গুৱাহাটী
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী আজি ঘোষণা কৰিছে।
পৰিষদৰ পৰীক্ষা নিয়ন্ত্রক নয়নজ্যোতি শৰ্মাই প্রকাশ কৰা সময়সূচী অনুসৰি অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা ৩ মাৰ্চৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লিখিত পৰীক্ষা আৰু অহা ২১ আৰু ২২ জানুৱাৰীত ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত হ'ব।
সময়সূচীমতে অহা ১৫ ফেব্ৰুৱাৰীত ইংৰাজী, ১৭ ফেব্ৰুৱাৰীত মাতৃভাষা, ২১ ফেব্ৰুৱাৰীত সাধাৰণ গণিত, ২২ ফেব্ৰুৱাৰীত বিটেইল ট্রেড, যোগ, কৃষি-উদ্যান, পর্যটন আদি বিষয়, ২৪ ফেব্ৰুৱাৰীত সাধাৰণ বিজ্ঞান, ২৫ ফেব্ৰুৱাৰীত ফাইন আর্ট, ২৭ ফেব্ৰুৱাৰীত সমাজ বিজ্ঞান, ২৮ ফেব্ৰুৱাৰীত মণিপুৰী, চাওতালী, ১ মার্চত হিন্দী আৰু ৩ মার্চত উচ্চ গণিত, বুৰঞ্জী, ভূগোল, সংস্কৃত, কম্পিউটাৰ ছায়েন্স, বাণিজ্য আদি বিষয়ক হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ'ব।
একেদৰে অহা ১৩ ফেব্ৰুৱাৰীৰ পৰা ১৭ মার্চলৈ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ'ব।