গ্ৰন্থমেলাৰ বতৰত কিতাপ আৰু কিতাপৰ বৰ্ষ প্ৰসংগত

Story by  atv | Posted by  Munni Begum • 1 d ago
অসম গ্ৰন্থমেলা
অসম গ্ৰন্থমেলা
 
  স্বপ্না দাস 
 
বিভিন্ন ধৰণৰ জনমুখী আৰু ইতিবাচক পদক্ষেপেৰে জনতাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা কৰ্মতৎপৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে শেহতীয়াকৈ কেবিনেটত লোৱা কিতাপ বিষয়ক কেইটামান সিদ্ধান্তই সৰ্বসাধাৰণৰ মাজত বিশেষ চৰ্চা লাভ কৰা দেখা গৈছে। 
 
উল্লেখ্য যে, যোৱা ২৩ ডিচেম্বৰৰ দিনা অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত অন্য নানানটা বিষয়ৰ লগতে কিতাপ সম্পৰ্কত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেইমৰ্মে ২০২৫ বৰ্ষটো কিতাপৰ বৰ্ষ হিচাপে উদযাপনৰ ইতিবাচক সিদ্ধান্ত লোৱা হয়। জনামতে, জনসাধাৰণৰ মাজত বিশেষকৈ যুৱ সমাজৰ মাজত গ্ৰন্থ পঢ়াৰ অভ্যাস বৃদ্ধি কৰিবলৈ কেবিনেটে ২০২৫ বর্ষটিক 'কিতাপৰ বৰ্ষ' হিচাপে উদযাপন কৰাত অনুমোদন জনাইছে। 
 
খানাপাৰাত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ বাকৰিত পাঠকৰ ভিৰ
 
তদুপৰি অসম চৰকাৰৰ উল্লেখিত কেবিনেট বৈঠকত লোৱা কিতাপ সম্পৰ্কীয় অন্যান্য গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি গ্ৰন্থপ্রেমীসকলৰ সুবিধাৰ বাবে ২০২৪ বৰ্ষৰ ২৭ ডিচেম্বৰৰ পৰা চলি থকা 'অসম গ্ৰন্থমেলা' প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত কৰাৰ বাদেও  বছৰটোৰ ভিতৰত সকলো জিলাতে গ্রন্থমেলা অনুষ্ঠিত কৰাৰ লগতে গ্ৰন্থ অধ্যয়নৰ সংস্কৃতিক প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰা হ'ব বুলি সদৰী কৰা হৈছে। 
 
নতুন বছৰৰ উপহাৰ হিচাপে কিতাপ প্রদানৰ ব্যৱস্থা কৰা হ'ব বুলি কেবিনেট বৈঠকত সিদ্ধান্ত লোৱাৰ উপৰি ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগসমূহে চৰকাৰী কৰ্মচাৰীসকলৰ মাজত অধ্যয়ন সংস্কৃতিক প্ৰসাৰিত কৰিবলৈ পুথিভঁৰাল নির্মাণ বা সৃষ্টি কৰিব বুলিও একেখন কেবিনেট বৈঠকত সিদ্ধান্ত লোৱা হয়। এয়া নিশ্চয়কৈ ইতিবাচকৰ লগতে আদৰণীয় আৰু প্ৰশংসনীয় পদক্ষেপ। এই সিদ্ধান্তসমূহ কাৰ্যকৰী হ'লে অসমীয়া কিতাপ আৰু সাহিত্য ক্ষেত্ৰলৈ একধৰণৰ নৱজাগৰণ আনিব বুলি আশা কৰিব পাৰি। কেৱল অসমীয়া সাহিত্য ক্ষেত্ৰলৈয়ে নহয়, কাৰ্যকৰী হ'লে এই সিদ্ধান্তৰ সুদূৰপ্ৰসাৰী প্ৰভাৱে জাতিৰো উন্নয়ন সাধন কৰিব। এনেকুৱা ব্যতিক্ৰম, ইতিবাচক আৰু অনন্য পদক্ষেপৰ বাবে  হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰ সাধুবাদৰ পাত্ৰ।
 
