গুৱাহাটী
ৰাষ্ট্ৰীয় আনুষ্ঠানিক ৰেংকিং ব্যৱস্থাৰ যোগেদি চলিত বৰ্ষত ঘোষণা কৰা ফলাফলত এখন ৰাজ্যিক বিশ্ববিদ্যালয় হিচাপে জিলিকি উঠিল ডিব্ৰুগড় বিশ্ববিদ্যালয়। দেশৰ শ্রেষ্ঠ ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ ভিতৰত ২৮ সংখ্যক স্থান দখল কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে।
উল্লেখ্য যে, দেশৰ বিভিন্ন ক্ষেত্ৰৰ ১০,৮০০ খন উচ্চ শিক্ষাৰ প্রতিষ্ঠানে এইবাৰ এই ৰেংকিঙৰ দৌৰত অৱতীৰ্ণ হৈছিল। ইয়াৰে ভিতৰত ৫০০ খন আছিল বিশ্ববিদ্যালয়। ইমান সংখ্যক বিশ্ববিদ্যালয় আৰু উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰ মাজতো ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সর্বশ্রেষ্ঠ ১০০-১৫০ খন শিক্ষানুষ্ঠানৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ৰাজ্যিক বিশ্ববিদ্যালয় শাখাত গুজৰাট বিশ্ববিদ্যালয়ৰ দৰে প্রতিষ্ঠিত বিশ্ববিদ্যালয়তকৈ ওপৰত স্থান লাভ কৰিছে। অনলাইন শিক্ষা প্রদানৰ ক্ষেত্ৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ১৫১ ৰ ভিতৰত ১৩.৫ নম্বৰ লাভ কৰি প্ৰমাণ কৰিছে যে, দেশৰ আটাইতকৈ পূব প্রান্তত অৱস্থিত বিশ্ববিদ্যালয়খনে যুগৰ লগত খাপ খাব পৰাকৈ ইয়াৰ আন্তঃগাঁথনি তথা ব্যৱস্থাসমূহ উন্নত কৰিবলৈ সক্ষম হৈছে।
আনহাতে পেটেণ্টৰ ক্ষেত্ৰতো বিশ্ববিদ্যালয়খনে যথেষ্ট ভাল প্রদর্শন কৰিবলৈ সক্ষম হৈছে। বিশ্ববিদ্যালয়খনে পূৰ্বৰ বৰ্ষত ৪৭ টা গৱেষণা প্রকল্প চলাই থকাৰ বিপৰীতে বিগত বৰ্ষত এই সংখ্যা ৬৫ টালৈ বৃদ্ধি কৰিছে। একেদৰেই গৱেষণা প্রকল্পৰ বাবে বিভিন্ন পক্ষৰ পৰা পূৰ্বৰ বৰ্ষত ২৫০ লাখ টকা আবণ্টন পোৱাৰ বিপৰীতে বিগত বর্ষত ৯৬০ লাখ টকা আবণ্টন পাবলৈ সক্ষম হৈছে। আনহাতে উন্নতমানৰ গবেষণা পত্র প্রকাশনৰ ক্ষেত্রতো বিশ্ববিদ্যালয়খনৰ অধ্যাপকসকলে পূর্বতকৈ উন্নত ফলাফল প্রদর্শন কৰিবলৈ সক্ষম হৈছে।