শনিবাৰ কিয় ব্যতিক্ৰমী হয় মাৰৈ বিজুলীবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত

Story by  Ariful Islam | Posted by  Munni Begum • 3 Months ago
মাৰৈ বিজুলীবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শনিবৰীয়া চ'ৰা অনুষ্ঠানত বিহু নৃত্য প্ৰদৰ্শন কৰা ছাত্ৰীসকল
মাৰৈ বিজুলীবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শনিবৰীয়া চ'ৰা অনুষ্ঠানত বিহু নৃত্য প্ৰদৰ্শন কৰা ছাত্ৰীসকল
 
আৰিফুল ইছলাম / গুৱাহাটী
 
শনিবাৰ মানেই অৰ্ধছুটি। কণ-কণ ছাত্ৰ-ছাত্ৰীসকলে এই দিনটোত বিদ্যালয়ৰ পৰা সোনকালে ঘৰলৈ উভতিব পাৰিব বুলি ৰৈ থাকে। কিন্তু অসমত এনে এখন ব্যতিক্ৰমী বিদ্যালয় আছে, য'ত ছাত্ৰ-ছাত্ৰীসকলে শনিবাৰৰ দিনটো বিদ্যালয়ত কটাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি থাকে। কাৰণ, প্ৰতি শনিবাৰে বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীসকলে পাঠদানৰ পিছত নিজৰ সুপ্ত প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ পায়। ছিপাঝাৰত অৱস্থিত মাৰৈ বিজুলিবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰতি শনিবাৰে অনুষ্ঠিত 'শনিবৰীয়া চ'ৰা'ত ছাত্ৰ-ছাত্ৰীসকলে নাচ-গান, অভিনয়ৰ লগতে খেল-ধেমালিত অংশ লোৱাৰ সুযোগ পায়।
 
বৰ্তমান অসমৰ চৰকাৰী-বেচৰকাৰী প্ৰায় সকলো বিদ্যালয়তে পাঠদানৰ উপৰিও খেল-ধেমালি, কলা-সংস্কৃতি আদিৰ ওপৰত কম বেছি পৰিমানে গুৰুত্ব দিয়া হয়। তাৰে ভিতৰত অন্যতম দৰং জিলাৰ মাৰৈ বিজুলীবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়।  ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিতে লাগি থকা এই বিদ্যালয়খনে  বৃহত্তৰ মাৰৈ বিজুলীবাৰী অঞ্চলৰ শৈক্ষিক আৰু বৌদ্ধিক উত্তৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। 
 
 
পাঠদানৰ উপৰিও মাৰৈ বিজুলীবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক, মানসিক বিকাশৰ বাবে বিভিন্ন উল্লেখনীয় কাম কৰি আহিছে। বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে ইতিমধ্যে ৰাজ্যিক আৰু জিলা ভিত্তিক বিভিন্ন প্ৰতিযোগিতাত নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি বহু বঁটা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ২০১৯ চনত অসমভিত্তিত আয়োজিত Commemoration of 6th child protection Dayত দৰঙী লোকসংস্কৃতি বিশেষকৈ নাঙলী গীত প্ৰদৰ্শন কৰাৰ বাবেই বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে পুৰস্কাৰ লাভ কৰিছিল। 
 
