এছিয়াৰ ৮৫৬ বিশ্ববিদ্যালয়ৰ ভিতৰত ১১৭ স্থানত IIT গুৱাহাটী

Story by  atv | Posted by  [email protected] • 1 Years ago
IIT গুৱাহাটী
IIT গুৱাহাটী
 
গুৱাহাটী
 
এছিয়াৰ ২৫ খন দেশৰ ৮৫৬ খন বিশ্ববিদ্যালয়ক তালিকাভুক্ত কৰি কোৱেকেৰলী ছাইমণ্ড (কিউ এছ) এছিয়া বিশ্ববিদ্যালয়ৰ ৰেংকিং ২০২৪ ৰ তালিকাখন আজি প্রকাশ কৰা হয়। এই তালিকাত আই আই টি, গুৱাহাটীয়ে ১১৭ সংখ্যক স্থান অধিকাৰ কৰে। 
 
 
ইয়াৰ বিপৰীতে তেজপুৰ বিশ্ববিদ্যালয়ৰ স্থান বিগত বৰ্ষতকৈ এইবাৰ অৱনমিত হোৱা পৰিলক্ষিত হৈছে। বিগত বৰ্ষত তেজপুৰ বিশ্ববিদ্যালয় তালিকাৰ ৩৫১-৪০০ ৰ ঘৰত থকাৰ বিপৰীতে ২০২৪ বৰ্ষৰ তালিকাত বিশ্ববিদ্যালয়খন ৫০১-৫৫০ ৰ ঘৰলৈ অৱনমিত হয়। এইবাৰৰ তালিকাৰ শীৰ্ষৰ ১০ খনৰ ভিতৰত ভাৰতৰ এখনো শিক্ষানুষ্ঠানে স্থান লাভ কৰিবলৈ সক্ষম নহ'ল যদিও ৫০ খনৰ ভিতৰত অৱশ্যে দুখন সন্নিৱিষ্ট হয়। 
 
আই আই টি, ব'ম্বেই ৪০ সংখ্যক আৰু আই আই টি, দিল্লীয়ে ৪৬ নং স্থান লাভ কৰে। ভাৰতৰ প্ৰেক্ষাপটত এই দুখনে ক্রমে প্রথম আৰু দ্বিতীয় স্থান অধিকাৰ কৰিছে। উল্লেখ্য যে মূলতঃ ১১টামান দিশত মূল্যায়ন কৰি বিশ্ববিদ্যালয়সমূহক স্থান দিয়া হয়। শিক্ষানুষ্ঠানখনৰ শৈক্ষিক মান, নিয়োগকর্তাৰ মর্যাদা, শিক্ষক-ছাত্ৰৰ অনুপাত, আন্তর্জাতিক স্তৰৰ গৱেষণা, শিক্ষক-কর্মচাৰীৰ পি এইচ ডি ডিগ্রী আদি ক্ষেত্রসমূহ পর্যালোচনা কৰি যুগুত কৰা তালিকাত আই আই টি মাদ্রাজে ৫৩, আই আই এছ চি, বেংগালুৰু ৫৮, আই আই টি খড়গপুৰ ৫৯, আই আই টি কানপুৰে ৬৩, আই আই টি গুৱাহাটীয়ে ১১৭, দিল্লী বিশ্ববিদ্যালয়ে ৯৪, আই আই টি ৰুৰকীয়ে ১১৬ আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে ১১৭ নং স্থান লাভ কৰিছে। 
 
লক্ষণীয়ভাবে দেশীয় স্তৰৰ শীর্ষ ১০ খন শিক্ষানুষ্ঠানৰ ৭ খনেই আই আই টি। ইফালে আজি প্রকাশিত তালিকাত একেবাৰে দ্বিতীয় বর্ষলৈ প্রথম স্থান পাবলৈ সক্ষম হয় চীনৰ পিকিং বিশ্ববিদ্যালয়ে। দ্বিতীয় আৰু তৃতীয় স্থানত অৱস্থান কৰিছে ক্রমে হংকং বিশ্ববিদ্যালয় আৰু নেচনেল ইউনিভাৰছিটি অব্ ছিংগাপুৰে। শীৰ্ষৰ দহৰ ঘৰত ভাৰত প্ৰৱেশ কৰিবলৈ সক্ষম নহ'লেও এইবাৰ চীনক অতিক্ৰম কৰি ১৪৮ খন বিশ্ববিদ্যালয় তালিকাভুক্ত হৈছে। বিগত বৰ্ষত ভাৰতৰ ১১৮ খন বিশ্ববিদ্যালয় উক্ত তালিকাত আছিল। ইয়াৰ বিপৰীতে চীনৰ ১৩৩ খন বিশ্ববিদ্যালয় ২০২৪ ৰ তালিকাভুক্ত হৈছে। 
 
ভাৰতৰ বিশ্ববিদ্যালয়ৰ সংখ্যা তালিকাত অধিক অন্তর্ভুক্ত হোৱা কার্যক ইতিবাচক বুলি অভিহিত কৰিছে কিউ এছৰ উপ-সভাপতি বিন ছৰটাৰে। এই সন্দৰ্ভত তেওঁ উল্লেখ কৰিছে যে ভাৰতৰ বিশ্ববিদ্যালয়ৰ সংখ্যা তালিকাত বৃদ্ধি পোৱাটোৱে দেশখনৰ উচ্চ শিক্ষাৰ গতিশীল অগ্রগতিকে সূচাইছে। কিন্তু তালিকাৰ শীর্ষ ১০ খনৰ ৫ খনেই চীনৰ বিশ্ববিদ্যালয় হোৱাটোৱে নিজৰ শ্রেষ্ঠতা প্রতিপন্ন কৰিবলৈ সক্ষম হৈছে।