মাহবুবুল হক গ্ৰেপ্তাৰ সন্দৰ্ভত ন্যায় বিচাৰি প্ৰধানমন্ত্ৰীৰ ওচৰত নাগৰিক সমাজৰ আবেদন

Story by  atv | Posted by  [email protected] • 20 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী
 
প্ৰবঞ্চনাৰ অভিযোগত ইউনিভাৰ্চিটি অফ চাইন্স এণ্ড টেকন'লজি মেঘালয়ৰ প্ৰতিষ্ঠাপক-আচাৰ্য্য ডঃ মাহবুবুল হক গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীলৈ এক পত্ৰ প্ৰেৰণ কৰে দিল্লীস্থিত 'চিটিজেন্স ফ'ৰ ফ্ৰেটাৰনিটি' নামৰ এক নাগৰিক সমাজে। পত্ৰখনত তেওঁলোকে ডঃ মাহবুবুল হকক ৰাজনৈতিক প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে আটক কৰা হৈছে বুলি অভিযোগ কৰি তেওঁৰ বাবে ন্যায়ৰ আবেদন জনাইছে।
 
প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰখন স্বাক্ষৰকাৰীসকল ক্ৰমে,  প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত ড° এছ ৱাই কুৰাইশ্বি, দিল্লীৰ প্ৰাক্তন লেফটেনেণ্ট গৱৰ্ণৰ ড° নাজিব জং, প্ৰাক্তন ডেপুটি ছিফ অৱ আৰ্মী ষ্টাফ লেফটেনেণ্ট জেনেৰেল জমিৰ উদ্দিন শ্বাহ (অৱসৰপ্ৰাপ্ত), উদ্যোগপতি শ্ৰী ছাইদ মুস্তাফা শ্বেৰভানী, আৰু প্ৰাক্তন সাংসদ তথা সাংবাদিক শ্বাহিদ ছিদ্দিকী।
 
স্বাক্ষৰকাৰীসকলে যুক্তি আগবঢ়ায় যে আইনী আশ্ৰয় লোৱাত অসুবিধা হোৱাকৈ শনিবাৰে পুৱতি নিশা গ্ৰেপ্তাৰ কৰাটোৱে অঞ্চলটোত আধুনিক, ধৰ্মনিৰপেক্ষ শিক্ষানুষ্ঠান স্থাপনক নিৰুৎসাহিত কৰাৰ লক্ষ্যৰে ৰাজনৈতিকভাৱে প্ৰেৰিত প্ৰতিশোধৰ দিশটোকে সূচায়। তেওঁলোকে এই বিষয়টো প্ৰধানমন্ত্ৰীক হস্তক্ষেপ কৰি ন্যায় প্ৰদান কৰাটো নিশ্চিত কৰিবলৈ আহ্বান জনাইছে।
 
ডঃ মাহবুবুল হক
 
পত্ৰখনত তাৎক্ষণিক প্ৰতিকাৰৰ বাবে অনুৰোধ জনাই কোৱা হৈছে যে এজন সন্মানীয় শৈক্ষিক প্ৰতিষ্ঠানৰ নির্মাতাক অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰাৰ ফলত দেশৰ শিক্ষা ব্যৱস্থাৰ অগ্ৰগতি আৰু সৰ্বাংগীনতাৰ ওপৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিছে। এই আবেদনে উত্তৰ-পূৰ্বাঞ্চলত প্ৰান্তীয় জনগোষ্ঠীসমূহক উন্নীতকৰণ আৰু শৈক্ষিক উৎকৰ্ষতা গঢ়ি তোলাৰ প্ৰতি দায়বদ্ধ প্ৰতিষ্ঠানসমূহক সুৰক্ষা দিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
 
পত্ৰখনত উল্লেখ কৰা অনুসৰি, ২০২৫ চনৰ ২২ ফেব্ৰুৱাৰীত পুৱতি নিশা প্ৰায় ২ বজাত কোনো প্ৰাৰম্ভিক অভিযোগনামা বা গ্ৰেপ্তাৰী পৰোৱানা অবিহনে গুৱাহাটীস্থিত বাসগৃহৰ পৰা ড০ হকক গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তী সময়ত তেওঁক গুৱাহাটীৰ পৰা প্ৰায় ৩০০ কিলোমিটাৰ নিলগৰ কৰিমগঞ্জ কাৰাগাৰত ন্যায়িক জিম্মাত ৰখা হয়। প্ৰথমতে চাৰিদিনৰ বাবে নিৰ্ধাৰণ কৰা তেওঁৰ জিম্মা ২৫ ফেব্ৰুৱাৰীত আৰু চাৰিদিনৰ বাবে বৃদ্ধি কৰা হয়। গ্ৰেপ্তাৰৰ এদিন পিছতে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত দুৰ্নীতি (নকল) কৰাৰ সুবিধা দিয়াৰ অভিযোগ উত্থাপন কৰি অভিযোগনামা দাখিল কৰা হয়।
 
