কটন কলেজৰ ১৯৯৮-২০০০ বৰ্ষৰ উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ ৰূপালী জয়ন্তী উদযাপন

Story by  atv | Posted by  Munni Begum • 2 d ago
কটন কলেজৰ ১৯৯৮-২০০০ বৰ্ষৰ উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ ৰূপালী জয়ন্তী উদযাপন অনুষ্ঠান
কটন কলেজৰ ১৯৯৮-২০০০ বৰ্ষৰ উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ ৰূপালী জয়ন্তী উদযাপন অনুষ্ঠান
গুৱাহাটী
 
কটন কলেজৰ ১৯৯৮-২০০০ বৰ্ষৰ উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ দুদিনীয়া ৰূপালী জয়ন্তী উদযাপন আজি উলহ-মালহেৰে আৰম্ভ হয়। আজিৰ পৰা ২৫ বছৰ আগতে শিক্ষাদান কৰা শিক্ষকসকলৰ প্ৰতি সন্মান প্রদর্শনেৰে কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণু ৰাভা প্রেক্ষাগৃহত ৰূপালী জয়ন্তীৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰা হয়।  
 
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কটন বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই প্রাক্তন ছাত্র-ছাত্রীসকলে প্রকাশ কৰা স্মৰণিকাখন উন্মোচন কৰে। ভাষণ প্রসংগত উপাচাৰ্যগৰাকীয়ে প্ৰাক্তন কটনিয়ানসকলৰ গুৰু-শিষ্যৰ পুনর্মিলন ঘটোৱা এই পদক্ষেপক ভূয়সী প্রশংসা কৰে আৰু আৰু ছাত্ৰ-ছাত্ৰীদলৰ ভৱিষ্যতৰ কৰ্মপন্থাৰ বাবে শুভেচ্ছা জনায়। 
 
এই অনুষ্ঠানতে ছাত্রদলৰ তৰফৰ পৰা প্ৰকাশ পোৱা এখনি স্মৰণিকা '৯৮, কটন ক্রনিকেলছ উন্মোচন কৰে উপাচার্য ডেকাই। অন্যহাতে সহপাঠী সংগীত 'আমাৰ এই কটন' মুকলি কৰে ডঃ সত্যেন্দ্ৰ কুমাৰ চৌধুৰীয়ে।
 
প্ৰথম দিনৰ অনুষ্ঠানত শতাধিক শিক্ষক-শিক্ষয়িত্ৰী আৰু প্ৰায় ১৫০ প্রাক্তন কটনিয়ানে অংশগ্ৰহণ কৰে। অনুষ্ঠানত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ অৰূপজ্যোতি চৌধুৰী, কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ ডঃ নিৰদা দেৱী, কটন কলেজৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ ডঃ যমুনা শৰ্মা চৌধুৰী, ডঃ সুদৰ্শন বৰুৱা, ডঃ প্ৰশান্ত কুমাৰ বৰদলৈ আৰু ডঃ সীতানাথ লহকৰ আৰু কটন কলেজৰ প্ৰাক্তন সতীর্থ সন্মিলনৰ সভাপতি ডঃ সত্যেন্দ্ৰ কুমাৰ চৌধুৰী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।
 
এই ৰূপালী জয়ন্তীৰ দ্বিতীয় দিনৰ কার্যসূচী হিচাপে ২০ এপ্রিলত খানাপাৰাস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ অতিথিশালাত দিনজোৰা সতীর্থ সন্মিলন আয়োজন কৰা হৈছে। সিদিনা বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। দ্বিতীয় দিনা প্রায় ২০০ প্রাক্তন কটনিয়ান সম্মিলিত হয়।