গুৱাহাটী
বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে শিক্ষা বিভাগে প্রকাশ কৰা ৩৫ সহস্রাধিক শিক্ষক পদৰ নিযুক্তিত অৱশেষত অন্তৱর্তীকালীন স্থগিতাদেশ জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
সদৌ অসম প্রাথমিক টেট উত্তীর্ণ শিক্ষক সমাজকে ধৰি বহুসংখ্যক টেট শিক্ষকে ৰুজু কৰা গোচৰৰ শুনানি লৈ উচ্চ ন্যায়ালয়ে ৩৫ সহস্রাধিক পদৰ নিযুক্তিৰ বিজ্ঞাপনত এই স্থগিতাদেশ জাৰি কৰে। লগতে সমগ্র বিষয়টোক লৈ স্থিতি স্পষ্ট কৰাৰ বাবে ন্যায়ালয়ে ৰাজ্য চৰকাৰক চাৰি সপ্তাহৰ সময় প্ৰদান কৰে।
উল্লেখযোগ্য যে কোনো চৰ্তৰ পৰিবৰ্তে ঠিকাভিত্তিক টেট শিক্ষকসকলে বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণৰ দাবী জনাই আহিছে। কিন্তু শিক্ষক সমাজৰ এনে দাবীৰ বিপৰীতে শিক্ষা বিভাগে ভিন্ন পন্থাৰে ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ অংশ হিচাপে যোৱা ১৭ জানুৱাৰীত ৰাজ্য চৰকাৰৰ বিদ্যালয়ৰ শিক্ষা বিভাগে ঠিকাভিত্তিক শিক্ষকসকলক নিয়মীয়া কৰাৰ নামত এক 'বিকল্প' বাছনি ব্যৱস্থা প্রবর্তন কৰিছিল।
সেই অনুসৰি যিসকল শিক্ষকে বিকল্প বাছনি প্র-পত্ৰত চহী কৰিব তেওঁলোকে কৰি থকা চাকৰিটোৰ সকলো সা- সুবিধা হেৰুৱাই চাকৰিটো পুনৰ নতুনকৈ আৰম্ভ কৰিব লাগিব। এনেদৰে যিসকলে এই প্র-পত্ৰত চহী নকৰে তেওঁলোকে সৰ্বশিক্ষাৰ অধীনতে ঠিকাভিত্তিক ৰূপে পাই থকা সুবিধাবোৰৰ সৈতে কৰ্মৰত হৈ থাকিব লাগিব।
মন কৰিবলগীয়া যে, শিক্ষা বিভাগৰ এনে বিকল্প বাছনিৰে নিয়মীয়াকৰণৰ প্রক্রিয়াক প্রত্যাহ্বান জনাই আৰু বেতন সুৰক্ষাসহ নিয়মীয়াকৰণৰ আৰ্জিৰে সদৌ অসম প্রাথমিক টেট উত্তীর্ণ শিক্ষক সমাজ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। এই গোচৰ বৰ্তমান ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে।
লক্ষণীয়ভাৱে এই গোচৰ চলি থকাৰ মাজতে যোৱা ৬ আগষ্টত শিক্ষা বিভাগে ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ বাবে ৩৫.১৩৩টা পদৰ এক বিজ্ঞাপন প্রকাশ কৰে। কিন্তু এনে বিজ্ঞাপনতো বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণৰ বিষয়টো নথকাত ক্ষুব্ধ শিক্ষকসকলে পৃথকে পৃথকে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়।
এই সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ শুনানি লৈ উচ্চ ন্যায়ালয়ে ৩৫ সহস্রাধিক শিক্ষকৰ নিযুক্তিৰ বিজ্ঞাপনত স্থগিতাদেশ জাৰি কৰে। ন্যায়ালয়ৰ এনে ৰায়ৰ পিচতে গুচৰীয়া শিক্ষকসকলে কয়- 'আমাৰ প্রতি কৰা অন্যায়, অবিচাৰৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিলো। গোচৰ সংক্ৰান্তত উচ্চ ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰিছে। ন্যায়ালয়ৰ পৰা ন্যায় পাম বুলি আমি আশাবাদী।'
প্রাথমিক টেট উত্তীর্ণ শিক্ষক সমাজে ইতিমধ্যে সংবাদমেলযোগে স্পষ্ট কৰি দিছে যে ২০১২ চনত শিক্ষাৰ অধিকাৰ আইনৰ সম্পূর্ণ বিধি অনুসৰি নিযুক্তি লাভ কৰা এই শিক্ষকসকলক বেতন সুৰক্ষা অর্থাৎ বর্তমানে পাই থকা সা-সুবিধাখিনিৰ পৰা বঞ্চিত কৰাৰ বাবে অসম প্রাথমিক শিক্ষা (প্রাদেশীকৃত) বিধি ১৯৭৭ৰ সংশোধন কৰি কৰ্মৰত হৈ থকা পদটোতে আকৌ আবেদন কৰি নতুনকৈ নিযুক্তি দিব বিচৰা কথাটো কোনো কাৰণতে গ্রহণযোগ্য হ'ব নোৱাৰে।
দৰাচলতে এই শিক্ষকসকলক ২০১২ চনতে শিক্ষা বিভাগৰ অধীনত নিযুক্তি দিব লাগিছিল। কিন্তু শিক্ষাৰ অধিকাৰ আইনৰ সকলো নীতি- নিয়ম উলংঘা কৰি চৰকাৰে সৰ্বশিক্ষাৰ অধীনতে এইসকল শিক্ষকক ঠিকাভিত্তিকৰূপে নিযুক্তি দিয়ে। চৰকাৰে নিজে কৰা ভুল এটা অবাঞ্ছিত প্রক্রিয়াৰে সংশোধন কৰাৰ ব্যৱস্থা গ্রহণ কৰিবলৈ গৈ শিক্ষকসকলক বলিৰ পঠা সজোৱাটো অনুচিত।