অসমীয়া কিতাপৰ বিক্ৰী কমিছে। প্ৰতিবছৰে বহু সংখ্যক অসমীয়া কিতাপো প্ৰকাশ হয়, যদিও সেই অনুপাতে বিক্ৰী সন্তোষজনক নহয়। ম'বাইল ফোনে কিতাপ পঢ়াৰ সময় আৰু আগ্ৰহ হ্ৰাস কৰিছে বাবেও কিতাপৰ বজাৰ মণ্ডা হোৱাৰ নিচিনা হৈছে। এনেধৰণৰ প্ৰসংগ প্ৰায়েই শুনিবলৈ আৰু পঢ়িবলৈ পোৱা যায়। কাকতৰ পৃষ্ঠাৰ পৰা ছ'চিয়েল মিডিয়ালৈকে বিভিন্ন মাধ্যমত সঘনাই এইধৰণৰ চৰ্চা চলে; টেলিভিছনৰ পৰ্দাতো মাজে-সময়ে এই বিষয়ত আলোচনা হোৱা দেখো। কিতাপৰ বিক্ৰী হ্ৰাস পোৱা, 'বাহিৰা কিতাপ' পঢ়িবৰ বাবে আগ্ৰহহীনতা আদিৰ দৰে নঞাৰ্থক দিশক লৈ বিভিন্নজনে বিভিন্ন মাধ্যমত প্ৰায়েই সোচ্চাৰ হোৱাৰ বাদেও কিতাপ অধ্যয়নৰ প্ৰয়োজনীয়তা, লাভালাভ আদি সম্পৰ্কতো বিভিন্নজনে বিভিন্নধৰণে মতপোষণ কৰি অহা দেখা যায়।
 
খানাপাৰাত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ এখন বিপণি
 
অসমীয়া কিতাপৰ পঢ়ুৱৈ হ্ৰাস পাইছে। অসমীয়া কিতাপৰ বিক্ৰীও কমিছে। গঢ় হিচাপত নিতৌ প্ৰকাশৰ দৰে ইখনৰ পিছত সিখনকৈ ভিন্নধৰ্মী অসমীয়া কিতাপ প্ৰকাশ হোৱাৰ খবৰ সংবাদ মাধ্যম নাইবা ছ'চিয়েল মিডিয়াৰ যোগেদি অৱগত হ'বৰ পৰত মনত প্ৰশ্ন হয়-- যদি কিতাপৰ পঢ়ুৱৈ আৰু বিক্ৰী কমিছেই, তেনেহ'লে কোনে কিদৰেনো ইমান কিতাপ প্ৰকাশ কৰাৰ সাহ কৰে! পিছে সেই প্ৰশ্নৰ উত্তৰ আমাৰ হাতত নাই যদিও এই কথা বিশ্বাস কৰিবলৈ বাধ্য যে, কিতাপৰ পঢ়ুৱৈৰ লগতে বিক্ৰী হ্ৰাস পোৱা বুলি প্ৰায়েই শুনিবলৈ পোৱা এই অভিযোগ যদি সত্য, তেনেহ'লে এয়া নিঃসন্দেহে জাতিটোৰ বাবেই পৰিতাপজনক আৰু অশুভ লক্ষণ। 
 
কিতাপ অধ্যয়নৰ নিচা অবিহনে আমি নিজেই নিজক দুৰ্বল কৰা। কিতাপ নপঢ়া বা কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহ হ্ৰাস পোৱা লোকৰ সমষ্টিত সুস্থ সমাজ আশা কৰিব পাৰিনে? আমি নিজৰ আৰু সমাজৰ লগতে ভৱিষ্যতৰ তাগিদাত কিতাপ পঢ়াৰ অভ্যাস গঢ় দিয়াৰ প্ৰয়োজন! আনহাতে, কিতাপৰ উদ্যোগটোৰ সৈতে জড়িত লোকসকলেও কিতাপৰ বিক্ৰী আৰু পঢ়ুৱৈৰ সংখ্যা হ্ৰাস পোৱাৰ কাৰণ অনুধাৱনৰ প্ৰয়াস কৰাটোৰ প্ৰয়োজন। গ্ৰন্থ ৰচয়তা আৰু কিতাপৰ প্ৰকাশকসকলে এই নঞাৰ্থক বাতাবৰণৰ আঁৰৰ কাৰণৰ সন্ধান কৰি কিতাপৰ প্ৰতি পঢ়ুৱৈক আকৰ্ষণৰ বাবে তথা কিতাপৰ বিক্ৰী বৃদ্ধিকৰণৰ বাবে যৎপৰোনাস্তি কাৰ্যব্যৱস্থা হাতত লোৱাৰ প্ৰয়োজন আছে। 
 
কিতাপৰ বিক্ৰী হ্ৰাস পোৱা বুলি প্ৰায়েই শুনা এই অভিযোগৰ মাজতে পিছে গ্ৰন্থমেলাসমূহে আমালৈ ইতিবাচকতাৰে ভৰা আশাব্যঞ্জক খবৰ কঢ়িয়াই আনে। সংবাদ মাধ্যমৰ যোগেদি জানিব পাৰো যে, আমাৰ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰত চলা বিভিন্ন গ্ৰন্থমেলাত নবীন-প্ৰবীণ লেখকৰ যথেষ্টসংখ্যক কিতাপ বিক্ৰী হয়। গ্ৰন্থমেলাসমূহত হাতত কিতাপৰ টোপোলা লৈ থকা নৱপ্ৰজন্মৰ বহু প্ৰতিনিধিকো দেখি মন ভৰি পৰে।
 
খানাপাৰাত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ বাকৰি
 
এতিয়া উৎসৱ আৰু গ্ৰন্থমেলাৰ বতৰ। আমাৰ ৰাজ্যখনৰো বিভিন্ন প্ৰান্তৰত অলপতে গ্ৰন্থমেলা হৈ গৈছে, দুই-এঠাইত হৈছে আৰু আন আন বিভিন্ন ঠাইত অচিৰেই হ'ব। আনহাতে, এতিয়া বিভিন্ন অন্য উৎসৱ, মেলা আদিতো সৰু-বৰকৈ গ্ৰন্থমেলা আয়োজিত হয়। এয়া বৰ ভাল খবৰ। অলপতে সামৰণি পৰা ৰাস মহোৎসৱতো বিভিন্ন ঠাইত গ্ৰন্থমেলাও আয়োজিত হৈছিল। বৰপেটা জিলাৰ ঐতিহাসিক হাউলীৰ আৰু নলবাৰীৰ হৰি মন্দিৰৰ ইতিহাসপ্ৰসিদ্ধ ৰাস উৎসৱলৈ এদিন আমি কেইজনীমান গ্ৰন্থপিপাসু বান্ধৱী গৈছিলো। 
 
আমি স্বাভাৱিকভাৱে কিতাপো কিনিছিলো। দেখি ভাল লাগিছিল যে, হাউলীৰ ৰাসৰ গ্ৰন্থমেলাতো কিতাপৰ বিক্ৰী উদ্বেগজনক নাছিল। নলবাৰীৰ ৰাসত অনুষ্ঠিত অসম গ্ৰন্থমেলাত পঢ়ুৱৈৰ যথেষ্ট ভিৰ দেখিছিলো। আনকি আমি সংগ্ৰহ কৰিব বিচৰা কেইখনমান সদ্যপ্ৰকাশিত কিতাপৰ ষ্টললৈ নিয়া সকলো কপী বিক্ৰী শেষ হৈ যোৱা বুলি বিক্ৰেতাই জনাইছিল; আমি সংগ্ৰহ কৰিবলৈ অসমৰ্থ হৈছিলো। সংবাদ মাধ্যমৰ যোগেদি অৱগত হোৱা মতে একেৰাহে তৃতীয়বাৰৰ বাবে নলবাৰীৰ ৰাসত আয়োজিত অসম গ্ৰন্থমেলাত এইবেলি প্ৰায় ২৫ লাখ টকাৰ কিতাপ বিক্ৰী হৈছিল। এই খবৰ সঁচাকৈয়ে মন ভৰোৱা। 
 
ভাল লগা আন এটা কথা হ'ল নলবাৰীৰ গ্ৰন্থমেলাত তৰুণ লেখকৰ গ্ৰন্থই বৰ সমাদৰ পাইছিলহেনো। আনকি সমাদৃত গ্ৰন্থৰ শীৰ্ষৰ দুটা স্থানত দুগৰাকী তৰুণ ঔপন্যাসিকে লিখা দুখন উপন্যাস থকা বুলিও সংবাদ মাধ্যমৰ যোগেদি অৱগত হওঁ। সেই উপন্যাস দুখন হ'ল নীলিম আকাশ কাশ্যপ ৰচিত 'ৰ'দৰ খিৰিকী বৰষুণৰ গান' আৰু ৰঞ্জিত পাটগিৰিৰ 'জেওৰা'। যশস্বী শিল্পী ৰমেন বৰুৱাৰ নিৰুদ্দেশৰ আঁৰৰ বিভিন্ন প্ৰসংগ আৰু ঐতিহাসিক 'বৰুৱা আৱাস'ৰ বহু ভিতৰুৱা কথা 'ৰ'দৰ খিৰিকী বৰষুণৰ গান'ত সন্নিৱিষ্ট হৈছে। তিনিটা প্ৰজন্মৰ তিনিটা প্ৰজন্মৰ নিঃসংগতাক লৈ 'ৰ'দৰ খিৰিকী বৰষুণৰ গান' উপন্যাসখন পঢ়ি সকলো বয়সৰ পঢ়ুৱৈয়ে অন্য ধৰণৰ ৰসত মোহিত হ'ব পাৰে বুলি অনুভৱ কৰোঁ। 
 