জিকিৰ পৰিবেশ কৰা দৃশ্য
 
২০২৪ চনত Spreading Happiness India Foundation চমুকৈ SHIF নামৰ এটা বেচৰকাৰী NGOএ আয়োজন কৰা " মডেল প্ৰস্তুত কৰাৰ প্ৰতিযোগিতা"ত সমগ্ৰ দৰং জিলাৰ ভিতৰতে বিদ্যালয়খনৰ শিক্ষাৰ্থীয়ে দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও বিদ্যালয়খনৰ শিক্ষাৰ্থী সকলে জিলাভিত্তিক বিভিন্ন ক্ৰীড়াত নিজৰ পাৰদৰ্শিতা দেখুৱাবছে। পাঠদানৰ উপৰিও বিদ্যালয়খনত প্ৰতি শনিবাৰে আয়োজন কৰা হয় "শনিবৰীয়া চ'ৰা"  নামৰ এক বিশেষ অনুষ্ঠান। য'ত ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন ক্ষেত্ৰত নিজৰ প্ৰতিভা বিকাশৰ এক সুযোগ পায়। ছাত্ৰ-ছাত্ৰীসকলে প্ৰতি শনিবাৰে নৃত্য, আধুনিক গীত, বিহু নৃত্য, জিকিৰ গীত, দৰঙী কলা-কৃষ্টিৰ অন্যতম নাঙলী গীত, অভিনয়, বক্তৃতা, কুইজ, কাৰাটে আদি পৰিবেশন কৰে।
 
মাৰৈ বিজুলীবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কণ-কণ ছাত্ৰ-ছাত্ৰীসকল
 
বিদ্যালয়খনৰ জ্যেষ্ঠ সহকাৰী শিক্ষক হাফিজ আলীয়ে কয়; "মই এই অঞ্চলৰে এগৰাকী নাগৰিক। ১৮৮০ চনতে আজিৰ এই বিদ্যালয়ৰ ভেটিত প্ৰথম এখন বুনিয়াদী বিদ্যালয় স্থাপন হৈছিল। তাৰপিছত ১৯৬০ চনত বুনিয়াদী বিদ্যালয়খন উন্নীতকৰণ কৰি মজলীয়া বিদ্যালয়লৈ ৰূপান্তৰ কৰা হয়। আকৌ ১৯৭৯ চনত ইয়াৰ স্থানীয় ৰাইজে লগ লাগি এখন হাইস্কুল প্ৰতিষ্ঠা কৰিলে। নাম দিলে মাৰৈ বিজুলীবাৰী উচ্চ মাধ্যমিক বিদ্যালয়। ১৯৯১ চনৰ বিদ্যালয়খন প্ৰাদেশিকৰণ হ'ল। ২০১৭ চনত বিদ্যালয়খন উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ হ'ল। এই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন ক্ষেত্ৰত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। প্ৰশাসনিক ক্ষেত্ৰতে হওক, অভিযান্ত্ৰিক কাৰ্যক্ৰমনিকাতে হওক বা কলা-সংস্কৃতিৰ ক্ষেত্ৰতে হওক, বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে নিজকে প্ৰতিষ্ঠা কৰিছে। উদাহৰণ স্বৰূপে অসমৰ জনপ্ৰিয় অভিনেতা, বৰ্তমান আৱাহন থিয়েটাৰৰ এগৰাকী মুখ্য অভিনেতা হিচাপে কৰ্মৰত জেফ্ৰি বক্সি আমাৰ বিদ্যালয়ৰে ছাত্ৰ।"
 
