ভাৰতত প্ৰতি বছৰে কিমানজন মুছলমান IAS বিষয়া হয় ?

Story by  atv | Posted by  [email protected] • 1 Years ago
অসামৰিক সেৱাত সপ্তম স্থান দখল কৰা কাশ্মীৰৰ ৱাছিম আহমেদ ভাট
অসামৰিক সেৱাত সপ্তম স্থান দখল কৰা কাশ্মীৰৰ ৱাছিম আহমেদ ভাট
 
আৱাজ দ্য ভইচ অসম ব্যুৰ'

বছৰৰ পিছত বছৰ ধৰি ভাৰতত সফলতাৰে আই এ এছ বিষয়া হোৱা মুছলমান প্ৰাৰ্থীৰ সংখ্যা কম হৈয়েই আছে। এইবাৰো সৰ্বাধিক ছয়জন মুছলমান প্ৰাৰ্থীহে আই এ এছ বিষয়া হোৱাৰ সম্ভাৱনা আছে। 

বিগত বৰ্ষৰ অসামৰিক সেৱা পৰীক্ষাৰ সেৱা বিতৰণৰ তথ্য বিশ্লেষণ কৰি দেখা গৈছে যে এই বছৰ মাত্ৰ ৬ জন মুছলমান প্ৰাৰ্থীয়েহে আই এ এছ বিষয়া হোৱাৰ যোগ্যতা অৰ্জন কৰিছে। তেওঁলোক হ’ল-

সাধাৰণ শ্ৰেণীৰ অন্তৰ্গত ৱাছিম আহমদ ভাট (সৰ্বভাৰতীয় ৰেংকিং-৭)
 
সাধাৰণ শ্ৰেণীৰ অন্তৰ্গত নবীদ এহছান ভাট (সৰ্বভাৰতীয় ৰেংকিং-৮৪)
 
অ’বিচি শ্ৰেণীৰ অন্তৰ্গত আছাদ জুবেৰ (সৰ্বভাৰতীয় ৰেংকিং-৮৬)
 
অ’বিচি শ্ৰেণীৰ অন্তৰ্গত আকিপ খান (সৰ্বভাৰতীয় ৰেংকিং-২৬৮)
 
অ’বিচি শ্ৰেণীৰ অন্তৰ্গত মঈন আহমদ (সৰ্বভাৰতীয় ৰেংকিং-২৯৬)
 
এছ টি শ্ৰেণীৰ অন্তৰ্গত মহম্মদ ইৰফান (সৰ্বভাৰতীয় ৰেংকিং-৪৭৬)

অৱশ্যে, এইটো মন কৰিবলগীয়া যে এই সংখ্যাবোৰ অনুমোদিত প্ৰাৰ্থীসকলে নিৰ্ধাৰিত কৰা পছন্দ আৰু সেৱাৰ যোগ্যতাৰ চৰ্ত পূৰণৰ ওপৰত আধাৰিত কৰি পৰিৱৰ্তন হ'ব পাৰে।
 

অসামৰিক সেৱাৰ পৰীক্ষাত সফল হোৱা একাংশ মুছলমান প্ৰাৰ্থী (ফাইল ফটো)
 
উল্লেখ্য যে, ২০২১ চনত মুঠ আইএএছ বিষয়াৰ মাত্ৰ ১.৬ শতাংশহে মুছলমান প্ৰাৰ্থী আছিল, যি ২০২০ চনৰ ৪.৪ শতাংশৰ পৰা হ্ৰাস পায়। আনকি আগৰ বছৰবোৰত মুছলমান আইএএছ বিষয়া হোৱাৰ হাৰ ১ শতাংশৰ পৰা ৫ শতাংশৰ ভিতৰত আছিল, যি ভাৰতত মুছলমান জনসংখ্যাৰ শতাংশতকৈ যথেষ্ট কম। ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতত মুছলমান জনসংখ্যাৰ হাৰ হৈছে ১৭.২২ শতাংশ।
 
ইউ পি এছ চিৰ অসামৰিক সেৱা পৰীক্ষা তিনিটা পৰ্যায়ৰে গঠিত। সেয়া হ'ল-প্ৰিলিমিনাৰী, মেইন, আৰু ইন্টাৰভিউ। ভাৰতীয় প্ৰশাসনিক সেৱা (আই এ এছ), ভাৰতীয় বৈদেশিক সেৱা (আই এফ এছ), ভাৰতীয় আৰক্ষী সেৱা (আই পি এছ), আৰু অন্যান্য সন্মানীয় চৰকাৰী ভূমিকাত সন্মানীয় পদৰ বাবে বিষয়া নিৰ্বাচনৰ বাবে প্ৰতি বছৰে এই পৰীক্ষা অনুষ্ঠিত কৰা হয়।
 

মহম্মদ ইদুল আহমেদ
 
সীমিত সংখ্যক খালী পদৰ বাবে লাখ লাখ চাকৰি প্ৰত্যাশীয়ে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে এই পদসমূহৰ বাবে প্ৰতিযোগিতা তীব্ৰতৰ হৈ পৰিছে। ইউপিএছচিত মুছলমান প্ৰাৰ্থীৰ নিম্ন প্ৰতিনিধিত্ব এক চিন্তাৰ বিষয়, যাক কেৱল চৰকাৰেই নহয় নাগৰিক সমাজ সংগঠনৰ দ্বাৰাও সমাধান কৰাৰ প্ৰয়োজনীয়া আহি পৰিছে।

উল্ল্খ্য যে, শেহতীয়া ঘোষিত অসামৰিক সেৱাৰ পৰীক্ষাৰ ফলাফলত দেশৰ মুঠ ২৯ শিক্ষাৰ্থীয়ে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ইয়াৰে ভিতৰত অন্যতম আছিল অসমৰ সুযোগ্য সন্তান মহম্মদ ইদুল আহমেদ। গুৱাহাটীৰ পল্টনবজাৰস্থিত উত্তৰ-পূব সীমান্ত ৰেলৱে'ত CDO ( Coaching Depot Officer ) হিচাপে কৰ্মৰত ইদুল আহমেদে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত দেশৰ ভিতৰত ২৯৮সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে।