ছৌদি আৰৱত যোগাসনক জনপ্ৰিয় কৰাত মহিলাসকলে মুখ্য ভূমিকা গ্ৰহণ কৰিছেঃ পদ্মশ্ৰী নৌফ মাৰৱাই

Story by  atv | Posted by  [email protected] • 3 d ago
ছৌদি আৰৱৰ প্ৰথমগৰাকী চাৰ্টিফাইড যোগ প্ৰশিক্ষক পদ্মশ্ৰী নৌফ মাৰৱাই
ছৌদি আৰৱৰ প্ৰথমগৰাকী চাৰ্টিফাইড যোগ প্ৰশিক্ষক পদ্মশ্ৰী নৌফ মাৰৱাই
 
ৰিয়াদ

সাত বছৰ পূৰ্বে ছৌদি আৰবে নিসংকোচে যোগাসনক গ্ৰহণ কৰিছিল আৰু এতিয়া এই প্ৰাচীন ভাৰতীয় প্ৰথা ছৌদি আৰৱত যথেষ্ট জনপ্ৰিয় হৈ পৰিছে। দেশখনত যোগাসনক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত মহিলাসকলৰ যথেষ্ট অৱদান আছে। এই মন্তব্য আগবঢ়াইছে ছৌদি আৰৱৰ প্ৰথমগৰাকী চাৰ্টিফাইড যোগ প্ৰশিক্ষক তথা পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথমগৰাকী আৰবৰ মহিলা নৌফ মাৰৱাই। তেওঁ কয় যে ছৌদি আৰবে স্বাস্থ্য আৰু সুস্থতাৰ বাবে ভাল যিকোনো বস্তু ভাল পায় আৰু ইয়াক আদৰি লয়।

২০১৭ চনত ছৌদি আৰৱত যোগৰ প্ৰৱৰ্তনত মাৰৱাইয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু ২০১৮ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰিছিল। সম্প্ৰতি তেওঁ ২০২১ চনত স্থাপিত ছৌদি যোগ সমিতিৰ মুৰব্বী আৰু আৰব যোগ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক তথা সভানেত্ৰী।
 
তেওঁ কয় যে বৰ্তমান ছৌদি আৰৱৰ যোগাসন ক্ষেত্ৰখনত মহিলাই আধিপত্য বিস্তাৰ কৰিব। এই জানুৱাৰী মাহত আল-ৱাহদা ক্লাব আৰু ছৌদি যোগ সমিতিৰ দ্বাৰা মক্কাত অনুষ্ঠিত হোৱা দ্বিতীয়টো Saudi Open Yoga Asana Championshipত ৫৬ গৰাকী ছোৱালী আৰু ১০ জন ল’ৰাই অংশগ্ৰহণ কৰিছিল বুলিও তেওঁ কয়।
 
এগৰাকী মহিলাক যোগাসন শিকাই থকা সময়ত নৌফ মাৰৱাই
 
উল্লেখ্য যে, মাৰৱাইৰ বয়স মাত্ৰ ১৭ বছৰ থকা অৱস্থাত তেওঁৰ শৰীৰত লুপাছ ইৰিথেমেটাছাছ নামৰ এবিধ সংক্ৰামক ৰোগ ধৰা পৰিছিল। "ডাক্তৰে মোৰ পিতৃ-মাতৃক কৈছিল মই বেছি দিন জীয়াই নাথাকো। মোক স্কুললৈ নাযাবলৈ কোৱা হৈছিল আৰু তেতিয়াই মই ৰিয়াদত ঘৰতে যোগাসন শিকিছিলো। মোৰ স্বাস্থ্যৰ অৱস্থা আচৰিত ধৰণে উন্নত হ’বলৈ ধৰিলে। অৱশেষত যোগাসনৰ বিষয়ে অধিক জানিবলৈ ভাৰতলৈ যোৱাৰ সিদ্ধান্ত ল’লোঁ৷" যোগৰ সৈতে জড়িত হোৱাৰ কথা স্মৰণ কৰি তেওঁ এইদৰে কয়।
 
তেওঁ লগতে কয় যে ২০০৮ চনত মই যোগ আৰু আয়ুৰ্বেদ অধ্যয়ন কৰিবলৈ ভাৰতলৈ গৈছিলো আৰু মোৰ জীৱনত ই এক ডাঙৰ পৰিৱৰ্তন ঘটিছিল। ইছলামৰ জন্মস্থান ছৌদি আৰৱত যোগাসনৰ প্ৰৱৰ্তন কিমান কঠিন আছিল বুলি সোধাত মাৰৱাইয়ে পিটিআইক কয়, “মই ভাবো যে ছৌদি জনসাধাৰণে মাত্ৰ এই কথা জনাটো দৰকাৰ যে যোগাসন কৰাটো তেওঁলোকৰ ধৰ্মৰ সৈতে সংঘাতপূৰ্ণ নহয়।”
 
তেওঁ কয় যে যোগ এক বিশাল ক্ষেত্ৰ আৰু ইয়াৰ আৰম্ভণি অতি প্ৰাচীন। "মই বিশ্বাস কৰোঁ যে আপোনাৰ জীৱনৰ উন্নতিৰ বাবে কোনো এক দৰ্শন অধ্যয়ন আৰু শিকিলে কোনো ক্ষতি নহয়। বেদৰ পৰা অহা বৈদিক দৰ্শন আৰু যোগ আচলতে প্ৰাচীন আৰু মানৱতাৰ বাবে হাজাৰ হাজাৰ বছৰ ধৰি জীয়াই থকা এক পৰম্পৰা।"-ছৌদি আৰৱৰ প্ৰথমগৰাকী চাৰ্টিফাইড যোগ প্ৰশিক্ষক তথা পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথমগৰাকী আৰবৰ মহিলা নৌফ মাৰৱাই কয়।
 
এটা ব্যক্তিগত টেলিভিছন চেনেলৰ এক অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধনখেড়ৰ পৰা বঁটা গ্ৰহণ কৰিছে নৌফ মাৰৱাই
 
মাৰৱাইৰ মতে, যোগাসন শিকাৰ সময়ত তেওঁ ছৌদি আৰৱৰ লোকৰ পৰা তেনেকৈ কোনো বিৰোধিতা পৰা নাছিল, বাহিৰৰ লোকৰ পৰাহে বিৰোধিতাৰ সন্মুখীন হৈছিল। "ছৌদিসকলে বিভিন্ন সংস্কৃতি ভাল পায়, তেওঁলোকে অন্বেষণ কৰি ভাল পায়, তেওঁলোকে নিজৰ ধৰ্মীয় বিশ্বাস ভালকৈ জানে। যদি ধৰ্মৰ সৈতে কোনো বিষয়ৰ সংঘাত নহয়, তেন্তে তেওঁলোকে নতুনক আঁকোৱালি ল'বলৈ বৰ দ্বিধাবোধ নকৰে। স্বাস্থ্য আৰু জীৱনৰ মংগলৰ বাবে ভাল বুলি বিবেচিত যিকোনো বস্তু ছৌদি আৰৱৰ মানুহে ভাল পায়।" নৌফ মাৰৱাই কয়।
 
যোৱা বছৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত ছৌদি জনসাধাৰণকে ধৰি প্ৰায় ১০ হাজাৰ লোকে অংশগ্ৰহণ কৰিছিল বুলিও তেওঁ জানিবলৈ দিয়ে। 


শেহতীয়া খবৰ