মেট্রিক পৰীক্ষাৰ পত্ৰ পূৰণৰ দিন ঘোষণা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ

Story by  atv | Posted by  Munni Begum • 2 d ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী
 
হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৫ ত (মেট্রিক) অৱতীৰ্ণ হ'বলগীয়া ছাত্র-ছাত্ৰীসকলৰ বাবে অনলাইনযোগে প্র-পত্ৰ পূৰণৰ দিন ঘোষণা কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে। 
 
এই সন্দৰ্ভত বিদ্যালয়সমূহৰ জ্ঞাতাৰ্থে পৰিষদে জাৰি কৰা এক নির্দেশনা অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে sebaregistration.org অনলাইন পৰীক্ষা প'ৰ্টেলৰ জৰিয়তে ২৩ অক্টোবৰৰ পৰা ১৪ নৱেম্বৰলৈ আবেদন কৰিব পাৰিব। 
 
একেদৰে অনলাইনৰ জৰিয়তে মাচুল জমা দিয়া, চালান আদায় কৰাৰ অন্তিম দিন হৈছে ১৫ নৱেম্বৰ। ষ্টেট বেংকত চালান মাচুল আদায় দিয়াৰ অন্তিম দিন ধার্য কৰা হৈছে ১৮ নৱেম্বৰ। 
 
একেদৰে নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি অনলাইনযোগে প্র-পত্ৰসমূহ পৰীক্ষা কৰি কিবা শুধৰণি থাকিলে সেয়া ৩০ নৱেম্বৰ পর্যন্ত কৰিব পাৰিব। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ বাবে বিস্তৃত নির্দেশাৱলী sebaregistration.org প'র্টেলত সন্নিৱিষ্ট কৰা হৈছে। 
 
একেদৰে যিকোনো সহায়ৰ বাবে হেল্পলাইন নম্বৰো প'ৰ্টেলত উল্লেখ কৰা হৈছে। নির্দেশনাটোত পুনৰ কোৱা হৈছে যে, নৱম শ্ৰেণীৰ পঞ্জীয়ন প'র্টেলত যি ইউজাৰ আই ডি আৰু পাছৱৰ্ড ব্যৱহাৰ কৰা হৈছিল সেই একে ইউজাৰ আই ডি, পাছৱৰ্ড মেট্ৰিকৰ প্ৰ-পত্ৰ পূৰণৰ বাবে নিৰ্ধাৰণ কৰা প'ৰ্টেলত প্রযোজ্য হ'ব। 
 
যিসকলে ইউজাৰ আই ডি, পাছৱৰ্ড পাহৰি গৈছে তেওঁলোকক শিক্ষা ব'ৰ্ডৰ আঞ্চলিক কাৰ্যালয়ৰ সদস্য সচিবৰ সৈতে যোগাযোগ কৰিবলৈ নিৰ্দেশত কোৱা হৈছে।


শেহতীয়া খবৰ