অসমৰ পৰা লণ্ডনলৈ হাফিজ ইলিয়াছ হুছেইন আনছাৰীৰ অধ্যৱসায়ৰ যাত্ৰা

Story by  Imtiaz Ahmed | Posted by  [email protected] • 2 d ago
হাফিজ ইলিয়াছ হুছেইন আনছাৰী
হাফিজ ইলিয়াছ হুছেইন আনছাৰী
 
ইমতিয়াজ আহমেদ / গুৱাহাটী
 
মাদ্ৰাছা শিক্ষাই উচ্চশিক্ষাৰ সপোন পূৰাব নোৱাৰে বুলি এক ভুল ধাৰণা আছে। এই ভ্ৰান্ত ধাৰণা উদঙাই দি এগৰাকী মাদ্ৰাছা ছাত্ৰই উচ্চশিক্ষা গ্ৰহণ কৰাৰ উপৰিও নিজৰ সপোনৰ চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে। বিগত এসপ্তাহ ধৰি বিৰল সফলতাৰ কাহিনীৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে যুৱকজনে। যুৱকজন হ'ল বঙাইগাঁও জিলাৰ চাকলা গাঁৱৰ ইলিয়াছ হুছেইন আনচাৰী। কিছুদিন পূৰ্বে ইলিয়াছ হুছেইন আনচাৰীয়ে লণ্ডনস্থিত এক অয়িনী প্ৰতিষ্ঠানত পেৰালিগেল অফিচাৰ হিচাপে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে।
 
ইলিয়াছ হুছেইন আনচাৰী এটা অৰ্থনৈতিকভাৱে পিছপৰা পৰিয়ালৰ সন্তান।  কাষৰীয়া বজালী জিলাৰ এখন সৰু মাদ্ৰাছাত শৈক্ষিক জীৱন আৰম্ভ কৰি হিফজ (হাফিজ) পাঠ্যক্ৰম সম্পূৰ্ণ কৰে আৰু তাৰ পিছত মৌলানাৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰে। ইয়াৰ পিছত তেওঁ হোজাইৰ আজমল ফাউণ্ডেশ্যনৰ তত্ত্বাৱধানত আধুনিক শিক্ষা গ্ৰহণ কৰে। পিছলৈ গুৱাহাটীৰ পৰা নাতিদূৰত অৱস্থিত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় মেঘালয় (USTM)ৰ পৰা আইন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে আৰু দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়াৰ পৰা আইন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। মেধাৱী ছাত্ৰজনে অৱতীৰ্ণ হোৱা প্ৰায় প্ৰতিটো পৰীক্ষাত সফলতা দেখুৱাবলৈ সক্ষম হৈছিল।

কিন্তু আনচাৰীৰ উচ্চশিক্ষাৰ সাধনা ইমানতেই শেষ হোৱা নাছিল। তেওঁৰ সপোনৰ চহৰ লণ্ডনত আইনী সেৱা নিশ্চিত কৰাৰ সকলো সম্ভাৱনা অন্বেষণ কৰিলে। কিন্তু ছাত্ৰ জীৱনত পঢ়াৰ খৰছৰ বাবে ইলিয়াছক যথেষ্ট পইচাৰ প্ৰয়োজন হৈছিল। সেয়েহে ছাত্ৰ অৱস্থাতে প্ৰতিবছৰে ৰমজান মাহত গুৱাহাটীৰ নিকটৱৰ্তী ৰঙিয়াৰ ষ্টেচন মছজিদত তেওঁ তাৰাবিহৰ নামাজৰ নেতৃত্ব (পঢ়োৱাইছিল) দিছিল। তাত নামাজ পঢ়োৱাৰ বাবদ তেওঁ অলপ টকা পাইছিল আৰু সেই টকাৰে তেওঁ নিজৰ পঢ়া খৰছ উলিয়াইছিল। লণ্ডনৰ পৰা অনলাইনযোগে আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা বাৰ্তালাপত আনচাৰীয়ে কয়; "মোৰ বিশ্বাস আছে যে, সৰ্বশক্তিমান আল্লাহে মোৰ সপোন অনুসৰণ কৰিবলৈ মোক সঠিক পথ দেখুৱাইছে। কাৰণ মই প্ৰতিটো ক্ষেত্ৰতে তেওঁৰ আদেশ অনুসৰি সেৱা কৰি আহিছোঁ।"
 
