ঔৰংজেৱে আমৰ নাম কিয় সংস্কৃতত ৰাখিছিল?

Story by  atv | Posted by  Munni Begum • 5 d ago
ঔৰংজেৱ আৰু আমৰ প্ৰতিনিধিত্বমূলক ছবি
ঔৰংজেৱ আৰু আমৰ প্ৰতিনিধিত্বমূলক ছবি
 
ইউছুফ তাহমী / দিল্লী
 
গ্ৰীষ্মকালছোৱা হৈছে বিশ্বৰ উপমহাদেশসমূহৰ বাবে আমৰ বতৰ। এই উপমহাদেশসমূহৰ ভিতৰত সৰ্বাধিকক আম উৎপাদনকাৰী দেশ হৈছে ভাৰত। উৰ্দু কবিতাসমূহটো আটাইতকৈ বেছি প্ৰশংসিত ফল হৈছে আম। হাস্যৰসৰ কবি সাগৰ খায়্যামীয়ে আমৰ বিষয়ে বহু আমোদজনক কবিতা ৰচনা কৰিছে। প্ৰথমে আলোচনা কৰো আঁহক যে, এটা আমক কিয় 'চৈছা' নামেৰে নামাকৰণ কৰা হৈছিল।   
 
'চৈছা' আম বিহাৰ আৰু পূব উত্তৰ প্ৰদেশৰ বিশেষভাৱে উৎপাদিত সামগ্ৰী হিচাপে পৰিগণিত হৈ আহিছে। সম্প্ৰতি পাকিস্তানৰ ৰহিম য়াৰ খান আৰু মুলতান চহৰতো এই আমৰ খেতি বহুলভাৱে কৰা হয়। পূৰ্বতে পূব উত্তৰ প্ৰদেশৰ সৈতে থকা বিশেষ সম্পৰ্কৰ ওপৰত ভিত্তি কৰি ইয়াক 'গাজীপুৰীয়া' আম বুলি কোৱা হৈছিল। ঠিক তেনেদৰে যিদৰে এবিধ বিশেষ প্ৰজাতিৰ আমক 'বোম্বাইয়া' আৰু 'কলিকতীয়া' বুলি কোৱা হয়।  
 
দুগৰাকী ব্যৱসায়ীয়ে আম বিক্ৰী কৰিবলৈ ৰৈ আছে
 
গ্ৰীষ্ম ঋতুৰ আৰম্ভণিতে হোৱা এবিধ ফল হৈছে 'বোম্বাইয়া' আম, আনহাতে 'কলিকতীয়া' আমবিধ হৈছে ডাঙৰ আৰু মঙহালযুক্ত। এই আমবিধ বাৰিষাৰ শেষৰফালে হোৱা এবিধ ফল। অন্য আমৰ তুলনাত  'কলিকতীয়া' আমৰ সোৱাদত কোনো বিশেষ পাৰ্থক্য নাই, ইয়াৰ সোৱাদ মিঠা। হয়তো মিৰ্জা গালিবে এই আমবিধ খাই বেছি ভাল পাইছিল, সেয়েহে তেওঁ ইয়াক ডাঙৰ আৰু মিঠা বুলি প্ৰশংসা কৰিছিল।  
 
জুন মাহত হালধীয়া ৰঙলৈ পৰিৱৰ্তিত হোৱা 'গাজীপুৰীয়া' আমক আফগান ৰজা শ্বেৰ শ্বাহ ছুৰীয়ে 'চৈছা' নামেৰে নামাকৰণ কৰিছিল। দৰাচলতে, বিহাৰৰ চৌছাত ১৫৩৯ চনত সংঘটিত হোৱা যুদ্ধত ছুৰীয়ে যেতিয়া হুমায়ুনক পৰাস্ত কৰিছিল, সেই সময়ত তেওঁ তেওঁৰ ভালপোৱা আমেৰে বিজয় উদযাপন কৰিছিল আৰু এই আমটোৰ নাম 'চৈছা' বুলি নামাকৰণ কৰিছিল। সেইবাবেই আজিও ইয়াক 'চৈছা' আম বুলিয়ে জনা যায়।  
 
কোৱা হয় যে, শ্বেৰ শ্বাহ ছুৰীয়ে তেওঁৰ বিজয়ৰ উপহাৰ হিচাপে আন অঞ্চলৰ মুৰব্বীসকললৈ উপহাৰ হিচাপে 'চৈছা' আম প্ৰেৰণ কৰিছিল। যদিও চৌছা  যুদ্ধই শ্বেৰ শ্বাহ ছুৰীৰ সাম্ৰাজ্যক অধিক শক্তিশালী কৰি তুলিছিল, সময়ৰ লগে লগে ইয়াৰ গুৰুত্ব আৰু অধিক বৃদ্ধি পাই আহিছিল।
 
এখন আমৰ বাগিছে
 
যেতিয়া মোগল সম্ৰাট শ্বাহজাহান ডেক্কানৰ বুৰহানপুৰৰ ৰাজ্যপাল হৈ আছিল, তেতিয়া তাত তেওঁ আম গছ ৰোপণ কৰিছিল আৰু ইয়াৰে ভিতৰত দুবিধ তেওঁৰ বৰ ভাল লগা গছ আছিল। তেওঁ যেতিয়া ৰজা হৈছিল, তেতিয়া ডেক্কানৰ দায়িত্ব তেওঁৰ পুত্ৰ ঔৰংজেৱৰ ওপৰত পৰিছিল।  
 
ঔৰংজেবৰ কঠোৰ নিৰ্দেশ আছিল যে এই আমবিধৰ বিশেষ নিৰীক্ষণ কৰা যাওঁক আৰু ফলবোৰ আগ্ৰা বা দিল্লী তেওঁ য'তেই নাথাকক কিয় তালৈ পঠিয়াব লাগিব। ৰজাৰ নিৰ্দেশত আমৰ বতৰত ইয়াক চোৱাচিতা কৰিবলৈ বিশেষভাৱে ৰক্ষী নিযুক্ত কৰা হৈছিল আৰু আন দিনত এই গছবোৰৰ বিশেষ যত্ন লোৱা হৈছিল যাতে গছবোৰৰ পৰা উন্নতমানৰ ফল লাভ কৰিব পৰা যায়।  
 
এবাৰ এই গছবোৰৰ ফল সম্ৰাট শ্বাহজাহানলৈ পঠিয়াই দিয়া হৈছিল। যাৰ পৰিমাণ আৰু সংখ্যা পূৰ্বতকৈ কিছু কম আছিল আৰু ইয়াৰ কিছুমান আম নষ্টও হৈ গৈছিল। ইয়াৰ বাবে শ্বাহজাহানে তেওঁৰ পুত্ৰক ধমক দিছিল। আদাব আলমগিৰীৰ মতে, ঔৰংজেৱে তেওঁৰ পিতৃৰ ধমকৰ উত্তৰত এখন চিঠি লিখিছিল, য’ত তেওঁ কৈছিল, "ইয়াত তেওঁৰ কোনো দোষ নাই। বেয়া বতৰ, বতাহ আৰু শিলাবৃষ্টিৰ বাবে ফলবোৰ নষ্ট হৈ গৈছে।"   
 
প্ৰতিনিধিত্বমূলক ছবি
 
অৱশ্যে, শ্বাহজাহানৰ সময়ত বিহাৰ আৰু বংগত বৃহৎ আমৰ বাগিচা প্ৰতিষ্ঠা কৰা হৈছিল আৰু সেইবোৰত বহু প্ৰজাতিৰ আমগছৰ বিকাশও কৰা হৈছিল। আজি ভাৰতত ডেৰ হাজাৰতকৈও অধিক আমৰ প্ৰজাতি আছে আৰু বৰ্তমান প্ৰতিজোপা গছৰ বিভিন্ন ডালত বিভিন্ন ধৰণৰ ফল লগা দেখিবলৈ পোৱা যায়।   
 
শ্বাহজাহানৰ দৰে ঔৰংজেৱেও আম খাবলৈ ভাল পাইছিল। উপহাৰ হিচাপে তেওঁলৈ আম পঠিওৱা হৈছিল। এবাৰ ঔৰংজেৱৰ পুত্ৰই তেওঁলৈ দুটা নতুন প্ৰজাতিৰ আম পঠিয়াইছিল আৰু সেইবোৰৰ নামাকৰণ কৰিবলৈ অনুৰোধ কৰিছিল। যদিও ভাৰতত ঔৰংজেৱক হিন্দু বিদ্বেষী হিচাপে চিত্ৰিত কৰা হৈছিল, কিন্তু প্ৰকৃততে তেওঁ তেনে নাছিল। তেওঁৰ দৰবাৰত থকা অধিকাংশই হিন্দু সম্প্ৰদায়ৰ সামন্ত আছিল। 
 
আনহাতে, তেওঁ তেওঁৰ পুত্ৰৰ অনুৰোধত দুয়োবিধ আমৰ নাম সংস্কৃত নামেৰে নামাকৰণ কৰিছিল। এটা আমৰ নাম আছিল 'সুধাৰস' আৰু আনটোৰ নাম 'ৰসনাবিলাস'। সংস্কৃত সুধা শব্দৰ অৰ্থ অমৃত আৰু আনটো ৰস শব্দৰ অৰ্থ ৰস। এইদৰে এই আমৰ নাম ৰস অমৃত হৈ পৰিল। অমৃতক উৰ্দু ভাষাত 'জীৱন জল' বুলিও কব পাৰি। 
 
এখন আমৰ বজাৰ
 
হিন্দীত সংস্কৃত শব্দ ৰসনা মানে জিভা, যিয়ে আপোনাক সোৱাদ অনুভৱ কৰাত সহায় কৰে, আনহাতে বিলাস মানে আনন্দ। লক্ষণীয় যে, ঔৰংজেৱৰ সংস্কৃত ভাষাৰ দখল খুব ভাল আছিল। কেতিয়াবা তেওঁ নিজৰ পছন্দৰ শব্দও ব্যৱহাৰ কৰিছিল। এই বিষয়ত সাগৰ খায়ামীয়ে এটা কবিতাও ৰচনা কৰিছে। 
 
উল্লেখ্য যে, ঔৰংজেৱৰ দিনত কৃষি আৰু উদ্যান শস্যৰ প্ৰসাৰ ঘটিছিল, য’ত আম উৎপাদনও অন্তৰ্ভূক্ত হৈ আছিল। ‘আদাব আলমগিৰি’ নামৰ ঐতিহাসিক গ্ৰন্থখনত ঔৰংজেৱ আৰু আম সম্পৰ্কীয় কাহিনীসমূহ লিপিবদ্ধ কৰা হৈছে। ভাৰতত আম খেতি আৰু প্ৰজাতিৰ বিকাশ শতিকাজুৰি চলি আহিছে।   
 
তদুপৰি, ঔৰংজেৱক প্ৰায়ে উগ্ৰ মোগল সম্ৰাট হিচাপে গণ্য কৰা হয়, যদিও 'চৈছা' আম, 'সুধা ৰাস' আম আৰু 'ৰসনাবিলাস' আম আদি নাম বাছনি কৰাটোৱে তেওঁৰ সংস্কৃতৰ প্ৰতি থকা আগ্ৰহ আৰু জ্ঞানৰ প্ৰতিফলন ঘটায়। এই প্ৰতিবেদনটিয়ে মোগল দৰবাৰত আমৰ প্ৰতি থকা গুৰুত্ব আৰু ভাৰতত এই ফলৰ চহকী ঐতিহ্যক উজ্জ্বল কৰি তুলিছে।