১৪ অক্টোবৰৰ পৰা বিদ্যালয়সমূহত সাপ্তাহিক মূল্যায়ন পৰীক্ষা অনুষ্ঠিত কৰা নিৰ্দেশনা জাৰি

Story by  atv | Posted by  Munni Begum • 5 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
সমগ্র শিক্ষা অসমে অহা ১৪ অক্টোবৰৰ পৰা বিদ্যালয়সমূহত সাপ্তাহিক মূল্যায়ন পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। একেদৰে অহা ২৫ নৱেম্বৰত বিদ্যালয়সমূহক মক টেষ্ট অনুষ্ঠিত কৰিবলৈও কোৱা হৈছে। 
 
নির্দেশনাত উল্লেখ কৰা অনুসৰি, প্ৰতিটো শ্ৰেণীৰ পাঁচগৰাকীকৈ শিক্ষাৰ্থীৰ মাজত এই সাপ্তাহিক মূল্যায়ন পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব। এইক্ষেত্ৰত প্ৰকাশ কৰা সময়সূচী অনুসৰি ১৪ অক্টোবৰত প্ৰথম, তৃতীয় শ্ৰেণীৰ ভাষা বিষয়ৰ ওপৰত মূল্যায়ন পৰীক্ষা অনুষ্ঠিত হ'ব। 
 
একেদৰে ১৫ অক্টোবৰত দ্বিতীয়, চতুর্থ শ্ৰেণীৰ বাবে গণিত, ১৬ অক্টোবৰত পঞ্চম, সপ্তম শ্ৰেণীৰ বাবে ভাষা, ১৮ অক্টোবৰত অষ্টম, দশম শ্ৰেণীৰ বাবে ভাষা/এম আই এল, ১৯ অক্টোবৰত প্ৰথম, তৃতীয়ৰ বাবে গণিত, ২১ অক্টোবৰত ষষ্ঠ, নৱম শ্ৰেণীৰ বাবে গণিত, ২২ অক্টোবৰত দ্বিতীয়, চতুৰ্থৰ বাবে ভাষা বিষয়ৰ ওপৰত মূল্যায়ন পৰীক্ষা অনুষ্ঠিত হ'ব। 
 
তদুপৰি, ২৩ অক্টোবৰত পঞ্চম, সপ্তম শ্ৰেণীৰ বাবে গণিত, ২৪ অক্টোবৰত অষ্টম, দশমৰ বাবে গণিত, ২৫ অক্টোবৰত প্রথম, তৃতীয়ৰ বাবে পৰিবেশ বিজ্ঞান, ২৮ অক্টোবৰত ষষ্ঠ, নৱমৰ বাবে বিজ্ঞান, সমাজ বিজ্ঞান, ২৯ অক্টোবৰত দ্বিতীয়, চতুৰ্থৰ বাবে পৰিবেশ বিজ্ঞান, ৩০ অক্টোবৰত পঞ্চম, সপ্তমৰ বাবে পৰিবেশ বিজ্ঞান/সমাজ বিজ্ঞান, ১ নৱেম্বৰত অষ্টম, দশমৰ বাবে সমাজ বিজ্ঞান, ২ নৱেম্বৰত ষষ্ঠ, নৱমৰ বাবে সমাজ বিজ্ঞান, ভাষা আৰু ৪ নৱেম্বৰত ষষ্ঠ আৰু নৱম শ্ৰেণীৰ বাবে বিজ্ঞান বিষয়ৰ ওপৰত মূল্যায়ন পৰীক্ষা অনুষ্ঠিত হ'ব।