SEBA, AHSECক একত্ৰিত কৰি গঠন কৰা হ'ল অসম ৰাজ্যিক স্কুল শিক্ষা পৰিষদ

Story by  atv | Posted by  [email protected] • 10 d ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
গুৱাহাটী

ছেবা (SEBA) আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ (AHSEC)ক একত্রিত কৰি অসম চৰকাৰে গঠন কৰিলে ‘অসম ৰাজ্যিক স্কুল শিক্ষা পৰিষদ’ চমুকৈ ASSEB। ৰাষ্ট্রীয় শিক্ষা নীতি ২০২০ৰ সৈতে সামঞ্জস্য ৰাখি এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। অসম ৰাজ্যিক স্কুল শিক্ষা পৰিষদে দ্বাদশ শ্ৰেণীপৰ্যন্ত সকলো পৰীক্ষা পৰিচালনা কৰিব।
 
ৰমেশ চান্দ জৈনক পৰিষদৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। পূৰ্বে ছেবাৰ অধ্যক্ষৰ দায়িত্বত আছিল আৰ চি জৈন। ৰুক্ম গোহাঁই বৰুৱা পৰিষদৰ উপাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। পূৰ্বে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ আছিল ৰুক্ম গোহাঁই বৰুৱা। সামাজিক মাধ্যমযোগে এই কথা জনালে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে।
ইফালে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৱগত কৰিছে যে নতুন ব’ৰ্ডে একবিংশ শতিকাৰ প্ৰয়োজন অনুসৰি বিদ্যালয়ৰ শিক্ষাৰ সমন্বয় সাধন কৰিব। মাইক্ৰ’ব্লগিং ছাইট এক্সত মুখ্যমন্ত্ৰী হিমন্তই কয় যে এই পদক্ষেপৰ লক্ষ্য ৰাজ্যৰ শিক্ষা খণ্ডক নতুন উচ্চতালৈ লৈ যোৱা। 
 
তেওঁ কয়, "আমাৰ শিক্ষা খণ্ডক নতুন উচ্চতালৈ নিয়াৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সৈতে সামঞ্জস্য ৰাখি আমি SEBA আৰু AHSECক একত্ৰিত কৰি এক ঐক্যবদ্ধ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব'ৰ্ড গঠন কৰিছো। অসমৰ শিক্ষাখণ্ডৰ বাবে এয়া এক বৃহৎ মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব।"