প্ৰায় দুবছৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় আইনৰ উচ্চশিক্ষা গ্ৰহণৰ বাবে আনচাৰীয়ে লণ্ডনলৈ স্থানান্তৰিত হৈছিল আৰু তাৰ পিছৰ পৰাই স্থানীয় মছজিদসমূহত জুম্মা নমাজ (শুকুৰবাৰৰ জামাতৰ নামাজ) আৰু অন্যান্য নামাজৰ নেতৃত্ব দি ইমাম হিচাপে অধিক শিক্ষা গ্ৰহণ কৰিছিল। অৱশেষত তেওঁ চলিত বৰ্ষৰ ২৩ জানুৱাৰীত লণ্ডনৰ বেৰিষ্টাৰছ এণ্ড ছলিচিটৰছ লিগেল ফাৰ্ম আৰু এ এ হোমছ এণ্ড হাউছিং লিমিটেডৰ পেৰালিগেল অফিচাৰ হিচাপে যোগদান কৰে। তেওঁৰ বয়সৰ বহুতেই ভাৰতত সপোন দেখা পোৱা দৰমহা লাভ কৰিবলৈ সক্ষম হয়। যোগদানৰ তাৰিখত তেওঁৰ বাৰ্ষিক উপাৰ্জন প্ৰায় ৩৭ লাখ ভাৰতীয় টকা।
 
মৌলানাৰ পাঠ্যক্ৰম অধ্যয়ন কৰি থকা মুহূৰ্তত ইলিয়াছ হুছেইন আনচাৰী
 
"মোৰ দোৱাৰ (প্ৰাৰ্থনা) উত্তৰ পোৱাত মই যথেষ্ট সুখী। ইয়াত মোৰ কাম হ'ল বেৰিষ্টাৰ, উকীল আৰু অন্য জ্যেষ্ঠসকলক বিভিন্ন অইনী বিষয়ৰ খচৰা প্ৰস্তুত কৰাত সহায় কৰা। য'ত ইমিগ্ৰেছন, ভিছা আৰু আন বহুতো কাম অন্তৰ্ভুক্ত। ইংলেণ্ডত বসবাস কৰাটো মধ্যবিত্ত মানুহৰ বাবে যথেষ্ট কঠিন। কাৰণ ইয়াত জীৱন-যাপনৰ বাবে বহুত টকাৰ প্ৰয়োজন হয়। ইংলেণ্ডত থকাৰ বাবে মই সকলো সুবিধা বিচাৰিলোঁ। যিটো অতি প্ৰয়োজনীয়। অৱশেষত আল্লাহৰ কৃপাত মই ইয়াত থকাৰ স্থায়ী সুবিধাখিনি পাইছোঁ," হাঁহিমুখে ইলিয়াছ হুছেইন আনচাৰীয়ে কয়।
 
তেওঁৰ প্ৰাৰম্ভিক মাদ্ৰাছা শিক্ষাই তেওঁৰ সপোন বাস্তৱায়িত কৰাত কিবা বাধাৰ সৃষ্টি কৰিছিল নেকি বুলি সোধাত আনচাৰীয়ে কয়, "একেবাৰে নহয়। ক’তো বাধাৰ সৃষ্টি কৰা নাই, মোৰ নিজৰ দেশ ভাৰততো নাই, বিদেশতো নাই। মই অধ্যয়নৰ বাবে প্ৰায় ২০ খন দেশ ভ্ৰমণ কৰিছো আৰু কেতিয়াও এনেকুৱা একো দেখা নাই। আমাৰ সংবিধান নিৰ্মাতাসকলৰ প্ৰতি মই কৃতজ্ঞ যে, সংবিধানৰ ২৯ আৰু ৩০ নং অনুচ্ছেদে সংখ্যালঘুসকলৰ বাবেও নিজৰ পছন্দৰ শিক্ষাৰ স্বাধীনতাৰ নিশ্চয়তা প্ৰদান কৰিছে। লণ্ডনতো দিনটোত পাঁচবাৰ নামাজ পঢ়া বা পবিত্ৰ কোৰাণ পাঠ কৰাত বা মোৰ ধৰ্মীয় আজ্ঞা পালন কৰাত কোনো বাধাৰ সন্মুখীন হোৱা নাই। সকলোৱে নিজৰ বিশ্বাস অনুসৰণ কৰিবলৈ স্বাধীন৷ এই ক্ষেত্ৰত শান্তিপূৰ্ণ সহাৱস্থানৰ ক্ষেত্ৰত ভাৰত সৰ্বশ্ৰেষ্ঠ দেশ।"
 
