১৩ জন শিক্ষকলৈ কৃতী শিক্ষকৰ ৰাজ্যিক সম্মান চৰকাৰৰ

Story by  atv | Posted by  Munni Begum • 13 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
ৰাজ্যখনৰ মুঠ তেৰজনকৈ শিক্ষকক ৰাজ্য চৰকাৰে ২০২৪ বৰ্ষৰ কৃতী শিক্ষকৰ ৰাজ্যিক সম্মান আগবঢ়াইছে। চলিত বৰ্ষৰ শিক্ষক দিৱস উপলক্ষে শিক্ষকসকলক এই সন্মান আগবঢ়োৱা হৈছে। মাধ্যমিক শিক্ষা সঞ্চালকে জাৰি কৰা এক নির্দেশযোগে এই কথা ঘোষণা কৰা হৈছে। চৰকাৰীভাৱে এই কথা জানিবলৈ দি কোৱা হৈছে যে কৃতী শিক্ষকৰ সন্মান লাভ কৰা তেৰজনকৈ শিক্ষকৰ ভিতৰত আঠজন মাধ্যমিক পৰ্যায়ৰ আৰু পাঁচজন প্রাথমিক বিদ্যালয়ৰ শিক্ষক। 
 
যিসকল শিক্ষকে এই সন্মান লাভ কৰিছে, তেওঁলোক ক্রমে ডিব্ৰুগড় জিলাৰ ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিউটী লেখাৰু শইকীয়া, যোৰহাট জিলাৰ যোৰহাট চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মণি দত্ত, লখিমপুৰ জিলাৰ ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কল্পনা গগৈ, যোৰহাট জিলাৰ বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্রশান্ত কুমাৰ মহন্ত, তিনিচুকীয়া জিলাৰ ছৈখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মিনুৰাণী বৰা, বিশ্বনাথ জিলাৰ চেঙামাৰী হাইস্কুলৰ ৰিপুঞ্জয় বৰদলৈ, কামৰূপ জিলাৰ পুঠিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰেন কুমাৰ দাস, শিৱসাগৰ জিলাৰ কোনাখকৰা হাইস্কুলৰ হীৰেন কুমাৰ নেওগ, ধেমাজি জিলাৰ মাটিখোলা এম ভি স্কুলৰ গকুল চুতীয়া, কাছাৰ জিলাৰ জয় কুমাৰ বালিকা বিদ্যালয়ৰ অতনু চৌধুৰী, দৰং জিলাৰ বি জে ছোৱালী জে বি স্কুলৰ ৰিজুৰেখা দেৱী, ডিব্ৰুগড় জিলাৰ আমোলাপট্টি জে বি স্কুলৰ সংগীতা দেৱী আৰু শিৱসাগৰ জিলাৰ কাঠপাৰ এল পি স্কুলৰ লোহিত চেতিয়া। 
 
এই আটাইকেইগৰাকী কৃতি শিক্ষকক অহা ৫ ছেপ্টেম্বৰত অর্থাৎ শিক্ষক দিৱসৰ দিনা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্রেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া শিক্ষক দিৱসৰ ৰাজ্যিক কার্যসূচীত এই বঁটা প্ৰদান কৰা হ'ব।