গুৱাহাটী
আজিৰ পৰা ৰাজ্যৰ ১১ জিলাত অনুষ্ঠিত হ'ব প্রথম পৰ্যায়ৰ গুণোৎসৱ। কিন্তু ন্যায্য প্রাপ্যৰ দাবীত গুণোৎসৱ বৰ্জন কৰি প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰিব কলেজ শিক্ষকসকলে। পদোন্নতিৰ আসোঁৱাহপূর্ণ তালিকাক লৈ শিক্ষামন্ত্ৰীৰ সৈতে হোৱা বৈঠক বিফল হোৱাৰ পিচত এই সিদ্ধান্ত গ্রহণ কৰিছে অসম কলেজ শিক্ষক সংস্থাই।
চৰকাৰৰ আঁকোৰগোজ মনোভাৱ, কলেজ শিক্ষকৰ সমস্যা সন্দৰ্ভত শিক্ষা বিভাগৰ গা এৰা মনোভাৱত ক্ষুব্ধ হৈ সংগঠনটোৱে গুণোৎসৱ বৰ্জনৰ কথা দেওবাৰে পুনৰ ঘোষণা কৰিছে। যাৰ ফলত ৰাজ্যৰ প্ৰায় ১০ হেজাৰ কলেজ শিক্ষক এই গুণোৎসৱত অংশগ্রহণ নকৰাটো নিশ্চিত হৈ পৰিছে।
উল্লেখ্য যে, বৰপেটা, বজালী, শ্রীভূমি, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা-মানকাচৰ, ওদালগুৰি জিলাত আজি পৰা অহা ৯ জানুৱাৰীলৈ অনুষ্ঠিত হ'ব গুণোৎসৱ। লক্ষণীয়ভাৱে প্রতি বছৰে গুণোৎসৱত কলেজ শিক্ষকসকলে গ্রহণ কৰি আহিছে বিশেষ ভূমিকা। এক কথাত ক'বলৈ গ'লে গুণোৎসৱৰ সফলতাত কলেজ শিক্ষকসকলৰ ভূমিকা অপৰিসীম। এনে পৰিস্থিতিত কলেজ শিক্ষকে গুণোৎসৱৰ পৰা আঁতৰি থাকিলে সমগ্র প্রক্রিয়াটোতে খেলিমেলি হোৱাৰ আশংকাই দেখা দিছে।
এই সন্দর্ভত কলেজ শিক্ষক সংস্থাৰ সাধাৰণ সম্পাদক পৰাগজ্যোতি মহন্তই কয় যে, পূৰ্বৰে পৰা কলেজ শিক্ষকে গুণোৎসৱত নিষ্ঠাৰে সহযোগিতা আগবঢ়াই আহিছে। কিন্তু কলেজ শিক্ষকৰ সমস্যা সমাধানৰ প্ৰতি চৰকাৰে দেখুওৱা অনীহাৰ বাবে সংস্থাই এই কঠোৰ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে।
ইপিনে কলেজ শিক্ষক সংস্থাৰ এই সিদ্ধান্তৰ পিচত শিক্ষামন্ত্রী ৰণোজ পেগুৱে প্রতিক্রিয়া ব্যক্ত কৰি কয়, "কলেজ শিক্ষকসকলৰ দাবীসমূহ চাকৰি সংক্রান্তীয়। শিক্ষা বিভাগে অকলে এই দাবীসমূহ সমাধান কৰিব নোৱাৰে। পাৰ্ছনেল বিভাগ, আইন বিভাগ, বিত্ত বিভাগৰ স'তে এই সন্দর্ভত আলোচনা চলি আছে। এই সন্দর্ভত কলেজ শিক্ষকসকলক সময়ত অৱগত কৰোৱা হ'ব। মই কলেজ শিক্ষকসকলক গুণোৎসৱত সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান জনালো। মই ভাবো মোৰ এই আহ্বানলৈ তেওঁলোকে ইতিবাচক সঁহাৰি জনাব।"
আনহাতে, শনিবাৰৰ বৈঠকত কলেজ শিক্ষক সংস্থাই 'গুণোৎসৱ বৰ্জন'ৰ বিষয়ে তেওঁক অৱগত কৰোৱা নাছিল বুলি শিক্ষা মন্ত্রীয়ে জানিবলৈ দিছিল। কিন্তু কলেজ শিক্ষকসকলে এই সন্দর্ভত কয় যে তেওঁলোকে মুখ্যমন্ত্রী, শিক্ষামন্ত্রী, প্রতিখন জিলাৰ আয়ুক্তক লিখিতভাৱে গুণোৎসৱ বৰ্জনৰ বিষয়ে অৱগত কৰিছে।
উল্লেখযোগ্য যে, যোৱা বছৰৰ ২৯ জানুৱাৰীত কলেজ শিক্ষকৰ পদোন্নতিৰ বাবে অসম চৰকাৰে যিখন তালিকা প্রকাশ কৰিছিল, সেইখনত দেখা গৈছিল এশ এবুৰি বিসংগতি। সকলো কলেজ শিক্ষকক একেদিনাই পদোন্নতি দিয়া হৈছিল। পদোন্নতিৰ ক্ষেত্ৰত অভিজ্ঞতা আৰু জ্যেষ্ঠতাক কোনো গুৰুত্ব প্ৰদান কৰা হোৱা নাছিল। বিশ্ববিদ্যালয় অনুদান আয়োগৰ নীতি-নিয়মক ভেঙুচালি কৰি পদোন্নতিৰ ক্ষেত্রত জ্যেষ্ঠতা আৰু অভিজ্ঞতাক গুৰুত্ব নিদিয়াত স্বাভাৱিকতে অসন্তুষ্ট হৈ পৰিছিল কলেজ শিক্ষকসকল।
চৰকাৰৰ আজৱ পদোন্নতি ব্যৱস্থাই এনে পৰিস্থিতিৰ সৃষ্টি কৰিছিল যে, শিক্ষাগুৰু আৰু ছাত্রই একেদিনাই লাভ কৰিছিল পদোন্নতি। একাংশ শিক্ষকে পদোন্নতিৰ পূর্বেই গ্রহণ কৰিবলগীয়া হৈছিল অৱসৰ। সেয়ে পদোন্নতি সম্পর্কীয় ২০২৩ৰ ৮ নৱেম্বৰৰ কাৰ্যালয় স্মাৰক সংশোধন (অ' এম)ৰ দাবী উত্থাপন কৰিছিল কলেজ শিক্ষক সংস্থাই। বিগত এবছৰৰো অধিক কাল স্মাৰকপত্রযোগে মুখ্যমন্ত্রী আৰু শিক্ষামন্ত্রীক কলেজ শিক্ষকৰ দীর্ঘদিনীয়া দাবী পূৰণৰ আহ্বান জনোৱা হৈছিল। কিন্তু মুখ্যমন্ত্রী আৰু শিক্ষামন্ত্রীয়ে সমগ্র বিষয়ত গ্রহণ কৰি অহা ৰহস্যজনক ভূমিকাই ক্ষুব্ধ কৰি তোলে কলেজ শিক্ষকসকলক।
ন্যায্য প্রাপ্যৰ দাবীত তেওঁলোকে প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে। তাৰ মাজতে গুণোৎসৱ বৰ্জনৰ কথা ঘোষণা কৰিছে অসম কলেজ শিক্ষক সংস্থাই। কলেজ শিক্ষকৰ সিদ্ধান্তত তৎপৰ হৈ পৰে শিক্ষা বিভাগ। শনিবাৰে উচ্চ শিক্ষা সঞ্চালকালয়ত কলেজ শিক্ষকৰ সৈতে হোৱা এক বৈঠকত বহে শিক্ষা মন্ত্রী ৰণোজ পেণ্ডৱে। কিন্তু পদোন্নতি সন্দর্ভত শিক্ষা মন্ত্রী-কলেজ শিক্ষকৰ বৈঠকত নোলাল কোনো সমাধান সূত্র। সেয়ে কলেজ শিক্ষক সংস্থাৰ বর্ধিত কার্যনির্বাহকে গুণোৎসৱ বর্জনৰ সিদ্ধান্ত বাহাল ৰাখে।