বিহাৰ লোকসেৱা আয়োগে বিহাৰত অনুষ্ঠিত কৰা শিক্ষক পুনৰ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকল
সেৰাজ আনোৱাৰ/পাটনা
মছজিদ কেৱল নামাজ পঢ়াৰ বাবেহে বুলি থকা ধাৰণাটো বৰ্তমান লাহে লাহে নোহোৱা হবলৈ ধৰিছে। বিহাৰত এনে এটা মছজিদ আছে য'ত কেৱল উপাসকক সৃষ্টি কৰাই নহয়, ইয়াত শিক্ষক-শিক্ষয়িত্ৰও সৃষ্টি কৰি আহিছে। বিভিন্ন সময়ত মুছলমানসকলে বহুত উপদেশ দিয়া দেখা যায়, যদিও কোনেও সঠিক পথ দেখুৱাব নোৱাৰে। কিন্তু গয়াৰ বৃহত্তম জামা মছজিদে এনে এক আদৰ্শ দাঙি ধৰিছে, যাৰ ওপৰত আজি সমগ্ৰ বিহাৰ গৌৰৱান্বিত হৈছে। ১৮৯০ চনত স্থাপিত এই মছজিদে পোন্ধৰজন ছাত্ৰ-ছাত্ৰীক চৰকাৰী শিক্ষক হিচাপে গঢ়ি তুলি চমক প্ৰদৰ্শন কৰিছে।
মছজিদটোত সাতগৰাকী কন্যা আছে আৰু আটাইতকৈ আশ্বৰ্য্যকৰ বিষয়টো হ’ল বিহাৰ লোকসেৱা আয়োগে (BPSC) পৰিচালনা কৰা পৰীক্ষাত আটাইকেইগৰাকীয়ে উত্তীৰ্ণ হৈছে। এতিয়া বিহাৰ লোকসেৱা আয়োগে বিহাৰত শিক্ষক পুনৰ নিযুক্তিৰ পৰীক্ষা অনুষ্ঠিত কৰি আহিছে। শৰাই পথত অৱস্থিত জামা মছজিদ সম্ভৱতঃ দেশৰ প্ৰথমটো এনে মছজিদ য’ৰ পৰা মুছলমান সম্প্ৰদায়ৰ সৰহ সংখ্যক ল’ৰা-ছোৱালী শিক্ষক হিচাপে আত্মপ্ৰকাশ কৰিছে।
জামা মছজিদ বি পি এছ চি কোচিং চেণ্টাৰৰ পৰা শিক্ষক পুনৰ নিযুক্তিত সফল হোৱা প্ৰাৰ্থীসকল
উল্লেখযোগ্য যে বিগত বছৰ ধৰি জামা মছজিদে মুছলমান ল’ৰা-ছোৱালীক বিনামূলীয়া বিপিএছচিৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। প্ৰথমবাৰৰ বাবে শিক্ষকতাৰ বাবে চেষ্টা কৰি সফলতাও লাভ কৰিছে।
জামা মছজিদ বি পি এছ চি কোচিং চেণ্টাৰৰ পৰা শিক্ষক পুনৰ নিযুক্তিত সফল হোৱা প্ৰাৰ্থীসকলৰ ভিতৰত আছে মহম্মদ তনবীৰ, চাকিব আনছাৰী, ইমৰাণ আলম, মহম্মদ আলী জোহৰ, শ্বাগুফতা ৰাহাত, ৰফিয়া পাৰবীন, ৰিফাত নৈম, ৰাউনাক জেয়া, মহম্মদ ছাকিৰ, ৱাছিউল্লাহ, আছাফা খাতুন, ছাজিয়া পাৰবীন, মহম্মদ আৰ্ছাদ, মহম্মদ আবুল হায়াত, নাহিদ পাৰবীন ইত্যাদি।
ইয়াৰ ভিতৰত ১-৫ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক পাঠদানৰ বাবে এঘাৰজন শিক্ষকক পুনৰ নিযুক্তি দিয়া হৈছে। নৱম-দশম শ্ৰেণীৰ বাবে তিনিগৰাকী শিক্ষকক পুনৰ নিযুক্তি দিয়া হৈছে আৰু ১১-দ্বাদশ শ্ৰেণীৰ বাবে এজন শিক্ষকক পুনৰ নিযুক্তি দিয়া হৈছে। সফল প্ৰাৰ্থীসমূহৰ ভিতৰত ৭ গৰাকী যুৱতী। বিহাৰত শিক্ষকক পুনৰ নিযুক্তি দিয়াটো এতিয়া সহজ কথা হৈ থকা নাই।
শিক্ষক হ’বলৈ হ’লে বিপিএছচিৰ কঠিন পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। সাধাৰণতে প্ৰশাসনিক বিষয়া নিযুক্তিৰ বাবেহে পৰীক্ষা অনুষ্ঠিত কৰে বি পি এছ চিয়ে। চলিত বৰ্ষৰ পৰা চৰকাৰে শিক্ষক পুনৰ নিযুক্তিৰ দায়িত্বও বি পি এছ চিক অৰ্পণ কৰিছে।
এই ক্ষেত্ৰত শিক্ষকৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাটোও এক বৃহৎ সফলতা বুলি গণ্য কৰা হৈছে। দ্বিতীয় পৰীক্ষাত সফল হৈছে এই কোচিং চেণ্টাৰৰ তিনিগৰাকী যুৱক। মহম্মদ হাছিবুৰ ৰহমানক বিহাৰ আৰক্ষীৰ উপ পৰিদৰ্শক পদত নিযুক্তি দিয়া হৈছে।
আনহাতে মহম্মদ আফগান আলীক কেন্দ্ৰীয় চৰকাৰত আৰু কাইফ আনছাৰীক মুম্বাই ৰে'লৱেত নিযুক্তি দিয়া হৈছে। শিক্ষকৰ ক্ষেত্ৰতো তিনিগৰাকীৰ ফলাফল এতিয়াও ঘোষণা কৰা হোৱা নাই বুলি কয়। জামা মছজিদ কোচিং চেণ্টাৰৰ পৰা প্ৰায় ৩৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকতাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল আৰু ইয়াৰ সফলতাৰ শতাংশ অতি সন্তোষজনক।
দায়িত্বশীল মানুহে কি কয়?
