গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বিট কেলেংকাৰীৰে জড়িত ৮ জনক গ্ৰেপ্তাৰ

Story by  atv | Posted by  [email protected] • 2 d ago
গুৱাহাটী বিশ্ববিদ্যালয়
গুৱাহাটী বিশ্ববিদ্যালয়
 
গুৱাহাটী
 
গুৱাহাটী বিশ্ববিদ্যালৰ মাৰ্কশ্বিট কেলেংকাৰী তথা ধনৰ বিনিময়ত নম্বৰ বৃদ্ধি কৰা ঘটনা পোহৰলৈ অহাৰ পাছতে অভিযান আৰম্ভ কৰিছে অসম আৰক্ষী আৰু চি আই ডিয়ে। শনিবাৰে আৰক্ষী আৰু চি আই ডিৰ যুটীয়া অভিযানত উক্ত ঘটনাৰে জড়িত থকা ৮জন লোকক গ্ৰেপ্তাৰ কৰা হয়।
 
বৰপেটা আৰক্ষীৰ সহযোগত চি আই ডিয়ে অভিযান চলাই পৃথক পৃথক স্থানৰ পৰা লোক কেইজনক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা লোকসকলৰ ভিতৰত আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী, ধুবুৰী আইন মহাবিদ্যালয়ৰ কম্পিউটাৰ অপাৰেটৰকে ধৰি দুষ্ট চক্ৰৰে জড়িত আন আন লোক।
 
অভিযানত এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰা লোক কেইজন হৈছে- ধৃত আজিজুল হক, কৃষ্ণণ কৃষ্ণমূৰ্তি, ইছমাইল হুছেইন, আলমগীৰ খান, মইনুল হক, হামেজ উদ্দিন, আবুল বাছেৰ, আমিনুল ইছলাম, শিৱতোষ মাহাতো।
 
একদৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী ধৃত কৃষ্ণণ কৃষ্ণমূৰ্তিকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধুবুৰী আইন মহাবিদ্যালয়ৰ কৰ্মচাৰী শিৱতোষ মাহাতো আৰু লাংলা মহাবিদ্যালয়ৰ লাইব্রেৰীয়ান আমিনুল ইছলামকো গ্ৰেপ্তাৰ কৰিছে।
 
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে গুৱাহাটী, কলগাছিয়া, ধুবুৰী আদি কৰি বিভিন্ন স্থানৰ পৰা এওলোকক গ্ৰেপ্তাৰ কৰিছে। উক্ত ঘটনাৰে আৰু বহু লোক যে জড়িত আছে সেই কথা একপ্ৰকাৰ নিশ্চিত। শীঘ্ৰেই আৰু অধিক দুষ্ট চক্ৰৰে জড়িত লোক আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে।
 
ইতিমধ্যে এই ঘটনা পোহৰলৈ অহাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শুকুৰবাৰে বৰপেটাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৰিমাত কালিমা সনা এই ঘটনা সন্দৰ্ভত কেতবোৰ মন্তব্য কৰিছিল। তাৰ পাছতে এই ঘটনাৰ তদন্তৰ দায়িত্ব আৰক্ষী আৰু চি আই ডিক দিছিল।
 
ইফালে মাৰ্কশ্বিট কেলেংকাৰীৰ ঘটনাৰ পাছতে পোহৰলৈ আহিছে আন এক ঘটনা। ইটোৰ পিছত সিটো কেলেংকাৰীৰে নাম সাঙোৰ খাইছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ।
 
পোহৰলৈ অহা তথ্য অনুসৰি নামভৰ্তিৰ নামতো গুৱাহাটী বিশ্ববিদ্যালয়ত ভয়ংকৰ কেলেংকাৰী ঘটনা সংঘটিত হৈছে। অতিৰিক্ত পাৰদৰ্শিতা (EC) কোটাত গুৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্তিত কেলেংকাৰীৰ কথা জানিব পৰা গৈছে।
 
ৰাষ্ট্রীয় তথা আন্তঃৰাষ্ট্রীয় প্রতিযোগিতাত পুৰস্কাৰৰ ভুৱা প্রমাণ-পত্র দাখিল কৰি একাংশ ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰা বুলি এক সূত্ৰত প্ৰকাশ।