CBSEয়ে দশম, দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম কৰ্তন আৰু open book পৰীক্ষাৰ উৰাবাতৰি খাৰিজ কৰে

Story by  atv | Posted by   Imtiaz Ahmed • 7 d ago
CBSEৰ কাৰ্যালয়
CBSEৰ কাৰ্যালয়
নতুন দিল্লী

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে  (CBSE) বৃহস্পতিবাৰে স্পষ্ট কৰি দিয়ে যে দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম ১৫% হ্ৰাস কৰাৰ কোনো নিৰ্দেশনা জাৰি কৰা নাই। নিৰ্বাচিত বিষয়ত খোলা কিতাপৰ (open book) পৰীক্ষা প্ৰৱৰ্তন বা আভ্যন্তৰীণ মূল্যায়ন বৃদ্ধিৰ পৰিকল্পনাও নাই বুলি লগতে কয়।

এই দাবীসমূহ অস্বীকাৰ কৰি ব’ৰ্ডে এক আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰি ছাত্ৰ-ছাত্ৰী, অভিভাৱক, আৰু সাধাৰণ জনতাক সঠিক তথ্যৰ বাবে কেৱল CBSEৰ ৱেবছাইটৰ জৰিয়তে আনুষ্ঠানিক ঘোষণাৰ ওপৰত নিৰ্ভৰ কৰিবলৈ উৎসাহিত কৰে।

ভোপালৰ বাবে CBSEৰ আঞ্চলিক বিষয়া বিকাশ কুমাৰ আগৰৱালাই ইন্দোৰত অনুষ্ঠিত হোৱা এখন শীৰ্ষ সন্মিলনত CBSEৰ পৰীক্ষাৰ আৰ্হিত আগন্তুক কেইটামান পৰিৱৰ্তন ঘোষণা কৰা বুলি দাবী কৰি অনলাইনত প্ৰচাৰিত বাতৰিক খণ্ডন কৰাৰ বাবে CBSEয়ে ক্ষীপ্ৰ পদক্ষেপ গ্ৰহণ কৰে।

এই খবৰটোত ব’ৰ্ডে দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম ১৫% হ্ৰাস কৰি ২০২৫ চনৰ পৰা ইংৰাজী সাহিত্য আৰু সমাজ বিজ্ঞানৰ দৰে বিষয়ত খোলা কিতাপৰ পৰীক্ষা আৰম্ভ কৰিব বুলি মত প্ৰকাশ কৰে।

প্ৰচাৰিত বাতৰি অনুসৰি এই পৰিৱৰ্তনৰ লক্ষ্য আছিল ছাত্ৰ-ছাত্ৰীৰ মানসিক চাপ হ্ৰাস কৰা আৰু নতুন শিক্ষা নীতিৰ সামগ্ৰিক দৃষ্টিভংগীৰ সৈতে মিল ৰখা।

অৱশ্যে বিকাশ কুমাৰ আগৰৱালাৰ স্বাক্ষৰিত বৃহস্পতিবাৰে CBSEৰ বিবৃতিত কোৱা হৈছে যে, “CBSEয়ে পৰীক্ষা ব্যৱস্থা আৰু আভ্যন্তৰীণ মূল্যায়ন ব্যৱস্থাত এনে কোনো পৰিৱৰ্তন কৰা নাই, এই সন্দৰ্ভত কোনো চৰকাৰী তথ্যও প্ৰকাশ কৰা হোৱা নাই।”

CBSEয়ে পুনৰ কয় যে পৰীক্ষাৰ যিকোনো আনুষ্ঠানিক তথ্য বা পৰিৱৰ্তন কেৱল তেওঁলোকৰ ৱেবছাইট বা চৰকাৰী জাননীৰ জৰিয়তেহে শ্বেয়াৰ কৰা হ’ব। ব’ৰ্ডে সত্যতা পৰীক্ষা নকৰাকৈ বাতৰি বিশ্বাস নকৰিবলৈ কঠোৰ পৰামৰ্শ দিয়ে, আৰু ছাত্ৰ-ছাত্ৰী আৰু অংশীদাৰসকলক সঠিক তথ্যৰ বাবে CBSEৰ ৱেবছাইট নিয়মিতভাৱে চাবলৈ পৰামৰ্শ দিয়ে।

২০২৪-২৫ বৰ্ষৰ শৈক্ষিক অধিবেশনৰ বাবে CBSEয়ে নিশ্চিত কৰিছে যে দশম আৰু দ্বাদশ দুয়োটা শ্ৰেণীৰ বাবে সিংগোল-টাৰ্ম পৰীক্ষাৰ ফৰ্মেট অব্যাহত থাকিব। যদিও ২০২৫-২৬ অধিবেশনৰ পৰা দুটা টাৰ্মৰ পৰীক্ষাৰ ফৰ্মেট পুনৰ প্ৰৱৰ্তন কৰাৰ পৰিকল্পনা আছে, বৰ্তমান কোনো তাৎক্ষণিক পৰিৱৰ্তন হুৱা নাই।

এই ব্যৱস্থাটোৱে CBSEৰ দীৰ্ঘম্যাদী লক্ষ্যৰ সৈতে মিল খাই অধিক অভিযোজিত আৰু ছাত্ৰকেন্দ্ৰিক মূল্যায়ন প্ৰক্ৰিয়া সৃষ্টি কৰে যদিও ২০২৫ চনৰ ব’ৰ্ড পৰীক্ষাত উপস্থিত থকা ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত ইয়াৰ প্ৰভাৱ নপৰে।