খানাপাৰাত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ এক দৃশ্য
 
আনহাতে, 'জেওৰা' এটা নিটোপল গ্ৰাম্য কাহিনী। কাব্যময় উপন্যাসখন অতীত আৰু বৰ্তমানৰ প্ৰেক্ষাপটত ৰচিত। নীলিম আকাশ কাশ্যপৰ 'ৰ'দৰ খিৰিকী বৰষুণৰ গান' আৰু ৰঞ্জিত পাটগিৰিৰ 'জেওৰা'ৰ বাদেও মাণিক পালৰ 'অৰুণিমাৰ বুকুৱে শিপায়ে', অংকিতা বৰুৱাৰ 'অয়নবৃণা', পৰিস্মিতা বৰদলৈৰ 'জীৱন মহাৰ্ঘ', ইন্দ্ৰানী শৰ্মা পাঠকৰ 'মান্যতা' আদিকে ধৰি তৰুণ লেখকৰ কেইবাখনো গ্ৰন্থই নলবাৰীৰ গ্ৰন্থমেলাত সমাদৃত হয় বুলি সংবাদ মাধ্যমতে পঢ়িছো। 'অয়নবৃণা', 'অৰুণিমাৰ বুকুৱে শিপায়ে', 'জেওৰা' আদিৰোপৰি শেহতীয়াকৈ ৰাজ্যজুৰি পঢ়ুৱৈৰ বিশেষ সমাদৰ লাভ কৰিবলৈ দুগৰাকী তৰুণ ঔপন্যাসিকৰ দুখন নতুন উপন্যাস ক্ৰমে নীলিম আকাশ কাশ্যপৰ 'ৰ'দৰ খিৰিকী বৰষুণৰ গান' আৰু কৌশিক নন্দন বৰুৱাৰ 'ৰাধা'ই সক্ষম হৈছে  বুলি বিভিন্ন ঠাইৰ পঢ়ুৱৈৰ যোগেদি অৱগত হৈছোঁ। 
 
সঁচাকৈয়ে, এয়া অসমীয়া সাহিত্য জগতৰ বাবে আশাপ্ৰদ বাৰ্তা; লগতে তৰুণ লেখকৰ বাবে অনুপ্ৰেৰণা। একেদৰে, উৎসৱকালীন গ্ৰন্থমেলাৰ উপৰি অসমৰ বিভিন্ন প্ৰান্তীয় অঞ্চলতো গ্ৰন্থমেলা আয়োজিত কৰা হয়। আশাপ্ৰদ বিষয় যে, এইবাৰো মৰাণ, কৃষ্ণাই, সৰ্থেবাৰী আদিকে ধৰি বিভিন্ন প্ৰান্তীয় অঞ্চলত গ্ৰন্থমেলা আয়োজিত হোৱাৰ লগতে কিতাপৰ বিক্ৰীও হেনো সন্তোষজনক। 
 
কিতাপৰ বিক্ৰী হ্ৰাস পোৱা, কিতাপৰ পঢ়ুৱৈ কমা বুলি চলা নঞাৰ্থক চৰ্চাৰ বিপৰীতে এনে বাস্তৱবোৰে আশাৰ ৰেঙণি কঢ়িয়াই। এনে কথাবোৰৰ অধিক আৰু চকুত পৰা প্ৰচাৰৰ প্ৰয়োজন। তেনেদৰেই হয়তুবা কিতাপৰ পঢ়ুৱৈ বৃদ্ধিৰ ক্ষেত্ৰত দেখা এনেবোৰ আশাৰ ৰেঙণি সূৰ্যৰ নিচিনাকৈ উদিত হৈ আমাক পোহৰাব সদৰ্থকতাৰে ভৰা পোহৰেৰে। তৰুণ লেখকৰ সমাদৃত, চৰ্চিত আৰু পঠনীয় গ্ৰন্থ সম্পৰ্কতো বহুল আলোচনাৰ প্ৰয়োজনীয়তা অনুভৱ কৰো। অসম গ্ৰন্থমেলাৰ উপৰি বিভিন্ন প্ৰান্তৰ প্ৰান্তীয় গ্ৰন্থোৎসৱেও কিতাপৰ যাত্ৰা স্বৰ্ণিল কৰাৰ লগতে অসম চৰকাৰৰ কেবিনেট বৈঠকত লোৱা কিতাপ সম্পৰ্কীয় সিদ্ধান্ত কাৰ্যকৰী হ'লে এই যাত্ৰা বৰ্ণিল হ'ব বুলি ভাবো।  
 
(স্বপ্না দাস এগৰাকী  স্বতন্ত্ৰ লেখিকা)