হাতী- মানুহৰ সহাবস্থানৰ বাবে প্ৰাথমিক বিদ্যালয়ৰ চৌপাশে সৌৰ বেৰ স্থাপন আৰণ্যকৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰাথমিক বিদ্যালয়ৰ চৌপাশে সৌৰ বেৰ স্থাপন
প্ৰাথমিক বিদ্যালয়ৰ চৌপাশে সৌৰ বেৰ স্থাপন
 
আৱাজ-দ্য ভইচ অসম ব্যুৰো
 
অসমৰ বিভিন্ন প্ৰান্তত মানৱ-হাতী সংঘাতৰ (এইচ ই চি) ক্ৰমবৰ্ধমান সমস্যাই জনসাধাৰণৰ এক বৃহৎ অংশৰ জীৱন আৰু জীৱিকা কষ্টকৰ কৰি তোলাৰ উপৰিও কেতবোৰ স্থানত শিশু শিক্ষাৰ্থীৰ শিক্ষাত ব্যাঘাত জন্মোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ সম্পত্তি আৰু জীৱনৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে।
 
মানৱ-হাতী সংঘাত প্ৰৱণ এলেকাৰ মূল স্থানত থকা এনে বিদ্যালয়ৰ আশে-পাশে এই সংঘাত প্ৰশমন আৰু মানৱ-বন্যপ্ৰাণী সহাৱস্থানক উদগনি যোগোৱাৰ উদ্দেশ্যে লোৱা পৰীক্ষামূলক পদক্ষেপৰ অংশ হিচাপে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে শেহতীয়াকৈ দুখন এল পি স্কুল আৰু এটা অংগনৱাড়ী কেন্দ্ৰৰ চাৰিওফালে সৌৰশক্তিচালিত বেৰ স্থাপন কৰিছে।
 
সৌৰশক্তিচালিত বেৰ স্থাপন কৰি থকা এক মূহুৰ্ত
 
অসমৰ ওদালগুৰি আৰু গোৱালপাৰা জিলাৰ মানৱ-হাতী সংঘাত ক্ষতিগ্ৰস্ত এলেকাত একোখনকৈ নিম্ন প্ৰাথমিক বিদ্যালয় আৰু এটা অংগনবাড়ী কেন্দ্ৰ সৌৰশক্তিচালিত বেৰেৰে সুৰক্ষিত কৰি কমেও ১৪৫ টি শিশুৰ শিক্ষা অব্যাহত থকাটো নিশ্চিত কৰা হৈছে। ওদালগুৰি জিলাৰ খৈৰাবাৰী শিক্ষা খণ্ডৰ অন্তৰ্গত সোণাজুলিত ২ নং ৰাজহ গাঁওৰ ৩৩১ নং ননকে সোণাজুলি এল পি স্কুলৰ চাৰিওফালে এছ বি আই ফাউণ্ডেশ্যনৰ সহযোগত সৌৰবেৰ স্থাপন কৰা হৈছে। 
 
বনৰীয়া হাতীক বিদ্যালয় চৌহদৰ বাহিৰত ৰাখিব বুলি আশা কৰা এই সৌৰবেৰৰ জৰিয়তে বিদ্যালয়খনৰ অসমীয়া মাধ্যমৰ ৩০ আৰু বড়ো মাধ্যমৰ ২৫ শিক্ষাৰ্থীৰ লগতে এই বিদ্যালয়ৰ সংলগ্ন ৩০ টা শিশু থকা এটা অংগনবাড়ী কেন্দ্ৰকো সুৰক্ষিত কৰি মুঠ ৮৫ টি শিশুৰ শিক্ষাক উদগনি যোগোৱা হৈছে।  
 
এনেধৰণৰ আন এক প্ৰকল্পৰ অধীনত আৰণ্যকে ইউ এছ ফিছ এণ্ড ৱাইল্ড্লাইফ চাৰ্ভিছৰ সহযোগত গোৱালপাৰা জিলাৰ লক্ষীপুৰ বনাঞ্চলৰ কুমাৰখালি সংৰক্ষিত বনাঞ্চলৰ সমীপৰ আৰু ৬০ ৰো আধিক শিক্ষাৰ্থী থকা কাছিবাৰী কোচপাৰা এল পি স্কুলৰ চাৰিওফালে সৌৰশক্তিচালিত বেৰ স্থাপন কৰিছে। 
 
বিদ্যালয়ৰ চৌপাশে সৌৰ বেৰ স্থাপন
 
ভাৰত-ভূটান সীমাৰ ওচৰত অৱস্থিত ননকে সোণাই এল পি স্কুলখন ১৯৬২ চনত স্থাপন কৰা হৈছিল। বিদ্যালয়খনত তিনিজন শিক্ষক আৰু দুগৰাকী ৰান্ধনী আছে। বিগত পাঁচ বছৰত বছৰি কেইবাবাৰো বনৰীয়া হাতীয়ে বিদ্যালয় ভৱন ভাঙিবলৈ চেষ্টা কৰিছে যদিও গাঁওবাসীৰ সতৰ্কতাৰ বাবে বিদ্যালয়খন ৰক্ষা পৰিছে।  যোৱা বছৰ বনৰীয়া হাতীয়ে বিদ্যালয়খনৰ ক্ষতিসাধন কৰি পাকঘৰত জমা কৰি ৰখা শিক্ষাৰ্থীৰ মধ্যাহ্ন ভোজনৰ চাউল আৰু অন্যান্য খাদ্য সামগ্ৰীবোৰ খাই পেলাইছিল। 
 
