ইতিহাস হ'ল ছেৱা-উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ; কাৰ্যকৰী হ'ল অসম ৰাজ্যিক শিক্ষা পৰিষদ

Story by  atv | Posted by  [email protected] • 4 d ago
শিক্ষা মন্ত্রী ৰণোজ পেণ্ড
শিক্ষা মন্ত্রী ৰণোজ পেণ্ড
 
গুৱাহাটী
 
অসমৰ জাতীয় অনুষ্ঠান হিচাপে অভিহিত কৰা অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা) আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ বিলুপ্তি ঘটি শুকুৰবাৰৰ পৰা কাৰ্যকৰী হ'ল অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব'র্ড।
 
শুকুৰবাৰে ছেবাৰ বামুণীমৈদামস্থিত কার্যালয়ত শিক্ষা মন্ত্রী ৰণোজ পেণ্ডৰ উপস্থিতিত আয়োজিত এক অনুষ্ঠানত নৱগঠিত ৰাজ্যিক বিদ্যালয় শিক্ষা ব'ৰ্ডৰ অধ্যক্ষৰূপে অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া আৰ চি জৈন আৰু উপাধ্যক্ষৰূপে কক্স গোহাঁই বৰুৱাই শপতগ্রহণ কৰে।
 
সমান্তৰালভাৱে ব'ৰ্ডৰ অন্যান্য সদস্য-সদস্যাসকলেও সমূহীয়াভাবে শপত লয়। ইয়াৰ লগে লগে বিলুপ্তি ঘটিল ষাঠি বছৰ ধৰি সেৱা আগবঢ়োৱা ছেবা আৰু ৪০ বছৰ ধৰি সেৱা আগবঢ়োৱা উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ। অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পিচতে শিক্ষা মন্ত্রী ৰণোজ পেগুৱে কয় যে অসমৰ বিদ্যালয় শিক্ষাৰ বাবে আজি এটা গুৰুত্বপূর্ণ দিন।
 
ছেবা আৰু শিক্ষা সংসদক একত্রিত কৰি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব'র্ড গঠন কৰা হ'ল। আজিৰ পৰাই এই ব'ৰ্ড কাৰ্যকৰী হ'ব বুলি ব্যক্ত কৰি শিক্ষা মন্ত্রী ডাঃ পেগুরে কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে শিক্ষা ব্যৱস্থাক বিদ্যালয় শিক্ষা আৰু উচ্চ শিক্ষা দুটা ভাগত ভাগ কৰিছে। এতিয়া বিদ্যালয় শিক্ষাৰ মাধ্যমিক স্তৰৰ বাবে এই ব'ৰ্ড গঠন কৰা বুলি উল্লেখ কৰি শিক্ষা মন্ত্ৰীগৰাকীয়ে কয়- 'প্রথম শ্ৰেণীৰ পৰা অষ্টম শ্রেণীপর্যন্ত শিক্ষাৰ অধিকাৰ আইনৰ আওতাত পৰে। সেই অনুসৰি অষ্টম শ্রেণীপর্যন্ত সমগ্ৰ শিক্ষাৰ আওতাত থাকিব।
 
ইয়াৰ পিচত মাধ্যমিক পৰ্যায়ৰ বাবে সম্পূর্ণরূপে দায়বদ্ধ হ'ব ৰাজ্যিক শিক্ষা ব'র্ড। এই ব'র্ডে বিদ্যায়তনিক দিশসমূহৰ লগতে পৰীক্ষা অনুষ্ঠিত কৰা, পাঠ্যক্ৰম যুগুত কৰা, প্ৰমাণপত্ৰ আদি প্রদান কৰা কাম-কাজসমূহ পৰিচালনা কৰিব।' ইপিনে ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি দক্ষতাভিত্তিক শিক্ষাৰ ওপৰত গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰি শিক্ষা মন্ত্রী পেগুৱে কয় যে সাধাৰণ শিক্ষাৰ সৈতে দক্ষতাভিত্তিক শিক্ষা কেনেকৈ সংযুক্ত কৰিব পাৰি, সেই সন্দৰ্ভত এছ অ'পি প্রকাশ পাইছে।
 
এনে প্রেক্ষাপটত ব্যৱহাৰিক আৰু দক্ষতাভিত্তিক শিক্ষাসমূহ যাতে ছাত্র- ছাত্রীসকলক বিদ্যালয়তে দিব পৰা যায়, তাৰ বাবে ৰাজ্যৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়সমূহক পুনৰুজ্জীৱিত কৰা হ'ব। দক্ষতাভিত্তিক শিক্ষাক মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ত অন্তর্ভুক্ত কৰাৰ দিশত ব'র্ডে গুৰুত্ব দিয়াৰ পোষকতা কৰি শিক্ষা মন্ত্রীয়ে কয়- 'সকলো ছাত্ৰ-ছাত্ৰীৰ সামগ্রিক বিকাশ আৰু তেওঁলোকক নিয়োগযোগ্য কৰি তোলাৰ বাবে বিদ্যালয় শিক্ষা বিভাগে প্রচেষ্টা চলাব।'
 
লগতে শিক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে বর্তমান সময়ত ৰাজ্যৰ ৪,৫০০ খন মাধ্যমিক বিদ্যালয় আছে। কিন্তু নতুন শিক্ষা নীতিৰ আধাৰত ছাত্ৰ- ছাত্ৰীৰ নামভৰ্তিকৰণ আৰু শিক্ষাদানৰ প্ৰতি লক্ষ্য ৰাখি এই সংখ্যা ৬ হেজাৰলৈ বৃদ্ধিৰ প্ৰয়োজনীয়তা আছে। শিক্ষা মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে নতুন শিক্ষা নীতিৰে সংগতি ৰাখি যিহেতু মহাবিদ্যালয়সমূহৰ পৰা উচ্চতৰ মাধ্যমিক শাখা বিদ্যালয়সমূহলৈ সংলগ্ন কৰা হ'ব, সেয়েহে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ শিক্ষা বিভাগে ৩৭২ খন উচ্চ মাধ্যমিক বিদ্যালয়ক আঠ কোটি টকা অনুদানেৰে প্ৰতিখন বিদ্যালয়ক উন্নতমানৰ আৰু অত্যাধুনিক প্রযুক্তিসম্পন্নৰূপে গঢ় দিয়াৰ পদক্ষেপ গ্ৰহণ কৰিছে।
 
ইয়াৰ উপৰি আৰু ১২৬ খন এনে বিদ্যালয় নতুনকৈ নিৰ্মাণৰ বাবে বিভাগে নির্দিষ্ট নিবিদা প্ৰস্তুতকৰণৰ কাম হাতত লৈছে। প্রসংগক্রমে শিক্ষা মন্ত্রী ডাঃ পেগুৱে প্রত্যেকটো ব্লকতে একোখনকৈ আই টি আই স্থাপনৰো চিন্তা-চৰ্চা কৰি থকা বুলি জানিবলৈ দিয়ে। ইপিনে ৰাজ্যিক বিদ্যালয় শিক্ষা ব'ৰ্ডৰ প্ৰথমজন সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি অধ্যক্ষ জৈনে কয় যে নম্বৰকেন্দ্ৰিক শিক্ষাতকৈ জ্ঞানভিত্তিক শিক্ষা প্রদানৰ ক্ষেত্ৰত ব'র্ডে যাৱতীয় পদক্ষেপ গ্রহণ কৰিব। ইয়াৰ ফলত প্রতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ-ছাত্ৰীসকলে ফেৰ মাৰিব পাৰিব বুলি অধ্যক্ষ জৈনে আশা প্রকাশ কৰে।