয় আয়োজনৰ সময়ত বিলাল আনছাৰিয়েই হৈ পৰে প্ৰশাসনৰ সবাতোকৈ প্ৰয়োজনীয় ব্যক্তি৷ তেওঁ যোগান ধৰে প্ৰজ্জ্বলনৰ বাবে প্ৰয়োজনীয় চাকি৷ যিহেতু অযোধ্যাত একেদিনাই ২২ লাখ গচি বন্তি জ্বলোৱা হয়, সেয়ে প্ৰয়োজন অনুসৰি মাটিৰ চাকি সংগ্ৰহ কৰাটো কঠিন হৈ পৰে৷ কেবাট্ৰাক মাটিৰ চাকি গোটাবলৈ প্ৰশাসনক লাগে দীঘলীয়া সময়৷

পিছে বিলাল আনছাৰি আৰু গোলাম থাকিলে চাকি গোটাবলৈ চিন্তাই নকৰে অযোধ্যাৰ প্ৰশাসনে৷ তেওঁলোকে প্ৰয়োজন অনুসৰি যোগান ধৰে মাটিৰ চাকি৷ বিগত কেবাবছৰো দীপোৎসৱৰ সময়ত অযোধ্যা আলোকিত কৰিছে বিলালৰ কমাৰশালত তৈয়াৰ কৰা মাটিৰ চাকিয়ে৷ ইছলাম ধৰ্মাৱলম্বী বিলালে প্ৰতিটো উৎসৱৰ বাবেই মাটিৰ চাকি যোগান ধৰি আহিছে৷ সেয়ে দীপাৱলী হৈ পৰিছে তেওঁৰ বাবে হেঁপাহৰ উৎসৱ৷

তেওঁ অযোধ্যাত স্থাপন কৰা বিশাল কুমাৰশালত দৈনিক ৪ হাজাৰ গচি চাকি তৈয়াৰ কৰে৷ সেই বন্তিৰ সমুদায় দীপোৎসৱত ব্যৱহাৰ কৰা হয়৷ আনহাতে অতিৰিক্ত চাকি যোগান ধৰে গোলাম ছাৰৱাৰে৷ অযোধ্যাৰে যুৱকজনে যিকোনো আকাৰৰ চাকিয়েই প্ৰশাসনক বিক্ৰী কৰে৷ তেওঁ স্থাপন কৰা এটা দলেই দীপোৎসৱৰ সিংহভাগ কাম পৰিচালনা কৰি আহিছে৷
 

গোলাম ছাৰৱাৰ আৰু বিলাল আনছাৰীৰ প্ৰচেষ্টাত যোৱা বছৰ অযোধ্যাত দীপোৎসৱ মনোমোহা হৈ উঠিছিল
  
যোৱাবাৰ দীপোৎসৱত গোলাম ছাৰৱাৰে প্ৰশাসনক যোগান ধৰিছিল ১.৫ লাখ লিটাৰ মিঠাতেল৷ চাকি জ্বলাবলৈ তেওঁ মিঠাতেলৰ উপৰি শলিতাৰ বাবে কঁপাহো যোগান ধৰিছিল৷ এইবাৰো গোলামে অনুৰূপ দায়িত্ব লাভ কৰিছে৷ এই অনুষ্ঠান পৰিচালনাৰ বাবে আকৌ উত্তৰ প্ৰদেশ চৰকাৰে অৱধ বিশ্ববিদ্যালয়ৰ অদ্যাপকক ন’ডেল বিষয়া হিচাপে দায়িত্ব প্ৰদান কৰে৷
 
তেওঁলোকৰ সৈতে সন্মিলিতভাৱে সৰযুৰ দুয়োপাৰ সজাই তোলে বিলাল আৰু গোলামে৷ উৎসৱৰ আনন্দ উপভোগৰ বাবে মন্দিৰ নগৰীত সমৱেত হোৱা অভ্যাগতকো তেওঁলোকে জনাই অভ্যৰ্থনা৷ এইবাৰো পূৰ্বৰ দৰেই গধুৰ দায়িত্ব পালন কৰিবলৈ অযোধ্যাৰ দুয়োজন মুছলমান যুৱক সাজু হৈছে৷ উত্তৰ প্ৰদেশৰ সন্ন্যাসী মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্দেশক্ৰমে দীপোৎসৱৰ বাবে চাকি, শলিতা আৰু মিঠাতেল যোগান ধৰিবলৈ চলায়েই আছে বহুদিনীয়া প্ৰস্তুতি৷

শ্ৰীৰামচন্দ্ৰৰ গৃহলৈ প্ৰত্যাৱৰ্তনৰ উপলক্ষত অনুষ্ঠিত অনুষ্ঠান মনোমোহা কৰিবলৈ এই দুই যুৱেক চলাইছে আপ্ৰাণ চেষ্টা৷ ধৰ্মীয় পৰিচয় অটুট ৰাখিও তেওঁলোকে সাংস্কৃতিক সমন্বয়ৰ বাবে চলাই আছে কাৰ্যক্ৰম৷ অযোধ্যাৰ পৰাই দেশলৈ বিয়পিছে সমন্বয়ৰ বতৰা৷
 
(লেখক এজন ব্ল’গাৰ)