জামা মছজিদ সমিতিৰ অধ্যক্ষ অধ্যাপক ডঃ মহম্মদ হাবিবে এই সফলতাৰ বাবে অতিশয় অনন্দিত। তেওঁ আৱাজ-দ্য ভইচ'ক কয়, "আমাৰ লক্ষ্য আছিল যে আমাৰ মছজিদবোৰ আদৰ্শ হ’ব লাগে। ইয়াৰ পৰা ল’ৰা-ছোৱালীয়ে সমাজৰ ভাল কামলৈ আগবাঢ়ি যাব লাগে। শিক্ষক হিচাপে নিযুক্তি লাভ কৰা সফলতাই আমাৰ মনোবল বৃদ্ধি কৰিছে।"
আমাৰ সন্তানে যদি চাকৰি পায়, তেন্তে সেয়া সমগ্ৰ সমাজৰ সফলতা। এতিয়া বিপিএছচি পৰীক্ষাত গুৰুত্ব দিয়া হ’ব, ইনশ্বাল্লাহ তেওঁলোকেও অতি সোনকালে বিষয়া সৃষ্টি কৰিব। প্ৰশিক্ষক কেন্দ্ৰটোৰ আন এজন দায়িত্বশী ব্যক্তি ছাদ আলম ওৰফে চুলান ভাইয়ে কয় যে এইটো এক বৃহৎ সফলতা।
আগতে আমি বি পি এছ চিৰ ওপৰত গুৰুত্ব দিছিলো। যেতিয়া শিক্ষক পুনৰ নিযুক্তিৰ কথা আহিল, তেতিয়া মই ভাবিলোঁ যে ইয়াৰ বাবে প্ৰস্তুতি চলাব লাগে আৰু প্ৰথম সুযোগতে সফলতা লাভ কৰিলোঁ। এছ এছ চি আৰু আয়কৰ পৰীক্ষাৰ বাবেও অধিক প্ৰস্তুতি চলোৱা হ’ব।
আমি পিছপৰি নাথাকোঁ। এজন মানুহৰ চাকৰিয়েৰে একো একোটা পৰিয়াল চলি আহিছে। তেওঁ কয় যে আমিও এই কৌশল অৱলম্বন কৰিব লাগিব যে য’ত অধিক পদ খালী থাকে সেই প্ৰতিযোগিতামূলক পৰীক্ষাত যুৱক-যুৱতীসকলক অৱতীৰ্ণ কৰিব লাগিব আৰু তেনেকুৱাই হৈছিল।
বিহাৰত শিক্ষক পুনৰ নিযুক্তিৰ পৰীক্ষাৰ বিষয়ববীয়াসকল
অধ্যাপক হাবিব সংখ্যালঘু প্ৰতিষ্ঠান মিৰ্জা গালিব কলেজৰ অধ্যাপক আছিল। এই কোচিঙে তেওঁৰ শিক্ষকতাৰ অভিজ্ঞতাৰ সুবিধা লৈছে। জামা মছজিদৰ সম্পাদক হৈছে হাজী চৈয়দ আখতাৰ হাছনাইন ওৰফে হাছনু মিঞা। প্ৰশিক্ষক পৰিচালনাৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বিগত বৰ্ষত বিহাৰ ৰাজ্যিক চুন্নী ৱাকফ ব’ৰ্ডৰ অধ্যক্ষ মহম্মদ ইৰছাদুল্লাহ, ইছলামিক পণ্ডিত মৌলানা ছামিম আহমেদ মুনামী, বিহাৰ চৰকাৰৰ সংখ্যালঘু কল্যাণ বিভাগৰ সঞ্চালক আফক আহমেদ ফাইজীয়ে ইয়াৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল।
এই কোচিং প্ৰতিষ্ঠা হোৱাৰ পিছত এইয়া প্ৰথম ফলাফল আৰু ই প্ৰথম সুখৰ মুহূৰ্ত। এবছৰৰ পূৰ্বে জামা মছজিদ কমিটীয়ে নিজৰ পৰিসৰৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ সংকল্প লৈছিল আৰু সমাজখনক পোন্ধৰজন শিক্ষক গঢ়ি তুলি আজি চুফী পীৰ মনছুৰৰ ভূমিয়ে গৌৰৱ অনুভৱ কৰিছে।