অঞ্জন বৰুৱাৰ নেতৃত্বত দিবাকৰ নায়ক, ৰূপম গয়াৰী আৰু বিকাশ টোছাৰে গঠিত আৰণ্যকৰ দলে চলিত বৰ্ষৰ ১৯ অক্টোবৰত বিদ্যালয়খনত সৌৰশক্তিচালিত বেৰ স্থাপনৰ উদ্যোগ গ্ৰহণ কৰে। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জনাৰ্দন গয়াৰী, বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিবীন্দ্ৰ বসুমতাৰী আৰু স্থানীয় একাংশ যুৱকে আৰণ্যকক এই বেৰ সম্পূৰ্ণ কৰাত সহায় কৰে। 
 
গোৱালপাৰা জিলাৰ কাছিবাৰী কোচপাৰা এল পি স্কুল ১৯৮১ চনত স্থাপন কৰা  হৈছিল। প্ৰধান শিক্ষয়িত্ৰী মুনুৰাণী সৰকাৰ আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰী নমিতা কোচৰ মতে, বনৰীয়া হাতীয়ে সঘনাই বনাঞ্চলৰ ভিতৰে বাহিৰে ঘূৰি ফুৰাৰ উপৰিও এই অঞ্চলত দিনৰ ভাগত জিৰণি লৈ থাকে।
 
মানৱ-হাতী সংঘাত প্ৰৱণ এলেকাৰ ৰাইজ
 
২০১৮ চনৰ পৰা হাতীয়ে বিদ্যালয় চৌহদৰ ক্ষতিসাধন কৰি আহিছে। মধ্যাহ্ন ভোজনৰ বাবে পাকঘৰত মজুত ৰখা চাউল, মচুৰ দাইল, নিমখ, শাক-পাচলি আৰু অন্যান্য খাদ্য সামগ্ৰী খাবলৈ সোমোৱা হাতীয়ে ২০১৮ চনৰ পৰা ২০২৩ চনলৈকে এঘাৰবাৰ বিদ্যালয় ভৱনটোৰ ক্ষতিসাধন কৰিছে। পাকঘৰৰ উপৰিও হাতীয়ে শ্ৰেণীকোঠাৰ বেৰৰো ক্ষতিসাধন কৰিছে।
 
প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে কয় যে ল’ৰা-ছোৱালীয়ে মধ্যাহ্ন ভোজন গ্ৰহণ কৰি থকাৰ সময়ত এতিয়ালৈকে তিনিবাৰ বিদ্যালয়খনত হাতী সোমাইছিল আৰু শিক্ষকসকলে কেনেবাকৈ শিশুসকলৰ লগতে নিজৰো জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। কেইবাবাৰো হাতীৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ ছাত্ৰ-ছাত্ৰীৰ সৈতে শিক্ষকসকলে বিদ্যালয় চৌহদৰ পৰা পলায়ন কৰিবলগীয়া হৈছিল। বৰ্তমান বিদ্যালয় কৰ্তৃপক্ষই বিদ্যালয় ভৱনৰ ভিতৰত খাদ্য সামগ্ৰী ৰখাটো বন্ধ কৰিছে। চলিত বৰ্ষৰ ২৯ আগষ্টত হাতীয়ে বিদ্যালয়খনৰ পাকঘৰৰ লগতে এটা শ্ৰেণীকোঠাৰ বেৰৰো ক্ষতি কৰে।
 
ক্ৰমাৎ বৃদ্ধি পোৱা মানৱ্-হাতী সংঘাতৰ বাবে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি প্ৰায় ৫০% হ্ৰাস পাইছে। মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৬০ ৰ পৰা ২৬লৈ হ্ৰাস পাইছে। অভিভাৱকসকলে এতিয়া ভয়ত সন্তানক বিদ্যালয়লৈ আহিবলৈ নিদিয়া হৈছে । আৰণ্যকৰ দলে স্থানীয় লোকৰ সহযোগত চলিত বৰ্ষৰ ৫ ছেপ্টেম্বৰত বিদ্যালয় চৌহদটো আবৰি একক তাঁৰযুক্ত এখন সৌৰ বেৰ স্থাপন কৰে। অঞ্জন বৰুৱা নেতৃত্বাধীন আৰু ৰিপুঞ্জয় নাথ আৰু ৰূপম গয়াৰীক লৈ গঠিত আৰণ্যকৰ দলটোক বেৰ স্থাপনৰ সময়ত কাছিবাৰী-কোচপাৰাৰ স্থানীয় লোকসকলে সহযোগ কৰে।