নাকৰ মূল্যায়নত কটন বিশ্ববিদ্যালয়ৰ 'এ' গ্ৰেড লাভ

Story by  atv | Posted by  [email protected] • 10 d ago
কটন বিশ্ববিদ্যালয়
কটন বিশ্ববিদ্যালয়
 
গুৱাহাটী
 
কটন বিশ্ববিদ্যালয়ে নাকৰ প্রথম মূল্যায়নতে এ গ্রেড লাভ কৰিবলৈ সক্ষম হৈছে। বৃহস্পতিবাৰে নাকে এই গ্রেড প্রদান কৰাত কটন বিশ্ববিদ্যালয়ত আনন্দৰ জোৱাৰ উঠিছে।ছাত্র-ছাত্রীকে ধৰি শিক্ষকসকলে কটনৰ এই সফলতাত সন্তোষ প্রকাশ কৰা পৰিলক্ষিত হৈছে। বিশ্ববিদ্যালয়খনৰ এটা সূত্রই দাবী কৰা অনুসৰি নাকৰ প্রথম মূল্যায়নতে এ গ্রেড লাভ কৰা কটন হৈছে ৰাজ্যখনৰ প্ৰথমখন বিশ্ববিদ্যালয়। উল্লেখ্য যে যোৱা ২৮ আগষ্টৰ পৰা তিনিদিনীয়াকৈ নাকৰ এটা পাঁচজনীয়া দলে বিশ্ববিদ্যালয়খন মূল্যায়ন কৰিছিল।
 
তিনিদিনীয়া এই মূল্যায়নত শিক্ষানুষ্ঠানখনৰ আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি প্ৰশাসনিক আৰু বিদ্যায়তনিক সকলো দিশ সামৰি লোৱা হৈছিল। এই মূল্যায়নকাৰী দলটোৰ নেতৃত্ব দিছিল ড° মধুমিতা দাসে। অসম চৰকাৰৰ পৰা পর্যাপ্ত সাহায্য লাভ কৰিবলৈ বঞ্চিত হোৱা সত্ত্বেও বিশ্ববিদ্যালয়খনৰ এই সফলতা নিশ্চয়কৈ গুৰুত্বপূৰ্ণ বুলি শিক্ষানুষ্ঠানখনৰ সূত্ৰটোৱে সদৰী কৰিছে। কটনক এছিয়াৰ শ্রেষ্ঠ বিশ্ববিদ্যালয়ৰূপে গঢ়ি তোলা হ'ব বুলি শিক্ষানুষ্ঠানখনৰ প্ৰাক্তন ছাত্র হিচাপে তদানীন্তন মন্ত্রী হিমন্তবিশ্ব শর্মাই ২০১৭ চনতে ঘোষণা কৰিছিল।
 
কটন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ পৰা কটন বিশ্ববিদ্যালয়লৈ নাম সলনি কৰা সময়তে এক অনুষ্ঠানত হিমন্তবিশ্ব শৰ্মাই কটনক লৈ গৌৰৱান্বিত বুলি প্ৰকাশ কৰিছিল। কিন্তু ৰাজ্য চৰকাৰৰ পৰা এইপর্যন্ত কটনে আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত আৱশ্যকীয় সাহায্য লাভ কৰিবলৈ সক্ষম হোৱা নাই। ধনৰ অভাৱত কটনৰ ভালেকেইটা আন্তঃগাঁথনি প্রকল্প এতিয়াও আধৰুৱা হৈ আছে।
 
সীমিত পৰিসৰৰ মাজতে তুলনামূলকভাৱে নতুন বিশ্ববিদ্যালয়খনে গৱেষণাৰ পৰা আৰম্ভ কৰি বিদ্যায়তনিক অন্যান্য খণ্ডত লাভ কৰা অগ্ৰগতিৰ ফলতে নাকৰ প্ৰথম মূল্যায়নতে এ গ্রেড লাভ কৰিবলৈ সক্ষম হোৱা বুলি শিক্ষানুষ্ঠানখনৰ সূত্রটোরে আজি সদৰী কৰিছে। কটনৰ এই সফলতাত সন্তোষ প্রকাশ কৰিছে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সভাপতি হিমাংশু কুমাৰ দাসে। তেওঁ এই সফলতাৰ বাবে বিশ্ববিদ্যালয় পৰিয়ালক অভিনন্দন জ্ঞাপন কৰে।