Thu Mar 27 2025 10:21:54 AM
  • Follow us on
  • Subcribe

হোষ্টেলৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ আই আই টি-গুৱাহাটীৰ ছাত্ৰ

Story by  atv | Posted by  Munni Begum • 2 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
গুৱাহাটী 
 
যোৱা ৯ জানুৱাৰীত ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজী (আই আই টি) গুৱাহাটীৰ নিজৰ কোঠাত ৰহস্যজনক পৰিস্থিতিত এগৰাকী ছাত্ৰৰ মৰ্তদেহ উদ্ধাৰ হৈছিল। ছাত্ৰজনৰ ‘ক্ৰনিক ক’ৰ’নাৰী ইনচাফিচিয়েন্সি’ত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি প্ৰতিষ্ঠানটোৱে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ উদ্ধৃতি দি এক বিবৃতিত প্ৰকাশ কৰিছে আৰু লগতে ছাত্ৰজনৰ  শোকসন্তপ্ত পৰিয়াললৈ প্ৰধান প্ৰতিষ্ঠানটোৱে সমবেদনা জ্ঞাপন কৰিছে।
 
বিবৃতিটোত কোৱা হৈছে, “গভীৰ দুখৰ সৈতে গুৱাহাটী আই আই টিয়ে ২০২৩ চনৰ ৯ জানুৱাৰীত কেম্পাছত এজন ছাত্ৰৰ মৃত্যুৰ দুৰ্ভাগ্যজনক খবৰটো শ্বেয়াৰ কৰিছে। ছাত্ৰজনক তেওঁৰ কোঠাৰ বিচনাত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে। প্ৰতিষ্ঠানটোৱে আৰক্ষী কৰ্তৃপক্ষৰ সৈতে সহযোগিতা কৰি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত ‘ক্ৰনিক ক’ৰ’নাৰী ইনচাফিচিয়েন্সি’ক প্ৰাকৃতিক মৃত্যুৰ বুলি নিশ্চিত কৰা হৈছে। আমি শোকত ভাগি পৰা পৰিয়ালটোলৈ আমাৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো।"
 
ধিং হোষ্টেল ব্লকৰ নিজৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ হোৱা নাগপুৰৰ বি টেকৰ চূড়ান্ত বৰ্ষৰ আছিল ছাত্ৰজন। ইয়াৰ এদিন পিছত ১০ জানুৱাৰীত প্ৰতিষ্ঠানটোৰ এজন অধ্যাপকে নিজৰ কোঠাত আত্মহত্যা কৰি মৃত্যু হোৱা বুলি অভিযোগ উঠিছে। ফেকাল্টি কোৱাৰ্টাৰত নিজৰ কোঠাৰ ভিতৰত ওলমি থকা অৱস্থাত উদ্ধাৰ হয়।