পোহৰৰ উৎসৱে আলোকিত কৰিবনে বৰপেটাৰ থলুৱা আতচবাজী শিল্পীৰ জীৱন ?

Story by  atv | Posted by  Munni Begum • 23 d ago
আতচবাজী নিৰ্মাণত ব্যস্ত বৰপেটাৰ থলুৱা আতচবাজী শিল্পীসকল
আতচবাজী নিৰ্মাণত ব্যস্ত বৰপেটাৰ থলুৱা আতচবাজী শিল্পীসকল
 
স্বপ্না দাস 
 
আলোকময়তাত চৌপাশ উজলাই তোলা দেৱালী উৎসৱৰ সৈতে ধৰ্মীয় বিশ্বাস, লোকগাথা আদি জড়িত হৈ থকাৰ উপৰি এই কথাও সন্দেহাতীত যে দীপান্বিতা পোহৰৰ জয়গান গোৱা হয়। আমাৱস্যাৰ নিশা পদূলিয়ে পদূলিয়ে লানি লানি মাটিৰ চাকি, মমবাতি আদিৰ আলোকেৰে জোনাকী ৰাতিৰ নিচিনাই পোহৰময় হৈ উঠে। ইয়ো একপ্ৰকাৰ জীৱনকে অনুপ্ৰেৰণা দিয়ে। এন্ধাৰৰ পাছতেই পোহৰ আহে অথবা বিচাৰি চেষ্টা কৰিলেই অন্ধকাৰচ্ছন্নতাকো পোহৰময়তালৈ পৰিণত কৰাব পাৰি বুলি দেৱালীয়ে আমাক জীৱনক প্ৰেৰণা দিয়ে ।
 
বন্তি, মমবাতিৰ নিচিনাকৈয়ে দেৱালীৰ আন এক অভিন্ন অংগসম হৈ পৰিছে আতচবাজী। তৈলবন্তি, মমবাতি আদিৰ পোহৰত চৌপাশ আলোকিত হোৱাৰ দৰেই দীপাৱলীৰ নিশা দশোদিশে শুনা যায় আতচবাজীৰ শব্দ; আকাশতো বুটা বাচে ৰং-বিৰঙী আতচবাজীয়ে। আতচবাজী প্ৰসংগ উত্থাপন হ'লেই বৰপেটাৰ থলুৱা আতচবাজী শিল্পৰ প্ৰসংগ মনলৈ আহে। অন্য বিভিন্ন প্ৰান্তৰ লগতে ‘অসমৰ দ্বিতীয় বৈকুণ্ঠপুৰী’ হিচাপে বিখ্যাত বৰপেটাৰ আতচবাজী শিল্পৰ আছে সুকীয়া বৰ্ণিল ইতিহাস। জনামতে ১৮৮৫ চনতে বৰপেটাৰ বংশী পাঠকে আৰম্ভ কৰিছিল এই শিল্প।
 
গুৱাহাটীৰ আমবাৰীত বৰপেটাৰ থলুৱা কাৰিকৰে প্ৰস্তুত  কৰা ফটকাৰ এখন বিপণি
 
পোনতে বৰপেটাৰ আতচবাজী শিল্প কেৱল সত্ৰনগৰীখনৰ 'দেউল'কেন্দ্ৰিক আছিল। অৱশ্যে পিছলৈ ইয়াৰ জনপ্ৰিয়তাৰ বিস্তৃতি বৃদ্ধি পাই সমগ্ৰ অসমতে সুকীয়া পৰিচিতি লাভ কৰিবলৈ সক্ষম হয় বৰপেটাৰ আতচবাজী শিল্পই। আনকি ইংৰাজ ৰাজত্বকালতো হেনো উচ্চ প্ৰশংসিত হৈছিল বৰপেটাত নিৰ্মিত আতচবাজী। তাহানিতে ৰাণী ভিক্টোৰিয়াই বৰপেটাৰ আতচবাজী শিল্পৰ প্ৰদৰ্শন প্ৰত্যক্ষ কৰি মুগ্ধ হোৱাৰ উপৰি হেনো ভূয়সী প্ৰশংসা কৰিছিল। তেওঁ ইমানেই মুগ্ধ হৈছিল যে আতচবাজী নিৰ্মাণৰ বাবে প্ৰদান কৰিছিল দুবিঘাকৈ মাটি। তাতেই তেতিয়াৰ পৰা আতচবাজী নিৰ্মাণ কৰা হৈ আছিল যদিও শেহতীয়াকৈ সত্ৰনগৰীখনৰ গণককুছিৰ সমীপত স্থাপন কৰা আতচবাজী গ্ৰামত সম্প্ৰতি আতচবাজী নিৰ্মাণ কৰা হয়।
 
যি কি নহওক, তাহানিৰে পৰা আজিলৈকে ৰৈ থকা নাই বৰপেটাৰ আতচবাজী শিল্পৰ যাত্ৰা। বিভিন্ন অনকূল তথা প্ৰতিকূল পৰিৱেশ-পৰিস্থিতিকো হেলাৰঙে অতিক্ৰম কৰি আজিকোপতি বৰপেটাৰ আতচবাজী শিল্পৰ যাত্ৰা অগ্ৰসৰ হৈ আছে। স্থানীয় লক্ষ্মী পাঠক, আগতি পাঠক, মৰমী পাঠক, ৰীতামণি পাঠককে ধৰি সত্ৰনগৰীখনৰ পাঠক উপাধিধাৰী অনেকগৰাকী লোক সম্প্ৰতি আতচবাজী নিৰ্মাণৰ লগত জড়িত। মণিছুনা আতচবাজী উদ্যোগ, লক্ষ্মী ফায়াৰ ৱৰ্ক্‌ছ ইণ্ডাষ্ট্ৰী, মনোৰঞ্জন আতচবাজী, বৰপেটা আতচবাজী উদ্যোগ আদি সাম্প্ৰতিক বৰপেটাৰ কেইটামান অগ্ৰণী আতচবাজী নিৰ্মাণ উদ্যোগ। বৰপেটা চহৰৰ বিলৰতাৰীহাটীত গোপজিৎ পাঠকৰ নেতৃত্বত ‘বৰপেটা আতচবাজী শিল্প সমবায় সমিতি লিমিটেড’ নামৰ অনুষ্ঠান এটাও গঢ় দিয়া হৈছে৷
 
বৰপেটাৰ বিলৰতাৰীহাটীত গোপজিৎ পাঠকৰ নেতৃত্বত গঢ়ি উঠা 'বৰপেটা আতচবাজী শিল্প সমবায় সমিতি লিমিটেড'
 
পোহৰৰ উৎসৱ দেৱালী আহিলেই বৰপেটাৰ আতচবাজী শিল্পীসকল ব্যস্ত হৈ পৰে৷ বছৰৰ অন্য সময়তো তেওঁলোক ব্যস্ত থাকে যদিও দেৱালীৰ পূৰ্বে সেই ব্যস্ততা যেন বাঢ়ে। দিনে-নিশাই তেওঁলোক আতচবাজী নিৰ্মাণত ব্যস্ত হয়। ৰাজ্যজুৰি বৰ কদৰ সত্ৰনগৰীখনৰ আতচবাজীৰ। হাতীদাঁতৰ শিল্পকে ধৰি অন্য কিছু হস্তশিল্পৰ দৰেই বৰপেটাৰ আতচবাজী শিল্পৰো আন এক সুকীয়া পৰিচিতি আছে বুলিব পাৰি। বহু বছৰ আগৰে পৰাই এতিয়ালৈকে বৰপেটাৰ আতচবাজীয়ে শদিয়াৰ পৰা ধুবুৰীলৈ বিশেষ কদৰ লাভ কৰি অহা পৰিলক্ষিত হয়। তাহানিৰে পৰা তৈয়াৰ কৰা হাজাৰী পট্টা, চকলেট, কলগছ, ফানুছ আদি আতচবাজীৰ উপৰি বৰপেটাত থলুৱাভাৱে নিৰ্মিত আছ্‌মান গোলা, চেৰেকী, মতা, মতাৰগেছ আদি আতচবাজীৰ জনপ্ৰিয়তাক বেলেগে উল্লেখৰ প্ৰয়োজন কিজানি নাই। সময়ে সময়ে নিৰ্মিত লাডেন, গাজা আদি আতচবাজীয়েও জনপ্ৰিয়তা লাভ কৰে ।
 
কিন্তু বৰপেটাৰ আতচবাজী শিল্পীসকলৰ জীৱনগাঁথা যেন বৰ দুঃসহ। বিভিন্ন প্ৰতিকূলতাক নেওচি যে তেওঁলোকে সাতামপুৰুষীয়া থলুৱা আতচবাজী শিল্পৰ সৈতে জড়িত হৈ আছে সেই কথা আতচবাজী গাঁৱত খোজ পেলালে, শিল্পীসকলৰ জীৱন যাত্ৰাৰ উমান ল’লেই জলজল-পটপট হৈ পৰে৷ কেঁচা সামগ্ৰীৰ মূল্যবৃদ্ধি তথা সুলভতাহীনতাই বৰপেটাৰ থলুৱা আতচবাজী শিল্পীসকলক একপ্ৰকাৰ চিন্তান্বিত কৰি আহিছে বুলি স্থানান্তৰত চৰ্চা পৰিলক্ষিত হয়। তদুপৰি থলুৱা আতচবাজীৰ সলনি বজাৰত উপলব্ধ চীনা আতচবাজী, বহুজাতিক কোম্পানী নিৰ্মিত সুলভ মূল্যৰ আতচবাজী আদিৰ প্ৰতি জনগণৰ আগ্ৰহেও বৰপেটাৰ থলুৱা আতচবাজী শিল্পীসকলৰ কেতিয়াবা উছাহ ম্লান পেলাব বিচাৰে যদিও শিল্পবিধৰ প্ৰতি থকা টানৰ বাবেই তেওঁলোকে অনেক প্ৰতিকূলতাকো নেওচি জড়িত হৈ আছে থলুৱা আতচবাজী শিল্পৰ সৈতে।
 
বজাৰত উপলব্ধ বিভিন্ন প্ৰকাৰৰ আতচবাজী
 
চৰকাৰৰ ফালৰ পৰা বৰপেটাৰ থলুৱা আতচবাজী শিল্প আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কি কি ব্যৱস্থা হাতত লোৱা হৈছে? আমাৰ অনুভৱ যে ৰাইজৰ অলপ আস্থা আৰু চৰকাৰৰ পদক্ষেপত বৰপেটাৰ আতচবাজী শিল্পই হয়তো এতিয়াও জগত জিনিব পাৰে তাহানিতে ৰাণী ভিক্টোৰিয়াক মুগ্ধ কৰাৰ দৰে।
 
(লেখিকা এগৰাকী সমাজ সচেতন তৰুণ লেখক)