পত্ৰখনত বিশেষকৈ ভাৰতৰ উত্তৰ-পূব অঞ্চলত শিক্ষা আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত  হকৰ উল্লেখযোগ্য অৱদানৰ বিষয়ে আলোকপাত কৰা হৈছে। ইউনিভাৰ্চিটি অফ চাইন্স এণ্ড টেকন'লজী, মেঘালয় আইন (২০০৮ চনৰ ৬ নং)ৰ অধীনত স্থাপিত আৰু বিশ্ববিদ্যালয় অনুদান আয়োগে (ইউজিচি) স্বীকৃতিপ্ৰাপ্ত ইউএছটিএম-এ বিশেষকৈ অভাৱগ্ৰস্ত আৰু পিছপৰা সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীসকলক উচ্চ শিক্ষাৰ সুযোগ প্ৰদান কৰাত সহায়ক হৈছে। বৰ্তমান বিশ্ববিদ্যালয়খনে আঠখন অধ্যয়ন বিদ্যালয়ৰ অধীনত ৪৩ টা স্নাতক আৰু স্নাতকোত্তৰ কাৰ্যসূচীত ৬,০০০ ৰো অধিক ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰে।
 
ইউনিভাৰ্চিটি অফ চাইন্স এণ্ড টেকন'লজি, মেঘালয়
 
প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণকাৰীসকলে জোৰ দি কয় যে ইউ এছ টি এম হৈছে অঞ্চলটোৰ আটাইতকৈ দ্ৰুতগতিত আগবাঢ়ি যোৱা ব্যক্তিগত বিশ্ববিদ্যালয়, ইতিমধ্যে ই ইউ জি চি, এন চি টি ই, এ আই চি টি ই, আৰু বি চি আইৰ দৰে নিয়ন্ত্ৰণকাৰী সংস্থাৰ পৰা বিধিগত অনুমোদন লাভ কৰিছে। ৰাজ্যখনৰ ব্যক্তিগত বিশ্ববিদ্যালয় নিয়ন্ত্ৰণ ব’ৰ্ডেও এই প্ৰতিষ্ঠানখনক মেঘালয়ৰ শ্ৰেষ্ঠ ব্যক্তিগত বিশ্ববিদ্যালয় হিচাপে স্বীকৃতি দিছে। ইয়াৰ উপৰিও ১৫০ গৰাকী ছাত্ৰ-ছাত্ৰীৰে ইউ এছ টি এমৰ পি এ চাংমা ইণ্টাৰনেশ্যনেল মেডিকেল কলেজ এণ্ড হস্পিতালৰ লগতে পৰৱৰ্তী সময়ত ১১০০ বিচনাযুক্ত ছুপাৰ স্পেচিয়েলিটি হস্পিতাল স্থাপন কৰাটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে চিহ্নিত কৰে বুলি উল্লেখ কৰে।
 
এইসমূহ প্ৰচেষ্টা কৰা সত্ত্বেও মাহবুবুল হক আৰু ইউ এছ টি এমক অসম চৰকাৰে অন্যায়ভাৱে লক্ষ্য কৰি লৈছে বুলি পত্ৰখনত অভিযোগ উত্থাপন কৰা হৈছে। ইয়াত দাবী কৰা হৈছে যে বিশ্ববিদ্যালয়খনৰ বিৰুদ্ধে ‘ফ্লাড জেহাদ’ৰ অভিযোগ উত্থাপন হৈছিল আৰু অসমৰ চৰকাৰে ৰাজহুৱাভাৱে উল্লেখ কৰিছিল যে ইয়াৰ স্নাতকসকলক ৰাজ্যখনত নিযুক্তি দিয়া নহ’ব৷ ২০২৪ চনত ইউ এছ টি এম-এ এখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ পিছত পৰিস্থিতি অধিক তীব্রতৰ হৈ পৰে, যাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি হ্ৰাস পায়।