কমলেশ শৰ্মা
সাত সাগৰ তেৰ নদীৰ সিপাৰৰ আমেৰিকাত অসমীয়াগিৰি দেখুৱাইছে নলবৰীয়া দম্পতীকে ধৰি কেইগৰাকীমান প্রবাসী অসমীয়াই। আমেৰিকাত থকা প্রবাসী অসমীয়াৰ সন্তানক অসমীয়া শিক্ষা দিয়াৰ উদ্দেশ্যে স্থাপন কৰিছে চেন্দিয়েগো অসমীয়া স্কুল নামৰ এখন বিদ্যালয়।
প্রবাসী অসমীয়াৰ উমৈহতীয়া প্রচেষ্টাত নলবৰীয়া সন্তান অভিযন্তা বনজিৎ গোস্বামী, নামৰূপৰ উমেশ দত্ত বৰদলৈ, বৰপেটাৰ জোনমণি নায়ক, ৰীতা শৰ্মা কটকীকে ধৰি ভালেকেইগৰাকী ব্যক্তিয়ে এই বিদ্যালয়খন চলাই আছে। বিদ্যালয়খনত অসমৰ উৎসৱসমূহ পালন কৰি তাত ছাত্র-ছাত্রীসকলক অংশগ্রহণ কৰিবলৈ দিয়া হয়।
নলবাৰীৰ কীৰ্তিমান দম্পতী বনজিৎ গোস্বামী আৰু ইন্দ্রাণী গোস্বামী সম্প্রতি আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফ'র্নিয়া নিবাসী। দুয়ো কেলিফ'ৰ্নিয়াৰ বহুজাতিক কোম্পানীত কৰ্মৰত।
নলবাৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা জিলাখনৰ নপ্তিপাৰা গাঁৱৰ প্ৰয়াত বসন্ত কুমাৰ গোস্বামীৰ একমাত্র পুত্র বনজিৎ গোস্বামীয়ে জাগাৰা হাইস্কুলৰ পৰা ১৯৯৪ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হৈ নলবাৰী মহাবিদ্যালয়ত বিজ্ঞান শাখাত নামভৰ্তি কৰিছিল। পিচত গুৱাহাটী কলেজৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ পৰা ইলেক্ট্র'নিক্স আৰু টেলিকমিউনিকেছনৰ ডিগ্রী লাভ কৰে।
প্ৰতিনিধিত্বমূলক ছবি
২০০২ চনত বেংগালুৰুত কামত যোগদান কৰি তাতে একেৰাহে দহ বছৰ কাম কৰি ২০১২ চনত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফ'ৰ্নিয়াৰ ছিমডিগো চহৰত কোৱালকম কোম্পানীত অভিযন্তা হিচাপে যোগদান কৰে। এই কোম্পানীটোত বাৰ বছৰ সেৱা আগবঢ়াই ২০২৪ চনত কেলিফ'ৰ্নিয়াৰ চান্তাক্লাৰা চহৰত এনভিডিয়া নামৰ নতুন কোম্পানীত যোগদান কৰে।
পিচত অভিযন্তা বনজিৎ গোস্বামীয়ে নলবাৰীৰ আদর্শ দম্পতী ডাঃ কৰুণাকান্ত গোস্বামী আৰু জ্যেষ্ঠ অধিবক্তা কল্যাণী গোস্বামীৰ কনিষ্ঠ কন্যা ইন্দ্ৰাণী গোস্বামীৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। ডাঃ গোস্বামীৰ কনিষ্ঠ কন্যা ইন্দ্ৰাণী গোস্বামীয়ে নলবাৰী অভ্যসন বিদ্যালয়ত প্রাথমিক শিক্ষা, এম এন চি বালিকা বিদ্যাপীঠত হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰি এম এন চি বালিকা মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ দিল্লী বিশ্ববিদ্যালয়ৰ মিৰাণ্ডা হাউছৰ পৰা স্নাতক ডিগ্রী লাভ কৰিছিল।
তাৰ পিচত দিল্লীৰ ৰামায়া কলেজৰ পৰা এম বি এ ডিগ্রী লাভ কৰে। সম্প্রতি তেওঁ কেলিফ'র্নিয়াত কোৱালকম কোম্পানীত হিউমেন ৰিছ'ৰ্টৰ টেকনিকেল ৰিকুইটৰ হিচাপে কৰ্মৰত হৈ আছে। তেওঁলোকৰ দুই সন্তান অৱনীতা গোস্বামী আৰু ঈষাণী গোস্বামী কেলিফ'ৰ্নিয়াৰ চি বি ইয়েটনত ক্লাছ থ্রী আৰু এল কে জিত পঢ়ি আছে।
ভাল লগা কথা এয়ে যে, আমেৰিকাত থাকিলেও প্রবাসী অসমীয়া পৰিয়ালটোৱে শিপা পাহৰি যোৱা নাই। অসমীয়া লোক-সংস্কৃতিৰ চৰ্চা অব্যাহত ৰাখিছে আমেৰিকাত। আনকি ইন্দ্রাণী গোস্বামীয়ে আমেৰিকাতে সত্ৰীয়া নৃত্যৰো প্রশিক্ষণ গ্রহণ কৰি আছে।
(ব্যহুল প্ৰচাৰৰ বাবে অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশিত এই প্ৰতিবেদনটি সংগ্ৰহ কৰা হৈছে)