মাদ্ৰাছা ব’ৰ্ডৰ উচ্চ শিক্ষাৰ ডিগ্ৰীক অসাংবিধানিক ঘোষণাৰ পিছত হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ ভৱিষ্যত অনিশ্চয়তাত

Story by  atv | Posted by  Munni Begum • 10 d ago
অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' ব'ৰ্ড আৰু আইছবাগ ঈদগাহ ইমাম মৌলানা খালিদ ৰছিদ ফৰংগী মাহালিৰ সৈতে মাদ্ৰাছাৰ শিক্ষাৰ্থী
অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' ব'ৰ্ড আৰু আইছবাগ ঈদগাহ ইমাম মৌলানা খালিদ ৰছিদ ফৰংগী মাহালিৰ সৈতে মাদ্ৰাছাৰ শিক্ষাৰ্থী
 
নতুন দিল্লী
 
উত্তৰ প্ৰদেশ মাদ্ৰাছা ব’ৰ্ডে প্ৰদান কৰা উচ্চ শিক্ষাৰ ডিগ্ৰীসমূহ উচ্চতম ন্যায়ালয়ে অসাংবিধানিক বুলি ঘোষণা কৰাৰ পিছত বৰ্তমান এই পাঠ্যক্ৰমসমূহ অধ্যয়ন কৰি থকা প্ৰায় ২৫ হাজাৰ শিক্ষাৰ্থীক আন যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ত সংযুক্ত কৰাৰ দাবী উত্থাপন হৈছে। উত্তৰ-প্ৰদেশ চৰকাৰেও এই বিষয়ৰ সকলো আইনী দিশ বিবেচনা কৰি বাট বিচাৰি উলিয়াব বুলি উল্লেখ কৰিছে৷
 
৫ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে এক নিৰ্দেশত উত্তৰ প্ৰদেশ মাদ্ৰাছা ব’ৰ্ডে প্ৰদান কৰা কামিল আৰু ফাজিল ডিগ্ৰী (স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ সমতুল্য) অসাংবিধানিক বুলি ঘোষণা কৰি ইয়াক বিশ্ববিদ্যালয় অনুদান আয়োগৰ আইনৰ সৈতে সংঘাতপূৰ্ণ বুলি প্ৰকাশ কৰিছিল।
 
আগ্ৰাৰ এখন মাদ্ৰাছাত শিক্ষাৰ্থীয়ে পাঠদান কৰি থকা এক দৃশ্য
 
মাদাৰিছ আৰৱিয়া উত্তৰ-প্ৰদেশ শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক জামান খানে কয় যে আদালতৰ এই সিদ্ধান্তই বৰ্তমানৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এক কঠিন পৰিস্থিতিৰ সৃষ্টি কৰিছে, কাৰণ ব’ৰ্ডে এতিয়া এই পাঠ্যক্ৰমসমূহৰ পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিব। "উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ সৰ্বোচ্চ। কিন্তু চৰকাৰে উদ্ভৱ হোৱা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ কিবা এটা উপায় বিচাৰি উলিয়াব লাগিব, যাতে মাদ্ৰাছা ব’ৰ্ডৰ কামিল আৰু ফাজিল পাঠ্যক্ৰমত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰ হৈ নাথাকে।"- দেওবাৰে এক সংবাদ মাধ্যমৰ আগত এইদৰে কয় জামান খানে।  
 
সংখ্যালঘু কল্যাণ মন্ত্ৰী ওম প্ৰকাশ ৰাজভৰে কয় যে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অধ্যয়ন কৰি ইয়াৰ বিভিন্ন আইনী দিশৰ ওপৰত আলোচনা কৰি চৰকাৰে নিশ্চিতভাৱে এটা বাট বিচাৰি উলিয়াব। মাদ্ৰাছা ব’ৰ্ডৰ কামিল আৰু ফাজিল পাঠ্যক্ৰমত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলক আন কোনো বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত কৰা হ’ব নেকি সেই প্ৰশ্নত মন্ত্ৰীগৰাকীয়ে কয় যে সকলো দিশ বিবেচনা কৰা হ’ব আৰু তাৰ পিছতহে চৰকাৰে কোনো সিদ্ধান্ত ল’ব।
 
মাদ্ৰাছা ব’ৰ্ডৰ পঞ্জীয়ক আৰ পি সিঙে কয় যে, বৰ্তমান ব’ৰ্ডে পৰিচালনা কৰা কামিল আৰু ফাজিল পাঠ্যক্ৰমত প্ৰায় ২৫ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে, আৰু চৰকাৰে যি সিদ্ধান্ত ল’ব সেয়া মানি চলা হ’ব। ইফালে, মাদ্ৰাছা ব’ৰ্ডৰ প্ৰাক্তন সদস্য কামাৰ আলীয়ে কয় যে ব’ৰ্ডৰ কামিল ডিগ্ৰীৰ স্নাতক আৰু ফাজিল ডিগ্ৰীৰ স্নাতকোত্তৰ মৰ্যাদা আছিল যদিও ইয়াৰ পূৰ্বেও প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে তেওঁলোকক স্বীকৃতি দিয়া হোৱা নাছিল।
 
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত এই ডিগ্ৰীধাৰীসকলে কেৱল মাদ্ৰাছাতহে চাকৰি পাব বুলি চলি থকা ধাৰণাটোৰ অন্ত পৰিল বুলি উল্লেখ কৰি আৰ পি সিঙে দাবী জনায় যে বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকলক সকলো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ত সুযোগ দিয়া উচিত। ইয়াৰ পূৰ্বে মাদ্ৰাছা ব’ৰ্ডে চৰকাৰক নিজৰ কামিল আৰু ফাজিল পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীসকলক লক্ষ্ণৌস্থিত 'খোৱাজা মইনুদ্দিন চিষ্টি উৰ্দু-আৰবী-পাৰ্চী বিশ্ববিদ্যালয়'ত ৰখাৰ প্ৰস্তাৱ দিছিল যদিও সেই সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱা হোৱা নাছিল বুলিও তেওঁ কয়।
 
প্ৰতিনিধিত্বমূলক ছবি
 
এই আদেশৰ পৰা স্পষ্ট নহয় যে, কেতিয়াৰ পৰা এই ডিগ্ৰীসমূহ অসাংবিধানিক বুলি গণ্য কৰা হ’ব, কিন্তু চৰকাৰে এই ছাত্ৰ-ছাত্ৰীসকলক ইউজিচিৰ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মাদ্ৰাছা ব’ৰ্ডৰ পঞ্জীয়ক আৰ পি সিঙে কয়। 
 
উল্লেখ্য যে, উত্তৰ প্ৰদেশত প্ৰায় ২৫,০০০ মাদ্ৰাছা আছে। ইয়াৰে ১৬,৫০০খন ৰাজ্যিক মাদ্ৰাছা ব'ৰ্ডে স্বীকৃতি দিয়া আৰু ৮,৫০০খন অস্বীকৃতিপ্ৰাপ্ত। ইয়াৰে মুঠ ৫৬০খন মাদ্ৰাছাই ৰাজ্য চৰকাৰৰ পৰা অনুদান লাভ কৰে। ৫ অক্টোবৰত উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশত উত্তৰ প্ৰদেশ মাদ্ৰাছা শিক্ষা ব’ৰ্ড আইন, ২০০৪ৰ সাংবিধানিক বৈধতাক সমৰ্থন কৰি ২০২৪ চনৰ মাৰ্চ মাহৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ আদেশ বাতিল কৰি ইয়াক অসাংবিধানিক বুলি ঘোষণা কৰে।
 
কিন্তু উচ্চ শিক্ষা (কামিল আৰু ফাজিল ডিগ্ৰী) সম্পৰ্কীয় বিধানসমূহ অসাংবিধানিক (অৰ্থাৎ মাদ্ৰাছা ব’ৰ্ডে এই ডিগ্ৰীসমূহ আগবঢ়াব নোৱাৰে) বুলি ঘোষণা কৰে, কাৰণ এইবোৰ বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউজিচি) আইনৰ সৈতে সংঘাতপূৰ্ণ। ইয়াত কোৱা হৈছে যে ইউজিচি আইনখনে উচ্চ শিক্ষাৰ মানদণ্ড নিয়ন্ত্ৰণ কৰে আৰু ৰাজ্যিক আইন এখনে ইউজিচি আইনখনৰ বিধান উলংঘা কৰি উচ্চ শিক্ষাক নিয়ন্ত্ৰণ কৰিবলৈ বিচাৰিব নোৱাৰে।