স্বাধীনতা দিৱসত সম্বৰ্ধনা জনোৱা মুহূৰ্তত
 
উচ্চশিক্ষা গ্ৰহণৰ বাবে হোৱা জীৱনৰ সংগ্ৰামৰ সন্দৰ্ভত আনছাৰীয়ে কয়, "আজমল ফাউণ্ডেশ্যনৰ অধ্যক্ষ বদৰুদ্দিন আজমল চাহেব, ইউ এছ টি এমৰ চ্যান্সেলৰ মাহবুবুল হক ছাৰ, ইউ এছ টি এমৰ শিক্ষাবিদ বাহাৰুল ইছলাম ছাৰকে ধৰি বহু লোকৰ ওচৰত মই কৃতজ্ঞ। আন বহুতৰ নাম মই ল'ব নোৱাৰো, কাৰণ মই তেওঁলোকৰ ৰাজহুৱাকৈ নাম লোৱাটো তেওঁলোকে নিবিচাৰে। কিন্তু মোক সহায় কৰা মানুহৰ তালিকাখন বহু দীঘল। তেওঁলোকৰ সহায়ৰ অবিহনে মই আজি এই স্থানত থাকিব নোৱাৰিলোঁহেতেন। মোক নিস্বাৰ্থভাৱে সহায় কৰা সকলোৰে প্ৰতি মই সদায় কৃতজ্ঞ৷ ইয়াৰ উপৰিও নেপোলিয়ন বোনাপাৰ্ট আৰু ড° এ পি জে আব্দুল কালামৰ দৰে মহান ব্যক্তিৰ দৰ্শনত বিশ্বাস কৰোঁ যে, কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ জৰিয়তে সকলোখিনি লাভ কৰিব পাৰি, যিয়ে মোক বহুত সহায় কৰিছে।”
 
LLB পঢ়ি থকা সময়ত USTM ৰ বাকৰিত ইলিয়াছ হুছেইন আনচাৰী আৰু তেওঁৰ বন্ধু
 
ইমানতেই আনচাৰীৰ সপোনৰ অন্ত নহয়। তেওঁৰ আৰু উচ্চ সপোন আছে যিসকল মানুহৰ মাজত তেওঁ ডাঙৰ হৈছে, তেওঁলোকক সেৱা কৰা। "সকলোৱে মোক একেটা প্ৰশ্ন কৰে; আপুনি কেতিয়াবা ভাৰত বা অসমলৈ উভতি যাবনে? নিশ্চিতভাৱে মই উভতি আহিম আৰু ঘৰলৈ উভতি আহি মোৰ মানুহখিনিৰ সেৱা কৰাৰ এটা সংকল্প আছে। মই বিচাৰো আমাৰ দেশত শিক্ষাৰ বিস্তাৰ অধিক ভাল হওক। মই মোৰ দেশৰ প্ৰতিজন নাগৰিকৰ বাবে সুলভ শিক্ষা ব্যৱস্থা স্থাপন কৰিব বিচাৰো। আমাৰ দেশৰ প্ৰতিখন চহৰ আৰু জিলাতে কলেজ আৰু বিশ্ববিদ্যালয় বিচাৰো। মই নিশ্চয় উভতি গৈ মোৰ ঠাইৰ মানুহৰ বাবে কাম কৰিম।"
 
নিজৰ দৰে কঠিন সপোন পূৰণৰ বাবে নৱ প্ৰজন্মক কি পৰামৰ্শ দিব বিচাৰে বুলি সোধাত আনচাৰীয়ে কয়; "সফলতাৰ একমাত্ৰ উপায় হ'ল কঠোৰ পৰিশ্ৰম। মহান ব্যক্তিসকলৰ জীৱনী আৰু আত্মজীৱনী পঢ়ক, জীৱনটো আগুৱাই লৈ যাবলৈ যথেষ্ট প্ৰেৰণা পাব। জাতিৰ পিতা মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহৰু, ড° এ পি জে আব্দুল কালাম আৰু বহু মহান ব্যক্তিয়ে নিজৰ জীৱনত যথেষ্ট কঠোৰ পৰিশ্ৰম কৰিছে আৰু সফল হৈছে। অধ্যৱসায় কৰি সকলো সম্ভৱ, কেৱল মনোনিবেশ কৰক।"