গুৱাহাটী
ঐতিহাসিক কটন বিশ্ববিদ্যালয় (পূৰ্বৰ কটন কলেজ)ৰ অতি পুৰণি ইংৰাজী সাহিত্য বিভাগে অলপতে ইয়াৰ এলুমনি এছ'ছিয়েচন গঠন কৰে। যোৱা ১০ আগষ্টত বিশ্ববিদ্যালয়ৰ চৌহদত অনুষ্ঠিত হোৱা প্ৰথমখন এলুমনি সভাত বহু সংখ্যক শিক্ষক, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু গৱেষক পণ্ডিত উপস্থিত থাকি এলুমনি এছ'ছিয়েচনৰ ভৱিষ্যত কাৰ্যপন্থাৰ ওপৰত আলোচনা কৰে। এই এলুমনি এছ'ছিয়েচনটো 'পাথফাইণ্ডাৰ' (Pathfinders) হিচাপে নামাকৰণ কৰা হয়।
জ্যোতি সংগীত 'তোৰে মৰে আলোকোৰে যাত্ৰা'ৰে আৰম্ভ হোৱা এই সভাখনত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত যথেষ্ট উৎসাহ দেখা পোৱা গৈছিল। বৰ্তমান ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ৰাখী কলিতা মৰলে সভাখনত আদৰণি ভাষণ আৰু উদ্দেশ্য ব্যাখ্যা কৰে। তেওঁৰ ভাষণৰ পিছতে ইংৰাজী বিভাগৰ প্ৰাক্তন ছাত্ৰ তথা অৱসৰপ্ৰাপ্ত অধ্যাপক ৰবীন্দ্ৰ মোহন গোস্বামীক সম্বৰ্ধনা জনোৱা হয়।
সভাখনত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ আত্মপৰিচয় আৰু বৰ্তমানৰ কৰ্মস্থানৰ পৰিচয় দি এলুমনি এছ'ছিয়েচনৰ এখন পৰিচালনা সমিতি গঠন কৰে। সমিতিখনত উপদেষ্টা হিচাপে ৰবীন্দ্ৰ মোহন গোস্বামী, সভাপতি ডঃ গৌতম শৰ্মা, উপ-সভাপতি অমলন্দীপ দাস, আহ্বায়ক অধ্যাপক ৰাখী কলিতা মৰল আৰু সম্পাদক ডঃ মেৰী বৰুৱা বৰাক মনোনীত কৰা হয়। ইয়াৰ লগতে ডঃ অৰ্পনা নাথ, ডঃ অভিজ্ঞান প্ৰসাদ আৰু ডঃ পল্লবী বৰুৱাক যুটীয়া সম্পাদক হিচাপে মনোনীত কৰা হয়। পৰিচালনা সমিতিখনত অধ্যাপক নন্দনা দত্ত, ডঃ অৰুনভা ভূঞা, ডঃ অৱন্তি বৰুৱা, কপিল বৰা, ডঃ জামিনী শইকীয়া, ৰাজীব ঘোষ, আৰু দৌলত ৰহমানক কাৰ্যবাহী সদস্য হিচাপে মনোনিত কৰা হয়।
সভাৰ অন্তত সকলো প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকে এক সংগীতৰ অনুষ্ঠান পৰিবেশন কৰে আৰু ভৱিষ্যতে এলুমনি এছোছিয়েচনক কটন বিশ্ববিদ্যালয় আৰু সমাজৰ কল্যাণৰ হকে কাম কৰি যোৱাৰ সংকল্প লয়।