৫২ শিক্ষাৰ্থীৰে আই আই টি দিল্লীৰ আবুধাবি কেম্পাছ মুকলি

Story by  atv | Posted by  [email protected] • 13 d ago
আই আই টি দিল্লীৰ আবুধাবি কেম্পাছ মুকলি অনুষ্ঠানৰ এক মুহূৰ্ত
আই আই টি দিল্লীৰ আবুধাবি কেম্পাছ মুকলি অনুষ্ঠানৰ এক মুহূৰ্ত
 
আবুধাবি

ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান (আই আই টি) দিল্লীৰ আবুধাবি চৌহদ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে আবুধাবিৰ ক্ৰাউন প্ৰিন্স শ্বেইখ খালেদ বিন মহম্মদে। তেওঁ স্নাতক ছাত্ৰ-ছাত্ৰীৰ প্ৰথমটো বেটচক আদৰণি জনায়। শিক্ষাৰ্থীসকলে কম্পিউটাৰ বিজ্ঞান (Computer Science) আৰু অভিযান্ত্ৰিক (Engineering) আৰু শক্তি অভিযান্ত্ৰিক (Energy Engineering)ত বিটেক ডিগ্ৰী লাভ কৰিব।
 
এই প্ৰথম বেটচত জেইই এডভান্সড পৰীক্ষা আৰু আন্তঃৰাষ্ট্ৰীয় পৰীক্ষাৰ্থীৰ বাবে নতুনকৈ প্ৰতিষ্ঠা কৰা কম্বাইণ্ড এডমিছন এণ্ট্ৰেন্স টেষ্ট (CAET)ৰ জৰিয়তে নিৰ্বাচিত ৫২ জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। স্নাতক শিক্ষাৰ্থীসকল ভাৰতীয়, আমীৰাটী, আৰু আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীৰে গঠিত।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানে আবুধাবিত আই আই টি কেম্পাছ স্থাপন কৰিবলৈ ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত এখন ভিজন ডকুমেণ্ট মুকলি কৰিছিল। ইয়াত ভাৰত-ইউ এ ইৰ সম্পৰ্কক নতুন গতি প্ৰদানৰ বাবে এক ৰূপৰেখা দাঙি ধৰা হৈছিল।
 
ইয়াৰ পূৰ্বে আই আই টি দিল্লী আবুধাবিয়ে ২০২৪ চনৰ জানুৱাৰী মাহত শক্তি পৰিৱৰ্তন আৰু বহনক্ষমতা (Energy Transition and Sustainability )ৰ ক্ষেত্ৰত প্ৰথমটো মাষ্টাৰ অৱ টেকন’লজি (এমটেক) কাৰ্যসূচী আৰম্ভ কৰিছিল। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত আবুধাবি ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সুযোগ পাইছিল এমটেক ডিগ্ৰী গ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকলে (MTech cohort )।
উদ্বোধনী অনুষ্ঠানৰ সময়ত আই আই টি দিল্লীয়ে আবুধাবিৰ প্ৰতিষ্ঠিত প্ৰতিষ্ঠানসমূহৰ সৈতেও কেইবাখনো গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তিপত্ৰত স্বাক্ষৰ কৰে, য’ত মহম্মদ বিন জায়েদ কৃত্ৰিম বুদ্ধিমত্তা বিশ্ববিদ্যালয় (এম বি জি ইউ এ আই), খলিফা বিশ্ববিদ্যালয়, জায়েদ বিশ্ববিদ্যালয়, আৰু ছৰবন বিশ্ববিদ্যালয়-আবুধাবিকে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তিপত্ৰত স্বাক্ষৰ কৰে।
 
এই সহযোগিতাই আবুধাবিৰ শৈক্ষিক আৰু গৱেষণাৰ পৰিৱেশ বৃদ্ধি কৰিব, উদ্ভাৱনীমূলক গৱেষণা আৰু স্থানীয় ষ্টাৰ্টআপসমূহক সমৰ্থন কৰা অংশীদাৰিত্ব গঢ়ি তুলিব বুলি আশা কৰা হৈছে।

শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ভাৰত-ইউ এ ইৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত আই আই টি দিল্লী আবুধাবি কেম্পাছৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

প্ৰধানে কয়, “আই আই টি দিল্লী-আবুধাবি কেম্পাছ হৈছে ভাৰত-ইউ এ ইৰ বন্ধুত্বৰ প্ৰতীক। ই পাৰস্পৰিক আৰু বিশ্বজনীন সমৃদ্ধিৰ প্ৰসাৰৰ বাবে জ্ঞান, বিজ্ঞান, আৰু প্ৰযুক্তিৰ লাভ উঠাবলৈ আমাৰ উমৈহতীয়া দৃষ্টিভংগীক প্ৰতিফলিত কৰে। ভাৰতৰ শিক্ষা ব্যৱস্থাৰ আন্তৰ্জাতিককৰণৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ এক দুৰদৰ্শী চিন্তা আছিল।"