গুৱাহাটী
অলপতে ধ্রুপদী ভাষাৰ স্বীকৃতি লাভ কৰা অসমীয়া ভাষাই এইবাৰ ৰাজ্যৰ বাহিৰৰ শৈক্ষিক প্রতিষ্ঠানতো পূর্ণাংগ বিভাগৰ স্বীকৃতি লাভ কৰা দিশে আগবাঢ়িছে। পশ্চিমবংগৰ শান্তি নিকেতনত থকা বিশ্বভাৰতী বিশ্ববিদ্যালয়ত অসমীয়া ভাষাই অচিৰেই এই স্বীকৃতি লাভ কৰিব।
বিশ্ববিদ্যালয়খনৰ অসমীয়া বিভাগটো পূর্ণাংগ বিভাগৰূপে গঢ়ি তুলিবৰ বাবে ইমানদিনে যি প্রচেষ্টা চলাই অহা হৈছিল, সেই প্রচেষ্টা অৱশেষত সফল হোৱাৰ দিশে আগবাঢ়িছে। কাৰণ বিশ্ববিদ্যালয়খনৰ অসমীয়া বিভাগটো পূর্ণাংগ বিভাগৰূপে গঢ়ি তোলাৰ ক্ষেত্রত বিশ্ববিদ্যালয় অনুদান আয়োগে (ইউ জি চি) অনুমোদন জনাইছে।
উল্লেখযোগ্য যে, ২০১৬ চনৰে পৰা বিভাগটো পূর্ণাংগৰূপে গঢ়ি তোলাৰ বাবে দাবী উত্থাপন কৰি অহাৰ লগতে ইয়াৰ বাবে প্রয়োজনীয় প্রচেষ্টা চলাই অহা হৈছিল। এনে দাবী আৰু প্ৰচেষ্টাৰ পৰিণতিতে যোৱা ২০২৪ বৰ্ষৰ ৩ এপ্রিলত বিশ্বভাৰতীৰ তৰফৰ পৰা পূর্ণাংগ অসমীয়া বিভাগৰ বাবে প্রস্তাৱসম্বলিত বিস্তৃত প্রতিবেদন বিশ্ববিদ্যালয় অনুদান আয়োগলৈ প্রেৰণ কৰা হৈছিল।
বিশ্বভাৰতীৰ পৰা দাখিল কৰা ছটা অধ্যাপক, সহযোগী অধ্যাপক আৰু সহকাৰী অধ্যাপকৰ পদ প্রস্তাৱৰ বিপৰীতে মুঠ চাৰিটা পদত অনুমোদন জনায় আয়োগে। ইয়াৰে এটা সহযোগী আৰু তিনিটা সহকাৰী অধ্যাপকৰ পদ। বিশ্ববিদ্যালয় অনুদান আয়োগে ই-মেইলযোগে আজি বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কক এই অনুমোদনৰ বিষয়ে অৱগত কৰে।
এতিয়া কেন্দ্রীয় বিত্ত বিভাগে অনুমোদন জনালেই ৰাজ্যখনৰ বাহিৰৰ একমাত্র অসমীয়া ভাষা শিক্ষাৰ বিভাগটো কাৰ্যকৰীভাবে পূর্ণাংগ বিভাগলৈ উন্নীত হৈ উঠিব। এই অনুমোদন বিভাগীয় প্রক্ৰিয়াৰ ক্ষেত্ৰত থকা এক আনুষ্ঠানিকতা মাত্র।
উল্লেখযোগ্য যে, ১৯৭৯ চনত এজনীয়া অধ্যাপকৰ আসনেৰে আৰম্ভ হোৱা বিভাগটোৱে আৰু চাৰি বছৰৰ পিচতে স্বর্ণ জয়ন্তী বর্ষত ভৰি দিব। ইয়াৰ পূৰ্বে বিশ্ববিদ্যালয় অনুদান আয়োগৰ এই সিদ্ধান্তই বিভাগটোলৈ, অসমবাসীলৈ তথা অসমীয়া ভাষাপ্রেমীসকললৈ আনন্দৰ বতৰা কঢ়িয়াই আনিছে। বিশ্ববিদ্যালয়খনৰ একমাত্র বিভাগীয় অধ্যাপক ড° সংগীতা শইকীয়াই এই বিষয়ত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে।