মেট্ৰিকৰ আভ্যন্তৰীণ মূল্যায়ন নম্বৰ অন্তৰ্ভুক্তি; ২৩ ডিচেম্বৰত মুকলি হ'ব প'ৰ্টেল

Story by  atv | Posted by  [email protected] • 7 h ago
মেট্ৰিকৰ আভ্যন্তৰীণ মূল্যায়ন নম্বৰ অন্তৰ্ভুক্তি; ২৩ ডিচেম্বৰত মুকলি হ'ব প'ৰ্টেল
মেট্ৰিকৰ আভ্যন্তৰীণ মূল্যায়ন নম্বৰ অন্তৰ্ভুক্তি; ২৩ ডিচেম্বৰত মুকলি হ'ব প'ৰ্টেল
 
গুৱাহাটী
 
হাইস্কুল শিক্ষান্ত পৰীক্ষা-২০২৫ৰ বাবে আভ্যন্তৰীণ মূল্যায়নৰ নম্বৰ দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে।
 
এই সন্দৰ্ভত পৰিষদে জাৰি কৰা নির্দেশনা অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ আভ্যন্তৰীণ মূল্যায়নৰ নম্বৰ দাখিলৰ বাবে অহা ২৩ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰপৰ্যন্ত মার্কছ এন্ট্রি প'র্টেল মুকলি হৈ থাকিব। সেই অনুসৰি বিদ্যালয়সমূহে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰতিগৰাকী পৰীক্ষাৰ্থীৰ আভ্যন্তৰীণ মূল্যায়নৰ নম্বৰ প'ৰ্টেলত অন্তর্ভুক্ত কৰিব লাগিব।
 
নির্দেশনাত উল্লেখ থকা অনুসৰি সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান, সমাজ বিজ্ঞান, ঐচ্ছিক গণিত আৰু ভূগোল বিষয়ৰ পৰীক্ষাৰ্থীৰ আভ্যন্তৰীণ মূল্যায়নৰ নম্বৰ বিদ্যালয়সমূহে প'ৰ্টেলত অন্তর্ভুক্ত কৰিব লাগিব। পৰিষদে নির্দেশনাযোগে স্পষ্ট কৰি দিয়ে যে এবাৰ দাখিলৰ পিচত আভ্যন্তৰীণ মূল্যায়নৰ নম্বৰ সলনি কৰিব পৰা নাযাব। একেদৰে অফলাইন ব্যৱস্থাৰে কোনো আভ্যন্তৰীণ মূল্যায়নৰ নম্বৰ গ্ৰহণ কৰা নহ'ব।