দৰঙীয়া কলা-কৃষ্টিৰ অন্যতম নাঙালী গীত প্ৰদৰ্শন কৰা মুহূৰ্তত ছাত্ৰ-ছাত্ৰীসকল
 
বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীৰ ব্যতিক্ৰমী প্ৰচেষ্টাৰ ফলত শেহতীয়াকৈ ক্ৰমান্বয়ে দুবাৰকৈ গুণোৎসৱত A+ পাবলৈ সক্ষম হৈছে। তাৰোপৰি, বিদ্যালয়ৰ জ্যেষ্ঠ সহকাৰী শিক্ষক হাফিজ আলীয়ে ২০১১ চনত ভাৰতীয় দলিত সাহিত্যৰ তৰফৰ পৰা ডঃ আম্বেদকাৰ নেচনেল ফেল'শ্বিপ লাভ কৰে। ২০১৩ চনত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ছিনিয়ৰ ফেল'শ্বফাৰ হিচাপে দুবছৰীয়া কাৰ্যক্ৰমণিকা সমাপন কৰে। ২০২১ চনত উচ্চতৰ মাধ্যমিক পৰ্যায়ত অসম চৰকাৰৰ শ্ৰেষ্ঠ শিক্ষক বঁটা লাভ কৰে। তাৰোপৰি, বিদ্যালয়খনৰে কনিষ্ঠ সহকাৰী শিক্ষক ৰূপম মেধিয়ে ২০২৩ চনত সৰ্বভাৰতীয় পৰ্যায়ত "নেশ্বনেল ইন'ভেটিভ শিক্ষা ৰত্ন এৱাৰ্ড আৰু নেশ্বনেল এডুকেশ্বন ছামিট ২০২৩" বটা পাবলৈ সক্ষম হৈছে।  বিশেষকৈ শিক্ষাৰ্থীসকলৰ  সৰ্বাংগীণ বিকাশৰ বাবে চলোৱা প্ৰচেষ্টাৰ বাবেই তেওঁক এই বঁটাৰে বিভূষিত কৰা হৈছে।
 
মাৰৈ বিজুলীবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
 
"আমাৰ ছাত্ৰ-ছাত্ৰীসকলক কেৱল পাঠ্যপুথিৰ শিক্ষাতে আৱদ্ধ নাৰাখি কলা-সংস্কৃতি, ক্ৰীড়া আদি বিভিন্ন ক্ষেত্ৰত আগুৱাই নিয়াৰ কাৰণে অহৰহ চেষ্টা কৰি আহিছো। মই নিজেই এগৰাকী স্কাউড মাষ্টৰ। আমি আমাৰ বিদ্যালয়ৰ পৰা কেইবগৰাকীও ৰাজ্যিক প্ৰতিনিধি উলিয়াইছোঁ। এই বিদ্যালয়খনে আমাৰ অঞ্চলটোৰ শিক্ষাৰ উত্তৰণৰ ক্ষেত্ৰত সদায় বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। আমাৰ সকলো শিক্ষক-শিক্ষয়ত্ৰীয়ে একগোট হৈ কাম কৰোঁ। আমাৰ এই অঞ্চলটো আৰ্থ-সামাজিক ভাবে পিছপৰা। গতিকে আমাৰ শিক্ষকসকলে বিদ্যালয়ৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলক ঘৰুৱাভাৱেও খা-খবৰ লৈ থাকে। বিশেষকৈ শনিবৰীয়া চ'ৰাত আমাৰ ছাত্ৰ-ছাত্ৰীসকলে আমাৰ সন্মুখত বিভিন্ন প্ৰতিভা প্ৰদৰ্শন কৰে।", শিক্ষক হাফিজ আলীয়ে কয়।
 
শনিবৰীয়া চ'ৰা অনুষ্ঠানত বিহু নৃত্য প্ৰদৰ্শন কৰা ছাত্ৰীসকল
 
মাৰৈ বিজুলীবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মকিবৰ ৰহমানে কয়; "আমাৰ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰীসকলে একগোট হৈ পাঠ্যক্ৰমৰ উপৰিও ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা বিকাশৰ বাবে কাম কৰে। লগতে আমাৰ অভিভাৱকসকলো যথেষ্ট সজাগ। শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকৰ সহযোগতে আমাৰ খেলা-ধূলা বা কলা-সংস্কৃতিৰ ক্ষেত্ৰতো যথেষ্ট অগ্ৰগতি লাভ কৰিছোঁ। বিশেষকৈ গুণোৎসৱৰ সময়তো অভিভাৱকসকলে আমাক যথেষ্ট সহযোগিতা আগবঢ়াইছে। সেয়েহে আমি ছাত্ৰ-ছাত্ৰীসকলৰ সম্পূৰ্ণ উপস্থিতিত A+ পাবলৈ সক্ষম হৈছোঁ।"