গুৱাহাটী
কটন বিশ্ববিদ্যালয়ৰ ১৯৯১-১৯৯৬ বৰ্ষৰ প্ৰাক্তন ছাত্ৰসকলৰ পৃষ্ঠপোষকতাত মাণিক চন্দ্ৰ বৰুৱা প্ৰশাসনিক ভৱন নামেৰে জনাজাত বিশ্ববিদ্যালয়খনৰ মূল ভৱনত এখন বাগিচাৰ স্থাপন কৰা হয়।
২৭ আগষ্টত বিশ্ববিদ্যালয়খনৰ প্র' ভিচি(Pro VC) অধ্যাপক গণেশ চন্দ্ৰ ৱাৰী আৰু প্ৰাক্তন ছাত্ৰ সন্থাৰ কেইজনমান সদস্যৰ উপস্থিতিত আনুষ্ঠানিকভাৱে বিশ্ববিদ্যালয়খনক চেৰেনিটি গাৰ্ডেন নামৰ বাগিচাখন গতাই দিয়া হয়। বাগিচাখন স্থাপনৰ সমগ্ৰ খৰচ বহন কৰে বিশ্ববিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে (১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ)। তেওঁলোকে ভৱিষ্যতেও বাগিচাখনৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব আৰু চোৱাচিতা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।
প্র' ভিচি(Pro VC) অধ্যাপক ৱাৰীয়ে তেওঁৰ চমু ভাষণত পূৰ্বৰ ছাত্ৰ-ছাত্ৰীসকলৰ এনে পদক্ষেপক ভুয়সী প্ৰসংশা কৰে। লগতে তেওঁ কয় যে, এই কাৰ্যই প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু বিশ্ববিদ্যালয়খনৰ মাজৰ এক শক্তিশালী বন্ধন গঢ়ি তুলিব।